উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

0

“কাৰ পৰশত ফুলিলি বান্ধৈ

অ' মোৰ সাদৰী ফুলাম পাহী

শ্যামলী পাতৰ ওৰণি গুচাই

কাৰ ফালে চাই মাৰিলি হাঁহি…

চন্দ্ৰকুমাৰ আগৱৰলাই কোৱাৰ দৰে ফুল এপাহে কাকো আকর্ষণ নকৰাকৈ নাথাকে৷ ইয়াৰ সুবাস আৰু সৌন্দর্যৰ বাবেই পৰাখিনিয়ে ঘৰৰ সন্মূখত এখন ফুলনি পাতি ফুলৰ আপডাল কৰি আনন্দ লয়৷ কিছুমানে ফুলনি পতাৰ মানসিক শান্তিকনতে সন্তুষ্ট থকাৰ বিপৰীতে আন কিছুমানে আকৌ আজিকালি ইয়াক পেছা হিচাপেও গ্ৰহণ কৰিছে৷ বিয়া, জন্মদিনৰ অনুষ্ঠান, পূজা-সৱাহ আদিৰ বাবে প্ৰয়োজনীয় ফুলৰ যোগান থলুৱা ভাৱেই উৎপাদন হোৱাৰ বিপৰীতে মোৰ দৰে কিছুমানে ৰংবিৰঙৰ বিচিত্ৰ ফুলক সাৰথি কৰি ‘পুষ্পসজ্জা’ৰ দৰে কিছু ব্যতিক্ৰমি ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে৷” নিজৰ ব্যৱসায়ৰ কথা উদ্যোগী যুৱতী তথা গুৱাহাটীৰ জীয়াৰী ‘নাচিমা বেগম লহকৰে’ আমাক এইদৰে ক’লে৷

এই ব্যৱসায়টো বাছি লোৱাৰ কাৰণ কি?

আমাৰ প্ৰশ্নৰ উত্তৰত নাচিমাই ক’লে, সেয়া বহুবছৰ আগৰ কথা৷ মই ২০০৩ চন মানত এতিয়াৰ অধুনালুপ্ত, উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো চেটেলাইট চেনেল ‘এন.ই.টি.ভি.’ ত অনুষ্ঠান প্ৰযোজনাৰ দ্বায়িত্বত যোগদান কৰিছিলো৷ টেলিভিশ্ব্যনৰ সৈতে জড়িত হৈ থাকোতে বিভিন্ন প্ৰয়োজনত আমি সকলোবোৰ সহকর্মীয়ে অনুষ্ঠান এটাৰ প্ৰযোজনাৰ উপৰিও আন বিভিন্ন কাম কৰিব লগা হৈছিল৷ তেনেবোৰ সময়তে মই মঞ্চসজ্জাৰ কামটোকে বাছি লৈ ৰং-বিৰঙৰ বেলুন, ফুল আৰু অন্যান্য সামগ্ৰীৰে মঞ্চ এখন যিমান পাৰি নিজৰ সামর্থ অনুসৰি আটকধুনীয়া কৰিবলৈ চেষ্টা কৰিছিলো৷ লাহে লাহে সেই কামটো মোৰ ভাললগা হৈ আহিছিল আৰু মই ঈদ, দেৱালী আদি উৎসৱে-পার্বনে আমাৰ ঘৰখনো বেলুন, ফুল ইত্যাদিৰে সজাই তুলিছিলো৷ ঘৰখন ৰঙীন হৈ উঠা সেই মূহুর্তবোৰ দেখি মোৰ স্বামী দীগজ্যোতি লহকৰেও প্ৰশংসাৰে মোক যথেষ্ট উৎসাহিত কৰিছিল৷ সেইদৰেই গৃহসজ্জাৰ সেই কামটোত মোৰ আত্মবিশ্বাস বাঢ়ি আহিবলৈ ধৰিলে৷

সেইদৰে প্ৰায় সাত-আঠবছৰ চাকৰি কৰাৰ পিছত এদিন সন্তান সম্ভৱা হোৱাৰ শুভ মূহুর্তটোৰ কথা নিজে জনাৰ লগে লগেই মই চাকৰিৰ পৰা অব্যাহতি ল’লো৷ কিন্তু ইমানবছৰে চাকৰি কৰাৰ পিছত একো নকৰাকৈ ঘৰতে শুই-বহি থকাটো মোৰ অসম্ভৱ যেন লাগিবলৈ ধৰাৰ সময়তে মই গুৰুত্বসহকাৰে ‘গৃহসজ্জা’ আৰু ‘পুষ্পসজ্জা’ৰ বিষয়ে য’তে যি পালো সেয়া চাবলৈ ল’লো৷ আৰু মোৰ ছোৱালীজনীৰ জন্মৰ পিছত যেতিয়া নিজাকৈ কিবা এটা কৰাৰ তাগিদা অনুভৱ কৰিলো তেতিয়া আন একোৰে চিন্তা নকৰাকৈ মই এই ‘গৃহসজ্জা’ আৰু ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনতে ব্যৱসায় কৰাৰ সিদ্ধান্ত ল’লো৷

তোমাৰ ব্যৱসায়টো আনতকৈ কিহত পৃথক?

