অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী

অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী

Saturday May 07, 2016,

3 min Read

মাত্ৰ ৫ বছৰ বয়সতে মঞ্চত অভিনয়েৰে হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰিছিল এজনী কণমানি ছোৱালীয়ে। সেই যি ৫ বছৰ বয়সতে মঞ্চখনত ভৰি দিয়ে খলকনি তুলিছিল, জাউৰি জাউৰি হাত চাপৰিত মঞ্চত মৃদু কোলাহল সৃষ্টি কৰিছিল, সেই কণমানজনীয়ে আৰু কেতিয়াও পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। আচলতে এই সকলো বোৰ কাম কৰিবলৈ সুস্থ মানসিকতা, সুস্থ সাংস্কৃতিক পৰিবেশৰ আতি প্ৰয়োজন । এই সকলোবোৰৰ আবেশত এদিন দুদিনকৈ ডাঙৰ হৈ আগবাঢ়ি এদিন সকলোৰে মাজত এগৰাকী পৰিচিত অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে। কণমাণী জনীৰ নাম প্ৰস্তুতি পৰাশৰ। য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা তেখেতৰ লগত হোৱা কথোপকথনত তেখেতে কি দৰে আভিনয়ৰ লগত সৰ্ম্পকিত হ’ল এই সম্বন্ধে এনেদৰে কয়, 'সৰুৰে পৰা ঘৰখন এটা সাংস্কৃতিক পৰিবেশত ডাঙৰ হৈছো। মোৰ দেউতাই অভিনয় কৰে, ককাই এটা সময়ত অভিনয় কৰিছিল, আৰু মায়ে অভিনয় কৰে। অভিনয় বোধহয় আমাৰ তেজত আছিল আৰু সেইসূত্ৰে তেনেদৰে আগবাঢ়ি যাবলৈ সুযোগ পালো।'

image



মোৰ জন্ম যোৰহাটৰ মালৌআলি নামেৰে এখন ঠাইত হৈছিল । পঢা- শুনা যোৰহাটৰ বাল্য ভৱন স্কুলৰ পৰা আৰম্ভ কৰিছিলো পৰৱৰ্ত্তী সময়ত যোৰহাটৰ জে. বি কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক হওঁ। পঢ়া-শুনাৰ সমান্তৰাল ভাবে অভিনয় চলাই গৈছিলো । ক্লাছ চিক্স মানৰ পৰা নাটকৰ মঞ্চত আভিনয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰো। মোৰ প্ৰথম নাটক আছিল অৰণ্যৰ সাধু ।উল্লেখযোগ্য যে জয়ন্ত ৰাজগুৰু নামৰ ব্যক্তিজন আৰু কেইজন মান লোকৰ সহযোগত সেই সময়ত ক্ৰমান্বয়ে ইখনৰ পিছত সিখনকৈ শিশু নাটক কৰিবলৈ সুযোগ পাইছিলো। তেনেকৈয়ে স্কুলত পঢ়ি থকা দিনৰে পৰা বহু অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত সম্পৰ্কিত হৈছিলো। খুব এক্টিভ ছোৱালী আছিলো ।কলেজত পঢ়ি থকা সময়তে এবাৰ এখন নাটকৰ অভিনয় চাই প্ৰযোজক বাণী দাসে মহাৰথী ছবিৰ বাবে কাষ্ট কৰে। ঠিক তেনেকৈয়ে পোন প্ৰথম বাৰৰ বাবে চিনেমাৰ লগত সম্পৰ্কিত হ'লো।
image


ইতিমধ্যে পৰাশৰে ৪০ খনৰো অধিক চিনেমা অভিনয় কৰিছে । শেহতীয়াকৈ দাদা চাহেব ফাল্কে চলচিত্ৰ মহোৎসৱত তেখেতে মৃগনাভী চিনেমাখনৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান কঢ়িয়াই আনিছে। আনহাতে আৱাহন থিয়েটাৰৰ “মা কালী” নামৰ নাটক খনত তেখেতে দৰ্শকৰ পৰা বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে। 

image


মানুহে জীৱন উন্নতি কৰিবলৈ হলে যি কামেই নকৰক কিয়, কামটো প্ৰতি শ্ৰদ্ধা, নিষ্ঠা, সাধনা আৰু অধ্যৱসায়ক সাৰথি হিচাপে লৈ আগবাঢ়িব লাগিব,পৃথিবীৰ কোনো কামই সহজ নহয়। কোনো ক্ষেত্ৰতে কোনো কামে Short cut পদ্ধতিৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। লক্ষ্য প্ৰাপ্তিৰ বাবে দীঘলীয়া বাটেদি গ’লে বহু কথা শিকিব পাৰি আৰু সেই শিকনিয়ে আমাক পৰিপক্ক কৰি তোলে ।এই ভাষ্য প্ৰস্তুতি পৰাশৰৰ।

image


উল্লেখযোগ্য যে প্ৰস্তুতি পৰাশৰ বলিষ্ঠ অভিনয়ৰ বাবে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে স্বীকৃতি প্ৰদান কৰিছিল, তাৰ ভিতৰত থিয়েটাৰৰ ক্ষেত্ৰত Assam Sports Academy, আৰু চিনেমাৰ ক্ষেত্ৰত জ্যোতিৰূপা এৱাৰ্ড, মুনলাইট মিডিয়া এৱাৰ্ড আদিকে ধৰি বহুবোৰ স্বীকৃতি লাভ কৰিছে।

ভবিষ্যতে অসমৰ সাংস্কৃতি জগতৰ বাবে কাম কৰি যোৱাৰ আশা পুহি ৰাখিছো। অনাগত দিনবোৰত আপোনাৰ জীৱনৰ যাত্ৰা শুভ হওক তাৰে শুভ কামনা থাকিল।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

এজন উদ্যোগী হোৱাটো কিয় ইমান জটিল?

বাঁহৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰা এগৰাকী যুৱ উদ্যমী

পৰিবৰ্তনৰ জোৱাৰ আনিছে 'পৰিবৰ্তনে'