ছানিয়া মিৰ্জাক 'ৰেকেটৰ ৰাণী' আখ্যা কিং খানৰ

ছানিয়া মিৰ্জাক 'ৰেকেটৰ ৰাণী' আখ্যা কিং খানৰ

Saturday July 16, 2016,

6 min Read

য়ে চান্দ চা ৰৌশন চেহৰা

জুল্ফোঁ কা ৰঙ্গ চুনেহৰা

য়ে ঝীল ছি নীলী য়া পীলী আঁখে

ঔৰ ফ'ৰহেন্দ হে ইতনা গেহৰা

তাৰীফ কৰুঁ ক্যা উছকী জিছনে তুম্হে বনায়া

এইদৰেই বলীউডৰ ছৱিৰ গীতত নিজৰ কলি সংযোগ কৰি ছানিয়া মিৰ্জাক প্ৰশংসাৰে ওপচাই পেলালে কিং খান শ্বাহৰুখ খানে । উপলক্ষ আছিল ছানিয়া মিৰ্জাৰ আত্মজীৱনী ‘এচ এগেইনষ্ট অডছ’ৰ উন্মোচন । ১৩ জুলাইত হায়দৰাবাদৰ ঐতিহাসিক তাজ ফলকনুমা পেলেচত আয়োজিত এই অনুস্থানত শ্বাহৰুখে ছানিয়া, খেল, ছবি আৰু নিজৰ ৰুচি সম্পৰ্কে সাংবাদিকৰ সৈতে মত বিনিময় কৰে ।

image


শ্বাহৰুখে কয়, "মোৰ ভাৱ হয় আমি নিজৰ ছোৱালীবোৰৰ প্ৰতি যিমান মৰম প্ৰদৰ্শন কৰিম , মহিলাসকলক যিমান সন্মান কৰিম সিমানে ছানিয়া মিৰ্জাৰ দৰে প্ৰতিভা আমি দেখিবলৈ পাম । পৃথিৱীত মহিলাৰ তুলনাত কোনেও ইমান সলচতা লাভ কৰা নাই ।"

ছানিয়াৰ প্ৰশংসা কৰি তেওঁ কয়, "তেওঁ ৰেকেটৰ ৰাণী। ছনিয়াই আমাৰ দেশক গৌৰবাম্বিত কৰিছে । আমি পিটি উষা, মেৰী কম আৰু ছানিয়া মিৰ্জাৰ দৰে ব্যক্তিক মনত ৰাখোঁ । এওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহুতো ছোৱালীয়ে খেলক পেছা হিচাপে গ্ৰহণ কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছে । এওঁলোকে নিদৰ খোজ ৰাখি গৈছে । নিজৰ পথ সৃষ্টি কৰিছে।"

ছানিয়াৰ আত্মজীৱনী উন্মোচন অনুস্থানত অংশগ্ৰহণ কৰিবলৈ পাই সন্মানিত অনুভৱ কৰা বুলি কয় শ্বাহৰুখে । তেওঁ কয়, "মই ইয়াত উপস্থিত থাকিবলৈ পোৱাটো গৌৰৱৰ কথা । মোৰ জীৱনত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । মোৰ মাৰ পৰা আৰম্ভ কৰি আজিলৈকে যিসকল মহিলাৰ লগত মই কাম কৰিছো তেওঁলোকৰ আটায়ে মোৰ জীৱন সুন্দৰ কৰাত অৰিহণা যোগাইছে । মহিলাসকল প্ৰেৰণাৰ উৎস । খেল, ঘৰুৱা কাম-কাজ, সঙ্গীত, অভিনয় আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যেতিয়া অনুপ্ৰাণিত কৰে সেয়া কেৱল মহিলাসকলকে নহয়, যুৱক-যুৱতী, শিশু সকলোকে অনুপ্ৰাণিত কৰে । আনক অনুপ্ৰাণিত কৰাটো মহিলাসকলৰ এটা গুণ ।"

শ্বাহৰুখে কয় যে ছানিয়াই কম বয়সতে বহুতো সফলতা লাভ কৰিছে আৰু ইয়াৰ উদাহৰণ পোৱা নাযায় । তেওঁ লগতে কয় যে কেইটামান খেলৰ বাহিৰে ভাৰতীয় খেলুৱৈয়ে ক্ৰীড়া জগতত সাংঘাটিক ধৰণৰ সাফল্য দেখুৱাব পাৰ নাই । কিন্তু কেইগৰাকীমান মহিলা খেলুৱৈয়ে নিজৰ প্ৰদৰ্শনেৰে দেশ বাৰু বিদেশক প্ৰভাৱিত কৰিছে । ছানিয়াৰ পৰা প্ৰেৰণা লৈ আৰু বহুতেই এই পথত খোজ পেলাব বুলি তেওঁ আশাবাদী । তেওঁ কয় যে বহুদিন ধৰি তেওঁ ছানিয়াক জানে আৰু ছানিয়াৰ খেল তেওঁ উপভোগ কৰি আহিছে । 

