পথত চিংৰা বেচি ১.৫ কোটি টকীয়া ব্যৱসায় স্থাপন কৰা এজন ব্যক্তি

পথত চিংৰা বেচি ১.৫ কোটি টকীয়া ব্যৱসায় স্থাপন কৰা এজন ব্যক্তি

Tuesday November 29, 2016,

2 min Read

ষষ্ঠ শ্ৰেণীতে স্কুল বাদ দিয়া জে হাজা ফুনয়ামিনে চেন্নাইৰ ৰাজপথত চিংৰা বিক্ৰী কৰি উপাৰ্জন আৰম্ভ কৰিছিল । আজি তেওঁ হাফা ফুডছ এণ্ড ফ্ৰজেন ফুডছৰ স্বত্ত্বাধিকাৰী আৰু এজন সফল ব্যৱসায়ী । তেওঁৰ সফলতাৰ আঁৰত ভাৰতীয় য়ুৱা শক্তি ট্ৰাষ্টৰ সহায়ৰ কথা তেওঁ সদায় স্বীকাৰ কৰে । 

Image: (L-R) The Hindu ; Vimeo

Image: (L-R) The Hindu ; Vimeo


প্ৰায় এক দশক আগতে মই পুডুপেটত মই চিংৰা আৰু অন্যান্য খাদ্য সামগ্ৰী বিক্ৰী কৰি পৰিয়াল চলাইছিলো । এইদৰে চিংৰা বিক্ৰী কৰি কৰি তেওঁ এজন খাদ্য ৰপ্তানিকাৰীৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ সুযোগ পাইছিল । কিন্তু ব্যৱসায়টো আৰম্ভ কৰিবলৈ তেওঁৰ হাতত ধন নাছিল ।

তেনেতে ঘটনাক্ৰমে তেওঁ ভাৰতীয় য়ুবা শক্তি ট্ৰাষ্টৰ সংস্পৰ্শলৈ আহে আৰু তেওঁলোকৰ পৰা ১ লাখ টকা ঋণ লাভ কৰে । এই ধনেৰে তেওঁ কামটো শেষ কৰাৰ পাছত এইবাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণ বিচাৰে । ৭.৫ লাখ টকাৰ ঋণেৰে তেওঁ ব্যৱসায় াৰম্ভ কৰে আৰু তিনি বছৰত ব্যৱসায়টো ৭৫ লাখ টকীয়া ব্যৱসায়ত পৰিণত হয় । 

বৰ্তমান তেওঁৰ প্ৰতিষ্ঠানে বিমান পৰিবহণ সংস্থা, থীম পাৰ্ক, শ্বপিং মল , ৰেষ্টোৰাঁ চেইন, শৈক্ষিক প্ৰতিষ্ঠান ইত্যাদিলৈ খাদ্য সামগ্ৰী যোগান ধৰে । "মই প্ৰথমে বাকীত বস্তু দি অলপ লোকচানৰ সন্মূখিন হৈছিলো যদিও এতিয়া মই শিক্ষা পাইছো নিজৰ এই ভুলৰ পৰা । মই এতিয়া কেৱল নগদ পইছা লৈহে বস্তু দিও । ইয়াৰ ফলত মোৰ কিছুমান গ্ৰাহক হেৰুৱাইছো যদিও মোৰ ব্যৱসায় উন্নত হৈছে ।" হাজাই কয় । 

মই লাভৰ কিছু অংশ ঘৰুৱা ব্যৱহাৰৰ বাবে থৈ দিও আৰু বাকীখিনি ব্যৱসায়ত পুনৰ বিনিয়োগৰ বাবে ৰাখোঁ । অতি সোনকালে ৰপ্তানিৰ ব্যৱসায়ো আৰম্ভ কৰাৰ লক্ষ্য আছে তেওঁৰ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে