দেশত গ্ৰামীণ আৱাসৰ প্ৰসাৰৰ বাবে নতুন আঁচনিত অনুমোদন কেবিনেটৰ

দেশত গ্ৰামীণ আৱাসৰ প্ৰসাৰৰ বাবে নতুন আঁচনিত অনুমোদন কেবিনেটৰ

Monday January 30, 2017,

1 min Read

অলপতে কেন্দ্ৰীয় কেবিনেটে দেশত গ্ৰামীণ আৱাসৰ প্ৰসাৰৰ বাবে এক নতুন আঁচনিত অনুমোদন জনাইছে৷ আঁচনিখনৰ অধীনত চৰকাৰে সূতৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ই সামৰি নোলোৱা প্ৰতিগৰাকী গ্ৰাম্য আৱাসীৰ বাবে এই সুবিধা উপলব্ধ হ’ব৷

image


এই আঁচনিয়ে গ্ৰাম্য অঞ্চলৰ লোকক নতুন বাসগৃহ নিৰ্মাণ আৰু পূৰ্বৰ পকী বাসগৃহ উন্নত কৰাত সহায় কৰিব৷ আঁচনিখনৰ অধীনত ঋণ লোৱা সকলে ২ লাখ টকাৰ ঋণ পৰ্যন্ত সূতৰ ওপৰত ৰাজসাহায্য লাভ কৰিব৷

ৰাষ্ট্ৰীয় গ্ৰাম্য বেংকে আঁচনিখন ৰূপায়ন কৰিব৷ চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য বেংকক তিনি শতাংশ সূতৰ ৰাজসাহায্য(ইন্টাৰেষ্ট ছাবছিডী)ৰ বৰ্তমানৰ মূল্য প্ৰদান কৰিব আৰু ইয়াৰ বিনিময়ত বেংকটোৱে সূতৰ ৰাজসাহায্যৰ ধনৰাশি প্ৰাথমিক ঋণদাতা সংস্থা(অনুসূচিত বাণিজ্যিক বেংক, অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান ইত্যাদি)ক স্থানান্তৰিত কৰিব৷ ইয়াৰ ফলত উপভোক্তাৰ মাহিলী কিস্তি হ্ৰাস পাব৷

নতুন আঁচনিখনে গ্ৰাম্য অঞ্চলৰ আৱাসিক পৰিৱেশ উন্নত কৰাৰ লগতে গ্ৰাম্য আৱাসিক খণ্ডত নিয়োগৰ সুযোগ সৃষ্টিৰ আশা কৰা হৈছে৷ 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ

'ৰইছ' মাত্ৰ এটা চেলু

বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ

বৃদ্ধ পেঞ্চন বীমা আঁচনি-২০১৭