বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ

বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ

Monday January 30, 2017,

2 min Read

৩০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অসম বিধান সভাৰ বাজেট অধিবেশনলৈ লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে যাতায়তৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ আৰোপ কৰিছে ।

image


পথৰ সাল-সলনি

১. ছুপাৰমাৰ্কেট ট্ৰেফিক পইন্টৰ পৰা দিছপুৰ লাষ্টগেট ট্ৰেফিক পইন্টলৈ থকা পথছোৱাৰে পুৱা ৮.৩০ বজাৰ পৰা বিধানসভাৰ অধিবেশন শেষ নোহোৱালৈকে সকলো যান বাহনৰ প্ৰৱেশ বন্ধ কৰা হৈছে ।

২.বশিষ্ঠ চাৰিআলিৰ দিশৰ পৰা দিছপুৰ লাষ্টগেটলৈ অহা সকলো চিটি বাছ বেলতলা চাৰিআলিৰ পৰা জৱাহৰ নগৰ ৰ'ড, জয়ানগৰ চাৰিআলি আৰু ছয়মাইল চাৰ্ভিচ ৰ'ড হৈ জি এছ ৰ'ডত প্ৰৱেশ কৰিব । 

৩. বেলতলা চাৰিআলিৰ দিশৰ পৰা গণেশগুৰিলৈ অহা সকলো লঘূ যান-বাহন বিধায়ক আবাসৰ পাছফালৰ ড° আৰ পি ৰ'ড আৰু ড° বি এন শইকীয়া ৰ'ড হৈ চলাচল কৰিব ।

৪. গণেশগুৰি চাৰিআলি আৰু ছুপাৰমাৰ্কেট পইন্টৰ মাজত আৰু গণেশগুৰিৰ পৰা হাতিগাৱঁৰ মাজত থকা সকলো বাছ আস্থান বিধানসভা অধইবেশন চলি থকা সময়চোৱাত বাতিল কৰা হ'ব ।

৫. লাষ্টগেট হৈ বেলতলালৈ যাবলগীয়া সকলো বাহন জি এছ ৰড, ছুপাৰমাৰ্কেট, আৰু ছয়মাইল পইন্ট াৰু জয়ানগৰ পথ হৈ যাব ।

৬. হাতিগাওঁ আৰু কাহিলিপাৰাৰ দিশৰ পৰা অহা চিটি বাছ সমূহ ড° আৰ পি ৰ'ড, গণেগুৰি উৰণীয়া সেতু হৈ যাত্ৰা কৰিব ।

৭. পল্টন বজাৰ আৰু জু-ৰ'ডৰ দিশৰ পৰা হাতিগাওঁ আৰু কাহিলিপাৰা অভিমূখে যাবলগীয়া গধুৰ বাহনসমূহ জি এছ ৰ'ড হৈ পিবকোৰ সন্মূখেদি মা মনসা পথেৰে যাব ।

৮. পাঞ্জাবাৰিৰ দিশৰ পৰা অহা চিটি বাছমসূহ ছয়মাইল উৰণীয়া সেতুৱেদি এক্সপ্ৰেছ হাইৱে হৈ পাথৰ কুৱেৰী, নাৰেংগী, মথঘৰীয়া, গীতা মন্দিৰ আৰু জু-ৰ'ড তিনিআলি হৈ যাত্ৰা কৰিব ।

ন- পাৰ্কিং

১. জনতা ভৱনৰ পৰা ছুপাৰ মাৰ্কেটলৈ জি এছ ৰ'ডৰ দুয়োকাষে, ষাঠি ফুট পথৰ ওপৰত, ড° আৰ পি ৰ'ড আৰু বিধায়ক আৱাসৰ পিছফালে অধিবেশন চলি থকা সময়ত ন-পাৰ্কিং জ'ন ঘোষণা । 

মন্তৰ- যান বাহনৰ ওপৰত নিষেধাজ্ঞা

১. সকলো মন্তৰ- যান বাহন ৰুক্মিনিগাওঁ তিনিআলি, দিছপুৰ লাষ্টগেট, জটিয়া ফাগুনা ৰাভা তিনিআলি, হাতিগাওঁ লখিমি তিনিআলি, নয়নপুৰ, হেঙ্গেৰাবাৰী পাব্লিক হেল্থ, ডাউন-টাউন পথ আৰু ছুপাৰ মাৰ্কেটত ৰ'ব লাগিব ।

২. মন্তৰ- যান বাহনৰ ওপৰত নিষেধাজ্ঞা পুৱা ৭.৩০ বজাৰ পৰা আৰণঅহ হব । জি এছ ৰ'ডৰ ওপৰত মন্তৰ- যান বাহনৰ ওপৰত নিষেধাজ্ঞা গতানুগতিকভাৱে চলি থাকিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

'ৰইছ' মাত্ৰ এটা চেলু

আপোনাৰ ছাল কিমান ডাঠ?

আই আই টি গুৱাহাটীত তিনিদিনীয়াকৈ উদগম-১৭

এসময়ৰ মাওবাদী অধ্যুষিত অঞ্চলত এতিয়া চাৰিওফালে কেৱল ফুলৰ বাগিছা