অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

Saturday February 20, 2016,

5 min Read


এটা বয়সলৈকে গতানুগতিক জীৱন যাপন কৰিছিল ৰঞ্জিমা দাসে। সন্দিকৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ ব্যক্তিগত খণ্ডত কৰ্মজীৱন আৰম্ভ কৰিছিল।'মই এটা বয়সলৈকে যথেষ্ট ক্ষীণ আছিলো, ৩২ বছৰ বয়সত মোৰ হাইপ'থাইৰডিজমৰ সমস্যা হৈছিল। থাইৰডৰ সমস্যা হোৱাৰ বাবে মোৰ কিছু ওজন বাঢ়িছিল। সেয়ে মই জিম জইন কৰিলো। কিয়নো ফিট হৈ থকাতো মোৰ বাবে জৰুৰী আছিল। থাইৰডৰ সমস্যাৰ বাবে মই বেছি সময় ব্যায়াম কৰিব লগা হৈছিল। প্ৰথমে ঘৰৰ কাষৰে দুটামান জিমত ব্যায়াম শিকাৰ পিছত 'চিটি জিম'ত জইন কৰিলো। মোৰ অফিচৰ কাষত হোৱা বাবে ৰেগুলাৰিটি মেইনটেইন কৰিবলৈ সুবিধা হৈছিল। আনহাতে প্ৰশিক্ষক মনোজ তালুকদাৰক পাই মই বেছি উপকৃত হলো। আগৰ প্ৰশিক্ষক সকলতকৈ তেওঁৰ প্ৰশিক্ষণ কিছু বেলেগ আছিল যাৰ দ্বাৰা মই বেছি উপকৃত হলো।' য়'ৰ ষ্ট'ৰীৰ আগত এইদৰেই মন্তব্য কৰিলে শেহতীয়াকৈ NABBA WFF Senior Women Fitnessত স্বৰ্ণপদক লাভ কৰা অসমৰ ৰঞ্জিমা দাসে।

সম্প্ৰতি মানুহৰ জীৱন প্ৰণালী,খাদ্যভাস আদিৰ বাবে বয়সৰ তুলনাত ওজন বৃদ্ধি,অবেছিটি, অৱসাদ আদি সমস্যা সমূহ বৃদ্ধি হৈছে।কিন্তু এই সমস্যা সমূহৰ লগতে মানুহৰ স্বাস্থ্য সচেতনতা কিছু পৰিমানে বাঢ়িছে। বিভিন্ন ব্যায়াম,যোগ প্ৰশিক্ষণ আদিৰ প্ৰতি মানুহৰ সজাগতা আহিছে। সম্প্ৰতি জনপ্ৰিয় হৈ পৰা এটা শব্দ হৈছে 'ফিটনেছ'। বয়সৰ লগত ফিট হৈ থাকিব পৰাটো একপ্ৰকাৰৰ প্ৰত্যহ্বান। ফিটনেছৰ বাবে বিভিন্ন জিম, প্ৰশিক্ষণ শিবিৰ আদিৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰে ফিটনেছৰ প্ৰতি মানুহক উৎসাহিত কৰিবলৈ চেষ্টা কৰা হৈছে। কিছু বছৰৰ আগলৈকে এনে প্ৰতিযোগিতা সমূহ পুৰুষ সকলৰ মাজতে সীমাবদ্ধ আছিল। শেহতীয়াকৈ মহিলাৰ মাজতো এনে কিছুমান প্ৰতিযোগিতা আয়োজন কৰা দেখা গৈছে। এনে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিটনেছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা গুৱাহাটীৰ ৰঞ্জিমা দাসে কিন্তু প্ৰতিযোগিতাত যোগদান কৰাৰ লক্ষ্য আগত ৰাখি শৰীৰ চৰ্চা আৰম্ভ কৰা নাছিল ।

শাৰীৰিক সমস্যা সমাধানৰ পৰা ফিটনেছ কন্টেষ্টলৈ

image


'ফিটনেছ কন্টেষ্ট সম্পৰ্কে আগতে মোৰ কোনো ধাৰণা নাছিল। কিন্তু মোৰ প্ৰশিক্ষক মনোজ তালুকদাৰে মোক এই দিশত উৎসাহিত কৰিছিল। তেওঁৰ পৰা মই এনে কন্টেষ্টৰ বিষয়ে জানিব পাৰিছিলো। National Amateur Body Builders' Association(NABBA) ৰ হৈ মই প্ৰথমে কামৰূপ ডিষ্ট্ৰিক খেলিছিলো। তাৰপাছত ৰাজ্যিক ভিত্তিত উত্তীৰ্ণ হোৱাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পালো। ২০১৪ চনৰ ডিচেম্বৰ মাহত হাৰিয়ানাত আয়োজিত Body Building and Fitness Competition ত ৰূপৰ পদক লাভ কৰাৰ পাছত ২০১৬ ত হিমাচল প্ৰদেশত হোৱা প্ৰতিযোগিতাত Senior Women Fitness শাখাত স্বৰ্ণপদক লাভ কৰিলো।'

image


উল্লেখযোগ্য যে দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ আদিৰ পোন্ধৰ গৰাকী প্ৰতিযোগীৰ ভিতৰত ৰঞ্জিমা দাসে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এই প্ৰতিযোগিতাৰ বাবে কোনবোৰ দিশত গুৰুত্ব দিয়া হয়। এই প্ৰশ্নৰ উত্তৰত ৰঞ্জিমা দাসে কৈছিল-'প্ৰথম গুৰুত্ব ফিজিক আৰু হাইটত দিয়ে। ফিটনেছ মডেল এগৰাকীৰ যি থাকিব লাগে। বডি ফ্লেক্সিবিলিটি থাকিব লাগিব।নেচাৰেল শ্বেপ, লেগ, আৰ্ম টন, ফ্লেক্সিবিলিটি আদি দিশবোৰ গুৰুত্বপূৰ্ণ।'

ফিটনেছ মানে কেৱল শাৰীৰিক স্বাস্থ্য নহয়

image


'ফিটনেছ সম্পৰ্কে আমাৰ বহুতৰে সঠিক ধাৰণা নাই। বহুতে কেৱল ওজন হ্ৰাস কৰাটোকে ফিটনেছ বুলি ভাবে। কিন্তু আচলতে Fitness is healthy mind and healthy body. শৰীৰ সুস্থ থাকিলে মনো ভাল হৈ থাকে। এটা সুন্দৰ জীৱনৰ বাবে ফিট হৈ থকাটো জৰুৰী বুলি মই ভাবোঁ। আনহাতে নিজকে ফিট ৰাখিবলৈ জিমলৈ যাব লাগিব বুলি কোনো কথা নাই। ঘৰতে কিছু সময় উলিয়াই ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিব পাৰি। খোজ কঢ়াটোও এটা ভাল ব্যায়াম। দৈনিক পোন্ধৰ মিনিট বা আধা ঘন্টা খোজ কাঢ়িলেও যথেষ্ট। আমাৰ দৈনন্দিন জীৱনত কিছুমান অভ্যাসৰ দ্বাৰাও স্বাস্থ্য ৰক্ষা কৰি চলিব পাৰোঁ। কৰ্মৰত মহিলা সকলে অফিচৰ পৰা ঘৰলৈ খোজ কাঢ়ি যোৱাৰ অভ্যাস কৰিব পাৰে। লিফট ব্যৱহাৰৰ সলনি চিৰি ব্যৱহাৰ আৰু প্ৰচুৰ পৰিমানে পানী খোৱা আদি অভ্যাস কৰাটো জৰুৰী।'

image


'ফিটনেছৰ বাবে ডায়েট কন্ট্ৰল কৰিব লাগিব বুলি ধৰা বন্ধা নিয়ম নাই। যি মন যায় খাব লাগে। কিন্তু এটা পৰিমানত খাব লাগে। আচল কথা হল ফিট হৈ থাকিবলৈ নিজৰ ইচ্ছা থাকিব লাগিব। তেতিয়া কৰ্মব্যস্ততাৰ মাজতো সময় উলিয়াব পাৰি।'

ফিটনেছ কন্টেষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ত জয়ী হোৱা ৰঞ্জিমা দাসৰ দৈনন্দিন ৰুটিন আৰু খাদ্য তালিকাৰ বিষয়ে প্ৰশ্ন কৰোতে কৈছিল-'ডাইছেষ্টিভ বিস্কুট,আলমণ্ড, গ্ৰীন টী বা মিল্ক শ্বেক আদিৰে পাতলীয়া ব্ৰেকফাষ্ট কৰোঁ। টিফিনত ৰুটি ভাজি লৈ যাওঁ। চাৰিটা মান বজাত ফল-মূল খাওঁ। গধূলি একাপ গ্ৰীন টি খাওঁ। ৰাতি ভাত নাখাওঁ। ৰুটিৰ লগত মাছ, মূৰ্গী মাংস, দাইল আদি খাওঁ।ফাষ্ট ফুড কন্ট্ৰলত খাওঁ। জিম কৰাৰ বাবে গোটেই দিনটোত জুছ আৰু পানী যথেষ্ট খাব লাগে।'

'অফিচ ছুটি হোৱাৰ পিছতহে জিমলৈ যাওঁ। সেয়ে নিৰ্দিষ্ট সময় বুলি নাই। কেতিয়াবা অফিচত দেৰি হয়। কিন্তু মই জিমলৈ সদায় যাওঁ। গোটেই দিনটো কাম কৰি ভাগৰ লাগে যদিও জিম কৰি অহাৰ পিছত পুনৰ এক্টিভ হৈ পৰোঁ। দিনটোৰ কামৰ ষ্ট্ৰেছ, ভাগৰ নোহোৱা হৈ যায়। সেয়ে কেতিয়াবা এলাহ লাগিলেও জিমলৈ নোযোৱাকৈ নাথাকো।'

প্ৰশিক্ষক মনোজ তালুকদাৰ

পূৰ্বে দুটামান জিমত মই জইন কৰিছিলো। কিন্তু সেই প্ৰশিক্ষক সকলতকৈ মনোজ তালুকদাৰক মই ব্যতিক্ৰম পাইছিলো। তেওঁ মোৰ প্ৰশিক্ষকেই নহয়, মোৰ গুৰু। সকলোকে তেওঁ সমান গুৰুত্ব দিয়ে। ফিটনেছ কন্টেষ্টত অংশগ্ৰহণ কৰিবলৈ তেওঁ মোক উৎসাহিত কৰিছিল। তেওঁৰ সাহসতে মই যোগদান কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছিলো।

সুস্বাস্থ্যৰ লগতে এটা সুন্দৰ ব্যক্তিত্ব

সুস্বাস্থ্যৰ লগতে এটা সুন্দৰ ব্যক্তিত্ব অতি প্ৰয়োজনীয়। মই ভাবোঁ সুন্দৰ ব্যক্তিত্বৰ বাবে আত্মবিশ্বাস থাকিব লাগে। আৰু এই আত্মবিশ্বাস তেতিয়াই আহে যেতিয়া এজন মানুহ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকে।

ৰঞ্জিমা দাসে অনুভৱ কৰে যে শৰীৰ চৰ্চা কৰিবলৈ অসমত জিমৰ অভাৱ নাই। কিন্তু মহিলা প্ৰশিক্ষকৰ অভাৱ। বহু মহিলাই এই কাৰণতে জিমলৈ নোযোৱাকৈ থাকে। ভৱিষ্যতে এই ক্ষেত্ৰখনতে পাঠ্যক্ৰম কৰি এগৰাকী প্ৰশিক্ষক হোৱাৰ তেওঁৰ ইচ্ছা আছে।আনহাতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ইচ্ছা তেওঁৰ আছে।'মই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায় উন্নীত হ'লো, গতিকে এতিয়া আন্ত:ৰাষ্ট্ৰীয় পৰ্যায় খেলিবলৈ মই যোগ্য। কিন্তু তাৰ আগত আৰু অলপ নিজকে প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে।'

image


শৰীৰ চৰ্চাৰ উপৰি ভ্ৰমণ কৰি ভাল পোৱা ৰঞ্জিমা দাসে শেষত কয় যে কিবা এটা কাম আৰম্ভ কৰিবলৈ বয়সৰ কোনো কথা নাই। যেতিয়াই ইচ্ছা,তেতিয়াই কৰিব পাৰে। যদি নিজৰ সপোন আছে আগবাঢ়ি যাব লাগে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

গৃহিণীৰ পৰা মাষ্টাৰ চেফলৈ: কিটচেন কুইন জুমি আহমেদৰ সুস্বাদু যাত্ৰা

কোটিপতি ক্লাবত ফুটপাথৰ 'ৰাজা'

গ্ৰেণেড বিস্ফোৰণত অংগক্ষত হৈয়ো আজি প্ৰেৰণাৰ অন্য নাম মালবিকা আয়াৰ