১০.০০০ হাজাৰ ফেচবুক অনুগামীৰে এজন তাৰকা অট'চালক

১০.০০০ হাজাৰ ফেচবুক অনুগামীৰে এজন তাৰকা অট'চালক

Saturday July 16, 2016,

2 min Read

২০১২ চনত জি আন্নাডুৰাই, যি অট' আন্নাডুৰাই নামেৰে জনাজাত, চেন্নাই মহানগৰীত এক চাঞ্চল্যত পৰিণত হৈছিল । তেওঁৰ অট'ৰিক্সাখনত উঠা প্ৰতিজন যাত্ৰী তবধ মানিছিল তেওঁ আগবঢ়োৱা সুবিধা দেখি । তেওঁৰ অট'খনত আছিল কাকত-আলোচনী, কিতাপ, এটা সৰু টিভি আৰু ৱাই-ফাই সংযোগ । ১২শ শ্ৰেণীলৈকে পঢ়া আন্না হৈ পৰিছিল চেন্নাইৰ জনপ্ৰিয় অট'চালক। বৰ্তমান ৩১ বছৰীয়া আন্নাই ইতিমধ্যে বহু পথ অতিক্ৰম কৰিছে । ৩১ বছৰীয়া আন্নাৰ ফেচবুক অনুগামীৰ সংখ্যা ১০,০০০। ইতিমধ্যে তেওঁ বিভিন্ন কৰ্পৰেট কাৰ্যালয়ত ৪০টাৰ ওপৰত ভাষণ দিছে । দুটাকৈ TED Talk তেওঁৰ সফলতাৰ তালিকাত সংযুক্ত হৈছে । তেওঁ ইতিমধ্যে ভোডাফ'ন, হুণ্ডাই, ৰয়েল এনফিল্ড, ডানফছ আৰু গেমেছাৰ কৰ্মীৰ বাবে বিশেষ ভাষণ দিছে । ১২ খনতকৈও অধিক মহানগৰী তেওঁ বিশেষ বক্তাৰূপে ভ্ৰমণ কৰিছে । 

Image: The Weekend Leader

Image: The Weekend Leader


আন্নাৰ অট'ত শেহতীয়াকৈ সংযোজিত হৈছে এটা লেপটপ, টেবলেট আৰু এটা আইপেড । আনকি এটিএম কাৰ্ড আৰু ক্ৰডিট কাৰ্ড ব্যৱহাৰ কৰিবলৈ তেওঁৰ অট'ত আছে এটা কাৰ্ড স্বাইপিং মেচিন । দুৰত্বৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ ১০, ১৫, ২০ আৰু ২৫ টকাকৈ ভাড়া লয় ।

Image: The Hindu

Image: The Hindu


বিশেষ দিনত বিশেষ ৰেহাই বা বিনামূলীয়া যাত্ৰাৰো সুবিধা দিয়ে আন্নাই । শিক্ষক সকলে হৈনিক বিনামূলীয়া যাত্ৰাৰ সুবিধা পায়। ভেলন্টাইন ডেৰ দিনা প্ৰেমিক যুগলৰ বাবে, মাতৃ দিৱসত সন্তানৰ সৈতে যাত্ৰা কৰা মহিলাৰ বাবে বিনামূলীয়া যাত্ৰাৰ ব্যৱস্থা আছে । প্ৰতিমাহে তেওঁ ৪৫০০০ টকা আয় কৰে আৰু ৯০০০ টকা বিভিন্ন সেৱাৰ বাবদ ব্যয় কৰে । তেওঁ সকলো সময়তে যাত্ৰীসকলক সূখী কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ে । অচিৰেই তেওঁৰ অটখনৰ অৱস্থান জানিব পৰাকৈ আৰু বুকিং কৰিবলৈ তেওঁ এটা এপ মুকিল কৰিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ছানিয়া মিৰ্জাক 'ৰেকেটৰ ৰাণী' আখ্যা কিং খানৰ

অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী

নিজৰ প্ৰাণ দি আইছিছ বোমাৰুক বাধা দিয়া ব্যক্তিজন

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা