মানসিক শক্তিয়েই মূলধন ৱাচিমৰ

মানসিক শক্তিয়েই মূলধন ৱাচিমৰ

Wednesday February 24, 2016,

3 min Read

মানুহৰ মনৰ সমান বেগী বস্তু পৃথিৱীত একোৱেই নাই। মনৰ ইচ্ছা সবল হলে সকলো অসম্ভব যেন লগা বস্তু সম্ভব কৰি তুলিব পাৰি । তাৰ বাবে লাগে প্ৰচণ্ড মানসিক শক্তি। মানসিক শক্তি সঠিক ভাবে যাতে প্ৰয়োগ কৰা হয় তাৰ বাবে সঠিক নিদৰ্শনৰ পথ মুকলি কৰি সমাজত সেৱা আগবঢাইছ ৱাচিমে খণ্ডকাৰে । গুৱাহাটীৰ হাতীগাওঁ চাৰিআলিৰ বাসিন্দা ৱাচিম। পেচাত এজন মানসিক চিকিৎসক, জীৱনৰ দুঃসময়ত ঘটা ঘটনা প্ৰৱাহেই ৱাচিমক “Mind Power Development” কৰা নিচিনা পেছাত জড়িত কৰি তুলিলে । সেয়েহে কোৱা হয় “ মন কৰিলেই চন ” । 

image


যোৱা আঠবছৰ ধৰি মানসিক শক্তিক কেনেকৈ কামত লগাব পাৰি সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াই অহা ৱাচিমৰ বাবে ই কেৱল এক পেছা নহয় । একো একোজন লোকক মানসিকভাৱে সবল কৰি তোলাটো তেওঁৰবাবে এক সেৱা ।

'স্কুলত পঢ়ি থকা সময়তে মই খুবেই লাজুকীয়া স্বভাৱৰ আছিলো । মানুহৰ আগত কথা ক’বলৈকে লাজ কৰিছিলো । আত্মবিশ্বাসৰ অভাব আছিল । এক প্ৰকাৰে কবলৈ গলে হীনমান্যতাত ভুগিছিলো । কিন্তু লাহে কৈ নিজৰ মাজত ইমান দুবিধাতো অদম্য শক্তি বিচাৰি পাইছিলো আৰু আত্মোপলব্ধি কৰি বিচাৰি পাইছিলো এটা মূলমন্ত্ৰ । সেইটো হ’ল - সমস্যা থকাটো সমস্যা নহয়, সমস্যাটোৰ বিষয়ে একো নকৰাটোহে সমস্যা । সেই মূলমন্ত্ৰকে সৰোগত কৰি জীৱনটো আগুৱাই লৈ যাবলৈ আৰম্ভ কৰিলো আৰু সেই মতেই কাম । গোপাল বড়ো স্কুলৰ পৰা উৰ্ত্তীণ হৈ, আৰ্যবিদ্যাপীঠ কলেজৰ পৰা গ্ৰেজুৱেট হওঁ আৰু ইয়াৰ পিছত কৰ্ণাটক বিশ্ববিদ্যলয়ৰ পৰা ২ বছৰ চাইক’লজী বিষয়ত অধ্যয়ন কৰোঁ । ইয়াৰ পিছত ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যৰপৰা Brain Programme, Stress Management, Neuro Linguistic Programme ইত্যাদি বিষয়ত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰোঁ । এই ক্ষেত্ৰত ডেল কাৰ্নেগী প্ৰতিষ্ঠানৰ অধীনত গ্ৰহণ কৰা প্ৰশিক্ষণ বিশেষ ভাবে উল্লেখযোগ্য ।'
image


সৰ্বমুঠ ১০ টা বিষয়ত প্ৰশিক্ষণ অথবা পৰামৰ্শ আগবঢ়ায় ৱাচিমে- এইবোৰৰ অন্যতম হ’ল হতাশা, অনিদ্ৰা, খং, দুচিন্তা, ভয়, বেয়া স্মৃতিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব পাৰি, বদ অভ্যাসৰ পৰা মুক্তি আৰু কেৰিয়াৰ আদি । উল্লেখযোগ্য যে Neuro Psychological Method ব্যবহাৰ কৰি ৱাচিমে সেৱা আগবঢ়ায় । ৱাচিমে দাবী কৰে যে তেওঁৱেই প্ৰক্ৰিয়াটো ব্যবহাৰ কৰা উত্তৰ পুবৰ প্ৰথমজন ব্যক্তি আৰু এই প্ৰক্ৰিয়াটো গ্ৰহণ কৰা ৰোগীয়ে অতি সোনকালে আৰোগ্য লাভ কৰে । ৱাচিমে বৰ্ত্তমানলৈকে প্ৰায় ৩০,০০০ সমস্যাৰে জৰ্জৰিত মানুহক সঠিক পথৰ নিৰ্দশন দেখুৱাইছে । খুলি দিছে মনৰ শক্তিৰ দুৱাৰ। 

image



সামাজিকভাবে চিকিৎসা বৃত্তিৰ লগত জড়িত হোৱাৰ পূৰ্বে বিভিন্ন স্কুলত বাট কুৰি বাই খোজ কাঢি Mind Power বিষয়ে অৱগত কৰিবলৈ, অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ, প্ৰচেষ্টা চলাইছিল । এই প্ৰচেষ্টা বহু ক্ষেত্ৰত অসফল হৈছিল যদিও কিছু সংখ্যাক স্কুলত Mind Power সম্পৰ্কীয় অনুষ্ঠান সফলতাৰে সমাপ্ত কৰিছিল । দিন যোৱাৰ লগে লগে ৱাচিমে এন. জি. অ মাল্টিনেচনেল কোম্পানী আৰু কলেজত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ধৰিলে আৰু পোন প্ৰথমবাৰৰ কলেজত অনুষ্ঠিত কৰা Mind Power ৰৰ অনুষ্ঠানৰ ভিতৰত শ্বিলং ইঞ্জিনিয়াৰিং মেনেজমেণ্টৰ অনুষ্ঠানৰ কথা ক’ব পাৰি । উল্লেখ্য যে ফিজিঅথেৰাপি , ব্ৰেইন থেৰাপি , ৰাইট ব্ৰেইন Exercise আদিও ৱচিমে কৰায় । ভবিষ্যতে ৱাচিমে সুস্থভাবে জীৱন যাপন কি দৰে কৰিব পৰি তথা মানসিক শান্তি সম্পৰ্কে কৰ্মশালা, অভিভাৱকৰ সজাগতাৰ সপৰ্কে কৰ্মশালা, স্ব-অধিকাৰ আৰু আইন সম্পৰ্কে কৰ্মশালা অনুষ্ঠিত কৰি সমূহ জনসাধাৰণক সেৱা আগবঢ়োৱাৰ ইচ্ছাৰ কথা জনালে । তেওঁ বিশ্বাস কৰে যে প্ৰতেক মানুহেই নিজৰ জন্মগত অধিকাৰ উপভোগ কৰা উচিত । ৱাচিমৰ যাত্ৰা সফল হওক, শুভকামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী

জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা