ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

Tuesday February 16, 2016,

8 min Read

মৃত্যুৰে মুখামুখি

নিজৰ উদ্যমিতা বাস্তবায়িত কৰাৰ পূৰ্বে বাবৰে নিজেই এজন ভেড়া পালক ৰূপে সেই সমাজখনৰ সকলো প্ৰতিকূলতাক ওচৰৰ পৰা অনুভৱ কৰিবলৈ আগবাঢ়ি আহিছিল। আৰু এই প্ৰয়াসৰ মাজতে তেওঁৰ জীৱনলৈও যথেষ্ট ভাবুকিও আহি পৰিছিল। বাবৰে ক’লে, ‘মোলৈ খবৰ আহিছিল যে লেহৰ সমীপৱৰ্তী এলেকাত পশ্চমিনা ভেড়াৰ ওপৰত এজাক কুকুৰনেচীয়াই আক্ৰমণ কৰিছে। তেতিয়া বিয়লি চাৰি নে পাঁচ বাজিছিল আৰু মই ঘটনাস্থলীৰপৰা প্ৰায় ৬০-৭০ কিলোমিটাৰ আঁতৰত আছিলো। গম পাইছিলো ঘটনাস্থলী পাবলৈ ইয়াৰ পিছতো প্ৰায় ১.৫ কিলোমিটাৰ খোজকাঢ়িব লাগিব। সন্ধিয়া গভীৰ হৈ আহিছিল আৰু ময়ো নিজৰ পদযাত্ৰা আৰম্ভ কৰিছিলো। কুকুৰনেচীয়াৰ সন্মুখীন হ’ব পৰাকৈ মোৰ হাতত আছিল কেৱল এখন ছুইছ নাইফ। কিন্তু তেনে পৰিস্থিতিত মোৰ পছন্দৰ অস্ত্ৰ কেৱল মোৰ জীৱনৰ ডাঙৰ ভুলেই নাছিল বৰঞ্চ ১৪ কিলোমিটাৰ উচ্চতাত দৌৰিবলগীয়াতো পৰিছিলো। অতি শীঘ্ৰে মোৰ উশাহ চুটি হৈ আহিল আৰু অচেতন হৈ পৰিলো।’


image


বাবৰৰ ভাগ্য ভাল আছিল যে সেই ফালেদি গৈ থকা এজাক ভেৰাৰখীয়াৰ চকু তেওঁৰ ওপৰত পৰিল আৰু তেওঁলোকে তেওঁৰ প্ৰাণৰক্ষা কৰিলে। যদিও ভেৰাজাক তেওঁৰ পৰা পৃথক হৈ পৰিল কিন্তু সেইদিনা ভেড়াৰখীয়াৰ দলটোৱে বাবৰক এক নিশ্চিত মৃত্যুৰপৰা ৰক্ষা কৰিলে। পাছদিনা যেতিয়া দিল্লীৰ এক চিকিৎসালয়ত তেওঁ চকু মেলিলে তেতিয়া সংকল্প আৰু অধিক দৃঢ় হৈ পৰিল পশ্চমিনা ভেড়াৰখীয়াসকলৰ জীৱিকা আৰু জীৱন পদ্ধতি উন্নত কৰাৰ বাবে।


image


মানুহে জনা সবাতোকৈ ভাল ফেব্ৰিক

নিজৰ ষ্টাৰ্টআপ, কাশ্মীৰইংক(KashmirInk)ৰ আৰম্ভণি সম্পৰ্কে আফজল বাবৰে কয়, ‘ই এনে এক সম্প্ৰদায়ৰ যাত্ৰা, যি যুগ যুগ ধৰি পশ্চমিনা ভেড়াৰ ৰক্ষা কৰি আহিছে। এনে এক বস্ত্ৰ সমগ্ৰ বিশ্বজুৰি যাৰ এক মান আছে আৰু যাক বিলাসৰ প্ৰতীকৰূপে গণ্য কৰা হয়। এনে এক স্থান য’ত জলবায়ুৰ পৰিৱৰ্তনৰ গভীৰ প্ৰভাৱ পৰিলক্ষিত হয়। যি এক সন্ত্ৰাসজৰ্জৰ ৰাজ্য হিচাপে পৰিচিত। কৰ্পৰেট কেৰিয়াৰ এৰি পশ্চমিনা পুনৰুদ্ধাৰত নামি পৰা এজন উদ্যমী ব্যক্তিৰ এক অভূতপূৰ্ব কাহিনী এয়া। এই সমগ্ৰ প্ৰক্ৰিয়াত তেওঁ এই সম্প্ৰদায়টোক অধিক সহায়ৰ চেষ্টাত নামি পৰিল, যি সমগ্ৰ বিশ্বক সৰ্বোত্তম মানৰ ফেব্ৰিক যোগান ধৰে।


image


পশ্চমিনা শব্দটো এক পাৰ্চী শব্দ ‘পশ্ম’ৰ পৰা উদ্ভুত যাৰ অৰ্থ হৈছে ঊণ। আচল পশ্চমিনা ভেড়া হিমালয়ৰ বিভিন্ন ক্ষেত্ৰত পোৱা চাংথাঙী ভেড়াৰপৰা উত্পন্ন হয়। যিহেতু এই ভেড়াসমূহ শীতল পৰিৱেশত ডাঙৰ হয় সেই অনুসৰি ইহঁতে নিজৰ সুৰক্ষাৰ বাবে এক বিশেষ ঊণ শৰীৰত উৎপন্ন কৰে।

'মোৰ মনলৈ এই ধাৰণা ভাৰতৰ পশ্চমিনা উদ্যোগৰ সৈতে জড়িত এই সম্প্ৰদায়সমূহৰ আৰ্থিক সাহায্যৰ সমাধানৰ পথোদ্ধাৰ কৰাৰ প্ৰয়োজনীয়তাৰ বাবে আহিছে। কিয়নো ই হৈছে মূলতঃ ভাৰতৰ এক বিলাসী উৎপাদন।’


এজন ভেড়াপালক হ’বলৈ ছিলিকন ভেলীৰ জীৱনশৈলী ত্যাগ কৰাৰ ঘটনা

বাবৰে তথ্য সুৰক্ষা পৰামৰ্শদাতাৰূপে কাম কৰি ১৮ৰ পৰা ২৫ হাজাৰ আমেৰিকান ডলাৰলৈ উপাৰ্জন কৰিছিল। বাবৰে কয়, ‘মোৰ কাৰ্যকালত মই বহুতো বিনামূলীয়া যাত্ৰাৰ আনন্দ লৈছিলো। মই এইক্ষেত্ৰত নিজকে যথেষ্ট ভাগ্যৱান বুলি ভাবোঁ, কিয়নো সেই সময়ছোৱাত তথ্য সুৰক্ষা পৰামৰ্শদাতাৰ সংখ্যা তেনেই তাকৰীয়া আছিল। বিশেষকৈ ৯/১১ৰ ঘটনাৱলীৰ পাছত আন্তৰ্জাতিক পৰ্যায়ত বিপদৰ আশংকা বৃদ্ধি পাইছিল। সেই সময়ছোৱাত কাৰ্যৰত প্ৰতিজন তথ্য সুৰক্ষা পৰামৰ্শদাতাই লাভ কৰিছিল জীৱনৰ সৰ্বোত্তম সময়।’

কাশ্মীৰৰ মূল নিবাসী হিচাপে নিজকে সংঘৰ্ষময় ক্ষেত্ৰখনৰ পৰা আঁতৰাই ৰাখি সুস্থিৰ জীৱনৰ সন্ধানত কেতিয়াবাই গৃহভূমি ত্যাগ কৰিছিল। তেওঁ নিজৰ মতে চলাত সফলতাও লাভ কৰিছিল। বাবৰে কয় যে, ‘এজন সমাজকৰ্মী আৰু ভেড়া পালক হোৱাৰ পূৰ্বে মই ভাৰত, আমেৰিকা, ব্ৰিটেইন আৰু মধ্য প্ৰাচ্যত মেক্সিক’ৰ কাৰিকৰী বিশ্লেষক, বাণিজ্যিক উপদেষ্টা আৰু হেকাৰ হিচাপে কাম কৰিছিলো। মোৰ সৈতে আমেৰিকাৰ পিএমআইৰ পিএমপি প্ৰমাণপত্ৰৰ লগতে ২৫খনতকৈও অধিক হাই এণ্ড বিজনেছ আৰু কম্পিউটাৰ চাৰ্টিফিকেট আছে।’

অত্যধিক বেতন আৰু ছিলিকন ভেলীৰ তেওঁৰ জীৱনশৈলীৰে ভাৰতীয় মানত তেওঁ এক অভিজাত জীৱন যাপন কৰি আছিল। কিন্তু প্ৰকৃত অৰ্থত মানুহৰ সন্মুখত নামি পৰা বাবৰৰ বাবে সেই সন্মান হৈ পৰিল মূল্যহীন।

বাবৰে কয়, ‘২০০৯ চনত এই যাত্ৰাৰ আৰম্ভণীতে কাশ্মীৰৰ সমস্যাসমূহক লৈ মোৰ দৃষ্টিভংগী অতি সীমিত আছিল। কিন্তু বাস্তৱিকতাৰ মুখামুখি হৈ তেওঁ ভাবে যে জম্মু-কাশ্মীৰৰ বাবে সন্ত্ৰাসবাদতকৈ অধিক ডাঙৰ সমস্যা হৈছে ইয়াৰ জলবায়ুৰ পৰিৱৰ্তন।’

জলবায়ুৰ পৰিৱৰ্তন সন্ত্ৰাসবাদতকৈয়ো বেয়া

২০০৯ চনৰ ভয়ংকৰ খৰাঙৰ বাবে চাংথাঙৰ ট্ছ’ৰ হ্ৰদৰ পানী প্ৰায় শুকাই গৈছিল। ইয়াৰ পিছত ২০১০ চনত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। ২০১২ চনত হোৱা খৰাং আৰু হিমবাহৰ ফলত ২৫ হাজাৰতকৈও অধিক ভেড়াৰ মৃত্যু ঘটে। ২০১৪ চনত প্ৰবল বানপানীৰ ফলত দেশৰ অন্য প্ৰান্তৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। এনেধৰণৰ বহুতো কাৰণত পশ্চমিনাৰ সৈতে জড়িত সমূদায়ৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ পৰিবলৈ ধৰে। ৰাজনৈতিক অনিশ্চয়তা, মেচিনৰ শালসমূহৰ সৈতে প্ৰতিযোগিতা, হিমালয় প্ৰান্তৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, নকল পশ্চমিনা ঊণৰ পয়োভৰ, শ্ৰমিকৰ উচিত পাৰিশ্ৰমিকৰ অভাৱ, ভেড়াৰখীয়াৰ সংখ্যা হ্ৰাস হৈ অহা আৰু চীনৰ সৈতে প্ৰতিযোগিতা আদি অনেক কাৰকে ইয়াত প্ৰভাৱ পেলাইছে।

কাশ্মীৰ, কেশ্মীয়ৰ আৰু পশ্চমিনা

পশ্চমিনাৰ সৈতে সম্পৰ্কৰ কাহিনী অতি পুৰণি যাক সুঁৱৰি ভাল পায় বাবৰে। বাবৰে কয়, ‘চতুৰ্দশ শতিকাৰ অন্তত বিখ্যাত কবি তথা বিদ্বান মীৰ চৈয়দ আলী হমাদানীয়ে পোন প্ৰথমবাৰৰ বাবে হিমালয়ৰ ঊণৰ সৈতে কাশ্মীৰক পৰিচয় কৰায় যাৰ পৰা উৎপত্তি হয় ‘কাশ্মীয়ৰ’ শব্দটোৰ। কাশ্মীৰৰ এই শিল্প উদ্যোগৰ উত্থানত হমাদানী আৰু শাসক জৈন-ঊল-আবেদিনৰ গুৰুত্ব অপৰিসীম। জৈন-ঊল-আবেদিনে শিপিনীসকলক তুৰ্কীস্তানৰ উন্নত প্ৰযুক্তিৰ সৈতে পৰিচয় কৰোৱায়।’


image


মিলান আৰু পেৰিচৰ বজাৰত এখন সৰ্বোত্তম শ্বলৰ মূল্য ২ লাখ ডলাৰতকৈ অধিক, কিন্তু ইয়াৰ শিপিনীসকলে প্ৰতিকূল জলবায়ুৰ মাজত এক শোচনীয় জীৱন যাপন কৰে। তেওঁলোকৰ কলাৰ মূল্য তেনেই নগন্য।

বাবৰে যেতিয়া এই ক্ষেত্ৰখনত পদাৰ্পণ কৰিছিল তেতিয়া তেওঁ অনুভৱ কৰিছিল যে লাডাখ, বছোহলী আৰু কাশ্মীৰৰ হিমালয়ান বেল্টত বিয়পি পৰা পশ্চমিনাৰ পৰিস্থিতি তন্ত্ৰৰ সৈতে জড়িত লোকৰ সংখ্যা অতি দ্ৰুত গতিত কমি আহিছে। তেওঁ কয় যে, ‘সমগ্ৰ বিশ্বক সৰ্বোচ্চ মানৰ ঊণ দিয়া দুৰ্লভ পশ্চমিনা ভেড়াসমূহৰ আবাসস্থল ১৮ হাজাৰ ফুট ওপৰত ০ৰপৰা ৩০ ডিগ্ৰীতকৈও কম উষ্ণতাত। আনহাতে এই সমূদায়সমূহে নিজকে শাৰীৰিক আৰু মানসিকভাৱে তৈয়াৰ কৰি লোৱা একমাত্ৰ সমূদায়। তেওঁলোকে পৰিপূৰ্ণ ৰূপত বিশ্বাস কৰে যে এনে বিষম পৰিস্থিতিৰ মাজতো এই উদ্যোগক ধৰি ৰখাত সফল হ’ব। বাবৰৰ মতে, ‘মোৰ বিশ্বাস যে পশ্চমিনা ভেড়া নামৰ এই সৰ্বোত্তম আৰু সুন্দৰ প্ৰজাতিটোৰ প্ৰতি মই জবাবদিহি। মই মাথোঁ এয়াই জানো যে মই এনে এক সমূদায়ৰ প্ৰতি দায়বদ্ধ, যি নিজকে অধিক ৰূপত সক্ষম কৰি তোলাত অসমৰ্থ। এতিয়াই যদি উচিত পদক্ষেপ লোৱা নহয় তেন্তে হয়তো বহু পলম হৈ যাব।’


image


৩০ হাজাৰ ভেড়াৰখীয়া, ৩ লাখ কৃষক আৰু ২ লাখ পশ্চমিনা ভেড়া

image


পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে কাশ্মীৰইংকৰ তত্বাৱধানত সঞ্চালিত হৈ থকা পশ্চমিনা প্ৰকল্প তিনিতৰপীয়াভাৱে সঞ্চালিত। বাবৰে কয়, ‘এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে পশ্চমিনা পৰিস্থিতি তন্ত্ৰক ন্যায় প্ৰদানৰ বাবে কৰা এক সংগ্ৰাম। য’ত ৫০ হাজাৰ ভেড়াৰখীয়া, ৩ লাখ কৃষক আৰু ২ লাখ পশ্চমিনা ভেড়াৰ জীৱন পদ্ধতি উন্নত কৰাৰ প্ৰচেষ্টা কৰা হৈছে। আমাৰ কৰ্মসূচীৰ প্ৰথমেই আছে পশ্চমিনা ভেড়াৰ সংৰক্ষণৰ দায়িত্ব। দ্বিতীয়তে এই উদ্যোগক নিঃশেষ কৰিবলৈ ধৰা নকল পশ্চমিনাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা। আৰু তৃতীয়তে পশ্চমিনা উদ্যোগৰ বাবে এক ৰিটেইল ফেয়াৰ ট্ৰেড প্লেটফৰ্ম তৈয়াৰ কৰা যি এই পৰিস্থিতিতন্ত্ৰৰ সৈতে জড়িত ভেড়াৰখীয়া আৰু শিপিনীসকলৰ প্ৰতিনিধিত্ব কৰে।

মধ্যভোগীক আঁতৰ কৰা

শুদ্ধ পশ্চমিনা ঊণৰ সন্ধানত অহা লোকসকলক প্ৰত্যক্ষৰূপে শিপিনীসকলৰ লগত যোগাযোগ কৰোৱাৰ লগতে দালালৰ হাতৰপৰা এই শিল্পক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এওঁলোকে গুৰুত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰত বাবৰে কয়, ‘আমি এওঁলোকক প্ৰত্যক্ষভাৱে নিলামী প্ৰক্ৰিয়াত ভাগ লোৱা আৰু সৰ্বাধিক মূল্যদাতাসকলক নিজৰ বস্তু বিক্ৰী কৰাত সহায় কৰোঁ। আমি পশ্চমিনাৰ শুদ্ধতা আৰু ইয়াৰ ক্ৰয়ৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ বিষয়ে ১০০ত কৈয়ো অধিক দেশত আন্তৰ্জাতিক জাগৰণ সৃষ্টি কৰিছো। যাৰ দ্বাৰা লাখৰো অধিক লোকৰ জীৱনশৈলী উন্নত হোৱাত সহায়ক হৈছে। আমি এক ভেড়াৰখীয়া আৰু শিপিনীসকলক প্ৰত্যক্ষৰূপে ফেশ্বন জগতৰ সৈতে পৰিচয় কৰাই দিও যাতে তেওঁলোকে নিজৰ কষ্টৰ যথোচিত মূল্য লাভ কৰে।’


image


বাবৰে কয় যে তেওঁ জনাত সমগ্ৰ বিশ্বত তেৱেঁই একমাত্ৰ পশ্চমিনা এক্টিভিষ্ট আৰু সেয়েহে তেওঁ নিজৰ ৰাজ্যত যথেষ্ট জনপ্ৰিয়। তেওঁৰ মতে, ‘এই ক্ষেত্ৰত সকলোতকৈ অধিক বিৰোধৰ সন্মুখীন হৈছো পশ্চমিনা বেপাৰীবোৰৰ পৰা। তেওঁলোকে মোৰ কামত বাধা দিবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আহিছে। এই নকল পশ্চমিনাৰ বেপাৰীবোৰৰ বিৰুদ্ধে মই আইনৰ সহায় লৈছো। বহুতো নকল বেপাৰীৰ কামত নাকী লগোৱা হৈছে।’

আন বিপদসমূহ

নকল পশ্চমিনা উদ্যোগতকৈ অধিক বিপজ্জনক হৈছে চীনৰ বজাৰত উপলব্ধ মেচিন আৰু পাৱাৰ লুমেৰে তৈয়াৰী পশ্চমিনা। এই ক্ষেত্ৰত বাবৰৰ মন্তব্য, ‘আমাৰ পশ্চমিনা চীনৰ তুলনাত যথেষ্ট মিহি। তদুপৰি কাশ্মীৰী কৌশলৰ তুলনা সমগ্ৰ বিশ্বতে নাই। পশ্চমিনাৰ এখন শ্বল তৈয়াৰ কৰোতে একৰপৰা সাত বছৰ পৰ্যন্ত সময়ৰ আৱশ্যক হয়। এই শিল্পৰ প্ৰতিযোগিতা পাৱাৰলুম বা মেচিনত তৈয়াৰী পশ্চমিনাৰ সৈতে যিমানে বাঢ়ি গৈছে সিমানে ই দুৰ্লভ হৈ পৰিছে। এই কাৰণে ইয়াৰ মূল্যও আকাশলংঘী হ’বলৈ ধৰিছে।’


image


প্ৰযুক্তি তথা কাৰিকৰীভাৱে তেওঁ ভেড়াৰখীয়াসকলৰ জীৱনৰ গুণগত মান উন্নত কৰাৰ প্ৰচেষ্টা কৰিছে। বাবৰে কয়, ‘মই এওঁলোকৰ বাবে এপ্লিকেশ্যন আৰ্কিটেক্সাৰ তৈয়াৰ কৰি উলিয়াইছো। যি তেওঁলোকক ঊণৰ তৈয়াৰ হোৱাৰ পিছত ইয়াক হিমালয়ৰ উচ্চ স্থানসমূহলৈ পঠোৱাত সহায় কৰিব। তেওঁলোকে বতৰৰ জাননী, মূল্য, নিলামী, জৰুৰীকালীন চিকিত্সা আদিৰ ক্ষেত্ৰত ম’বাইল এলাৰ্ট পাব পাৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে পাৰিবাৰিক দিশতেই নহয় বিশ্বৰ বিভিন্ন গ্ৰাহকৰ লগতো যোগাযোগ ৰাখিব পাৰিব। এই প্ৰকল্পক লৈ কাম কৰিবৰ বাবে আই আই টিৰ কিছুসংখ্যক লোকৰ সৈতে কথা-বতৰাও চলি আছে। ইয়াৰ পিছত মই শিপিনীসকলক এনে এক প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিম য’ত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ডিজাইনৰ বিষয়ে অৱগত হ’ব পাৰে, যি তেওঁলোকৰ শিল্পকলাৰ মূল্যবৃদ্ধিত সহায় কৰে।’

এতিয়ালৈ যাত্ৰা

image


বাবৰে বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈ আজিৰ অৱস্থা পাইছেহি। তেওঁ কাশ্মীৰইংকক নিজৰ প্ৰচেষ্টাৰে আগুৱাই আনিছে। বৰ্তমান কিছু বিনিয়োগকাৰীয়ে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। সমান্তৰালভাৱে বহু প্ৰতিভাৱান লোকক কাশ্মীৰইংকৰ মেনেজমেণ্ট টীমৰ সদস্যৰ ৰূপত দেখা পোৱা যাব। কাশ্মীৰইংকে বৰ্তমান ১ মিলিয়ন আমেৰিকান ডলাৰৰ অৰ্ডাৰ লাভ কৰিছে। এওঁলোকৰ ছিগনেচাৰ পশ্চমিনাৰ শ্বলৰ ২ লাখ ডলাৰ পৰ্যন্ত দামত বিক্ৰী হৈছে।

ভৱিষ্যৎ পৰিকল্পনা

নিজৰ ষ্টাৰ্টআপৰ ভৱিষ্যৎ পৰিকল্পনাৰ ক্ষেত্ৰত বাবৰক যথেষ্ট দৃঢ় আৰু যোগাত্মক ৰূপত দেখা গ’ল। তেওঁ কয়, ‘মোৰ বিশ্বাস এই প্ৰচেষ্টাক সমগ্ৰ বিশ্বই অতি আদৰেৰে আঁকোৱালি ল’ব। বৰ্তমানলৈ কোনেও এনে প্ৰয়াস কৰা দেখা পোৱা নাই। অতীজৰে পৰা পশ্চমিনা ৰজা-মহাৰজাসকলৰ ব্যক্তিগত সংগ্ৰহৰ ৰূপত দেখা পোৱা যায়। ইয়াক বংশানুক্ৰমে উত্তৰাধিকাৰত পোৱা এক মূল্যৱান সম্পদৰূপে গণ্য কৰা হয়। আমাৰ এই শিল্প বিশ্ব দৰবাৰত বিলাসৰ এক প্ৰতীকৰূপে জিলিকি উঠিব।’


image


উদ্যমিতাক লৈও তেওঁ অতি আশাবাদী। সমভাৱাপন্ন সকলোলৈ তেওঁৰ পোনপটীয়া আহ্বান, ‘উদ্যমিতা হৈছে বিভিন্ন সমস্যা সমাধানৰ এক পথ। আৰু এই ক্ষেত্ৰত আহক সকলোৱে লগে ভাগে কাম কৰো।’

মূল : নিশান্ত গোৱেল

অনুবাদ: পৰীস্মিতা বৰা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

যাদুৰ দেশৰ এজন যাদুকৰ বিক্ৰম তালুকদাৰ

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....