‘মই এনেকুৱা এটা ব্যৱসায়ৰ সন্ধান কৰিছিলো যিটো নিয়াৰিকৈ কৰাৰ পিছতো মোৰ ছোৱালীজনীক, মোৰ স্বামীক আৰু মোৰ ঘৰখনক পর্যাপ্ত সময় দিব পাৰো৷ সেয়ে বহুত ভাবি চিন্তি মই এই ব্যৱসায়টোকে কৰাৰ কথা ভাবিছিলো৷

নাচিমাই লগতে ক’লে ‘পুষ্পসজ্জা’ৰ দৰে এটা ব্যতিক্ৰমি ব্যৱসায়ৰ লগত নিজকে জড়িত কৰাৰ সিদ্ধান্তটো লোৱাৰ লগে লগে মই আনতকৈ কিছু পৃথক ধৰণেৰে কামটোত আগবাঢ়িব বিছাৰিছিলো৷ এইক্ষেত্ৰত মোক স্বামী দীগজ্যোতি লহকৰেও যথেষ্ট সহায় কৰিছিল৷ তেৱেই বহুত কিতাপ-পত্ৰ আৰু ইণ্টাৰনেট চাই মোক এই বিষয়ত এটা পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ থাইলেণ্ডলৈ যোৱাৰ পৰামর্শ দিলে৷ সেইমতেই ময়ো বেংককৰ ‘ইউনিভার্চেল ফ্লাৱাৰ ডেক’ৰেশ্ব্যন স্কুল’ত ‘পু্ষ্পসজ্জা’ৰ তিনিমহীয়া এটা পাঠ্যক্ৰমত ভর্তি হ’লোগৈ৷ সেই তিনিমাহত মই বহুত নতুন কথা শিকিলো৷ আছলতে ক’বলৈ গ’লে ‘পু্ষ্পসজ্জা’ সম্পর্কে থকা মোৰ আগৰ সকলোবোৰ ধাৰণাই তাত নতুনকৈ গঢ় ল’লে৷ উদাহৰণস্বৰুপে, তেতিয়ালৈকে মই অসমত একোটা বুকে (ফুলৰ থোপা) খুৱ বেছি দুদিন সতেজ হৈ থকা দেখিছিলো আৰু তাত মই কেনেকৈ এটা বুকে (ফুলৰ থোপা) ১৫ ৰ পৰা ২০ দিনলৈ ভালে ৰাখিব পাৰি সেইটো শিকিলো৷

সেই পাঠ্যক্ৰমটো সামৰি মানসিকভাৱে সম্পূর্ণ বেলেগ এজনী মানুহ হৈ মই অসমলৈ ঘূৰি আহিছিলো৷ সেই মইজনী আছিলো আগতকৈ শতগুণে আত্মবিশ্বাসী আৰু দৃঢ়প্ৰতিজ্ঞ৷ অসমলৈ আহিয়েই মই ‘ভেলি অৱ ফ্লাৱাৰছ’ নাম দি এটা প্ৰতিষ্ঠান গঢ় দিলো৷ সেয়া ২০১১ চনৰ কথা৷ মই তেতিয়া গুৱাহাটীত প্ৰচলন নথকা নতুন এটা ধাৰণাৰে ব্যৱসায়টোক আগবঢ়াই নিব খুজি প্ৰথমেই চহৰখনৰ আটাইকেইখন প্ৰতিষ্ঠিত হোটেল, বেঙ্ক, বিভিন্ন নামী-দামি ব্যক্তিগত প্ৰতিষ্ঠানৰ ‘লবি’, ‘ৰিচিপশ্ব্যন’ আদি ঠাইসমূহত ‘পুষ্পসজ্জা’ৰ প্ৰস্তাৱৰ সৈতে একোটা নক্সা আৰু মোৰ কামৰ নমুনা লৈ প্ৰয়োজনীয় মানুহবোৰক লগ ধৰিছিলোগৈ৷ মোৰ নক্সা আৰু কামৰ নমুনা দেখি সেই মানুহবোৰে মোক অগ্ৰাহ্য নকৰে বুলি মোৰ দৃঢ় বিশ্বাস আছিল আৰু কার্যক্ষেত্ৰত সেইটোৱেই হ’লগৈ৷ মই ওচৰ চপা ৯০ শতাংশ প্ৰতিষ্ঠানেই মোক ইতিবাচক সঁহাৰি দিছিল৷ আৰু আৰম্ভণিতে পোৱা সেই উৎসাহক সাৰথি কৰিয়েই মই বিগত পাঁচ বছৰে এই ব্যৱসায়টোক আগবঢ়াই আনি আজি নিজেই গৌৰৱ কৰিব পৰাকৈ এটা সন্মানজনক অৱস্থানত উপনীত হ’ব পাৰিছো৷ সন্মানজনক বুলি মই এইকাৰণেই কৈছো যে বিভিন্ন কাৰণত পূর্বে মোৰ পৰা আঁতৰি যোৱা প্ৰতিষ্ঠান কিছুমানে শেহতীয়াকৈ পুনৰ মোক যোগাযোগ কৰি তেওঁলোকৰ প্ৰতিষ্ঠানসমূহত কাম কৰিবলৈ আমন্ত্ৰণ কৰিছে৷ বোধহয় তেওঁলোকে আন আন প্ৰতিষ্ঠানত মোৰ কামবোৰ দেখিয়েই এনে কৰিবলৈ বাধ্য হৈছে৷ সি যি কি নহওক, এনে ঘটনাবোৰে কিন্তু মোক যথেষ্ঠ অনুপ্ৰেৰণা দিয়ে আৰু মই বিশ্বাস কৰো যে ব্যৱসায় এটাত গ্ৰাহকে প্ৰত্যাৱর্তন কৰাটোৱে ব্যৱসায়টোৰ সফলতাকে প্ৰতিফলিত কৰে৷

সংসাৰ, ব্যৱসায় – এই সকলোতে ইমান ব্যতিক্ৰম কিয়?

‘কিয় নাজানো, কিন্তু ব্যতিক্ৰম মোৰ ভাল লাগে৷ ‘এন.ই.টি.ভি.’ ত চাকৰি কৰি থকা কালতে মই আৰু দিগজ্যোতিয়ে ক’ব নোৱাৰাকৈয়ে ইজনে-সিজনক ভালপাই পেলাইছিলো৷ আমাৰ সেই ভালপোৱা ব্যতিক্ৰম আছিল৷ ধর্মৰ বাধাৰ পিছতো আমি বিয়া হৈছিলো আৰু আজি চাৰিবছৰীয়া ছোৱালীজনীৰ সৈতে আমি সুখৰ এখন সংসাৰ অতিবাহিত কৰিব পাৰিছো’, নাচিমাই আমাৰ প্ৰশ্নৰ উত্তৰ এইদৰে দিছিল৷ উল্লেখযোগ্য যে নাচিমাৰ স্বামী দিগজ্যোতি লহকৰ অসমৰ এগৰাকী জেষ্ঠ্য সাংবাদিক৷

আনহাতে নাচিমাই নিজৰ ব্যৱসায়ৰ প্ৰসঙ্গত ক’লে, ‘মই এতিয়া হোটেল আৰু আন প্ৰতিষ্ঠানসমূহৰ ‘লবী’ বা ‘ৰিচেপশ্ব্যন’ৰ উপৰিও অৱস্থাপন্ন মানুহৰ ঘৰবোৰ কৃত্ৰিম অথবা নকল ফুলেৰে সজোৱাৰ কামটো কৰিবলৈ লৈছো৷ এই সকলোবোৰ কাম কৰিবলৈ যাওঁতে মই সদায়ে গ্ৰাহকৰ বাজেট অনুযায়ী মোৰ কামটোৰে তেখেতসকলক সন্তুষ্টি দিবৰ বাবে আপ্ৰাণ চেষ্টা কৰোঁ৷

ভবিষৎ পৰিকল্পনা কি?

এই প্ৰসঙ্গত নাচিমা বেগম লহকৰে অত্যন্ত দূখেৰে ক’লে যে অসমত উৎপাদিত ফুল তেওঁ কৰা কামৰ বাবে একেবাৰেই উপযোগী নহয়৷ বৰঞ্চ অসমৰ দাঁতি কাষৰীয়া মেঘালয়, নগালেণ্ড আৰু মিজোৰামৰ দৰে ৰাজ্যৰ ফুল আকৌ বৰ উন্নতমানৰ হয়৷ এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি নাচিমাই থলুৱাভাবে ফুল উৎপাদন কৰা খেতিয়ক সকলক যুগৰ সৈতে খাপ খুৱাই ফুল উৎপাদনৰ বিভিন্ন দিহা পৰামর্শ দিয়াৰ বাবে পদক্ষেপ গ্ৰহন কৰিব বুলি আমাক জনালে৷

নাচিমাৰ মতে, অসমৰ খেতিয়ক সকলে এই বিষয়টোত সচেতন হ’লে বর্তমানে তেওঁ কলিকতা, বাঙ্গালুৰু আৰু আনকি বেংককৰ দৰে ঠাইৰ পৰা ফুলৰ আমদানি কৰাৰ সলনি থলুৱাভাৱে উৎপাদিত ফুলেই ব্যৱহাৰ কৰিব পাৰিব আৰু সেইদিনাই নাচিমাই আগেয়ে কেতিয়াও নোপোৱা এক আনন্দৰ অংশীদাৰ হ’ব বুলি আমাক কয়৷

আমি য়’ৰ ষ্ট’ৰী পৰিয়ালে নাচিমাৰ ব্যৱসায়ৰ লগতে জীৱনটোও ফুলৰ দৰে ৰঙীন হোৱাৰ কামনা কৰিলো৷

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

মানসিক শক্তিয়েই মূলধন ৱাচিমৰ

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক


A student of Cinema...

Related Stories