"মই সদায় ছানিয়াৰ কেৰিয়াৰ ফ'ল' কৰি আহিছো । এয়া মই কেৱল ক্ৰীড়াপ্ৰেমী হিচাপে কোৱা নাই । ছানিয়াই ক্ৰীড়াক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।" 

এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ''মই ভাগ্যশালী । মই যেতিয়া দিল্লীপৰা মুম্বাইলৈ আহিলো তেতিয়া মই ইটোৰ পাছত সিটো সফলতা পাই গৈ থাকিলো । কঠোৰ পৰিশ্ৰমৰ বাহিৰে কোনো পথ নাই । সফল হবলৈ আৰু সফল হৈ থাকিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।" ছানিয়াৰ বিষয়ে তেওঁ কয়, "ছানিয়াই বিশ্বৰ সৈতে কথা পাতিছে । তেওঁ খেল ভাল পায় আৰু পৰিয়ালে তেওঁক সমৰ্থন দিছে । তেওঁ যেতিয়া ছিংগলছত বিশেষ একো কৰিব নোৱাৰিলে তেতিয়া তেওঁ ডবলছত শীৰ্ষস্থান লাভ কৰিলে । "

image


ক্ৰীড়াৰ প্ৰতি নিজৰ আগ্ৰহৰ কথাও কয় শ্বাহৰুখে,

"মোৰ খুব ভাল লাগে । মই চক দে ইণ্ডিয়া কৰিছিলো । খেলক লৈ বনোৱা লগান, মেৰী কম আদি ছৱি খুবেই ভাল আছিল। মিলখা সিং অত্যন্ত অনুপ্ৰেৰণামূলক ছৱি । এতিয়া ধোনীক লৈও ছৱি নিৰ্মাণ কৰিব পৰা যায় । যথেষ্ট অনুপ্ৰেৰণামূলক হ'ব । "

ছানিয়াক লৈ ছৱি নিৰ্মাণ সম্পৰ্কে তেওঁ কয়, "ছানিয়াক লৈ যেতিয়া ছৱি হ'ব সেইখন অতি সুন্দৰ হ'ব ।" পাতলীয়া সুৰত তেওঁ লগতে কয়, "মই নাজানো... আপোনালোকে তেওঁকেই সোধক ছৱিখনত তেওঁৰ প্ৰেমিকৰ অভিনয় মোক কৰিবলৈ দিব নেকি ? কিন্তু ছৱিখনৰ প্ৰযোজক নিশ্চিতভাবে ময়েই হ'ম । " 

image


শ্বাহৰুখে কয় যে ছৱি মানবীয় ভাৱনাৰে অনুপ্ৰাণিত হয় । ক্ৰীড়াও একেধৰণৰ ভাৱেৰেই অনুপ্ৰাণিত । খেলুৱৈসকলে দেশৰ কাৰণ খেলে । যাত্ৰাৰ সময়তো তেওঁলোকে দেশৰ কথাই ভাবে । 

"মই খেলুৱৈ হোৱাৰ সপোন দেখিছিলো । দেশক প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰিছিলো । মোৰ দেউতাই হকী খেলিছিল আৰু প্ৰায়ে খেলুৱৈসকলৰ কথা কৈছিল । ধ্যানচান্দৰ কাহিনীও শুনাইছিল । কিনতু পিঠিৰ বিষৰ কাৰণে মই খেল এৰিবলগীয়া হ'ল ।"

শ্বাহৰুখে বিশ্বাস কৰে যে বিশ্বাসেৰে নিজৰ মনৰ কথা কোৱাটোত কোনো দোষ নাই । নিজৰ মন আৰু মগজুত থকা কথাষাৰ কৈ দিয়াটো তেওঁ নিজেও খুব ভাল পায় । তেওঁ কয় যে এয়া কেৱল গ্ৰন্থ উন্মোচন সভা নহয় বৰঞ্চ ছানিয়াৰ পৰা বিশ্বৰ শীৰ্ষ খেলুৱৈ হোৱাৰ কাহিনী শুনাৰ এক সুন্দৰ সুবিধা । তেওঁ কয়, "মই ষ্টাৰ বা বন্ধু হিচাপে অহা নাই । মই সেই মহিলাসকলৰ সন্মানাৰ্থে আহিছো যিসকলে বিশ্বত এনেধৰণৰ সন্মান অৰ্জন কৰিছে । এনে মহিলা বিৰল ।"

image


এটা প্ৰশ্নৰ উত্তৰত কিং খানে কয়, "ভাল সময় এটা ভাৱ । ই কোনো পুৰষ্কাৰ নহয় । যেতিয়া মই মানুহক আনন্দ দিবলৈ সক্ষম হৈছো সেয়া মোৰ বাবে আনন্দৰ সময় । যেতিয়া বিফল হৈছো তেতিয়া দুখ অনুভৱ কৰিছো । সফলতা লাভ কৰাৰ পাছত মই আৰামত টোপনি নাযাওঁ আৰু বিফলতাৰ পাছত ভাগি নপৰোঁ । দুয়োটা ক্ষেত্ৰতেই মই পুনৰ কষ্ট কৰিবৰ বাবে সাজু হওঁ । ডাঙৰ সাফল্যৰ বাবে কাম কৰি যাওঁ ।"

এই কিতাপখনৰপৰা মানুহে জানিব মই কিমান আৱেগিক : ছানিয়া মিৰ্জা 

বলিউদৰ বাদশ্বাহ শ্বাহৰুখৰপৰা ৰেকেটৰ ৰাণী অভিধা লাভ কৰা ছানিয়াই কয় যে তেওঁৰ কিতাপখন পঢ়ি মানুহে গম পাব তেওঁ কিমান আবেগিক । "এয়া মোৰ বাবে এক বিশেষ মুহুৰ্ত্ত । সাধৰণতে এই বয়সত আত্মজীৱনী লিখা নহয় । ভগৱানৰ ইচ্ছাত মই এটা দীঘল কেৰিয়াৰ পাইছো । এয়া মোৰ বাবে যথেষ্ট উপভোগ্য । বিশ বছৰৰ এই কেৰিয়াৰত মই নিজৰ কাহিনী মানুহৰ আগলৈ আনিব পাৰিছো ।" ছানিয়াই কয় । 

হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰা এই কিতাপখনত ছানিয়াই মহিলাৰ ডবলছৰ শীৰ্ষ খেলুৱৈ হোৱাৰ যাত্ৰা আৰু জীৱনৰ সকলো বাধা আৰু প্ৰত্যাহ্বান সম্পৰ্কে সকলো কথা লিপিবদ্ধ কৰিছে । 

image


ছানিয়াই কয় যে ইয়াত ব্যক্তিগত কথা খুব কমেই লিখা হৈছে । কিন্তু নিজৰ বিবাহ সম্পৰ্কে ইয়াত তেওঁ লিখিছে । আনহাতে জীৱনৰ কঠিনতম সময়ৰ বিষয়ে তেওঁ কয়, 

"মই তিনিটা অস্ত্ৰোপচাৰৰ সন্মূখীন হৈছিলো । মই ভাল পোৱা খেলবিধৰ পৰা মই দূৰত থাকিবলগীয়া হৈছিল । দুমাহ ধৰি মই হতাশাত ভূগিছিলো । দুই-তিনি সপ্তাহ মই নিজৰ কোঠাত অকলে থাকিলো । মই নিজৰ আবেগ সম্পৰ্কে এই কিতাপখনত বহুত কথা লিখিছো । মই কেনেকুৱা সেই সম্পৰ্কে বহুত কথাই আছে ইয়াত ।" 


ছানিয়াই কয যে তেওঁ এই কিতাপখন মানুহে আদৰি ল'ব বুলি আশাবাদী । তেওঁ কয়, "মই এক নম্বৰ খেলুৱৈ হৈ থাকিবলৈ চেষ্টা চলাই যাম আৰু এক নম্বৰ খেলুৱৈ ৰূপে নিজৰ কেৰিয়াৰ শেষ কৰিম । কেৰিয়াৰ নিম্নগামী হলে খেল এৰি দিয়া সহজ কিন্তু এক নম্বৰ হৈ থকা অৱস্থাত খেল এৰাটো টান ।"

image


উল্লেখযোগ্য যে এই কিতাপখন শেষ কৰিবলৈ ছানিয়াক পাঁচ বছৰ লাগিছিল । তেওঁ কয় , "মই জীৱনত বহু উত্থান পতন দেখিছো । মই আশা কাৰাতকৈ বহু বেছি পাইছো । মোৰ আৰু মোৰ পৰিয়ালৰ বাবে বিশ্বৰ এক নম্বৰ খেলুৱৈ হোৱাটো আনন্দৰ কথা । এয়া কষ্টকৰ কিন্তু ইয়াৰ পৰা পোৱা আনন্দ বুজাব নোৱাৰি । আটাইতকৈ ডাঙৰ কথা হ'ল যে আপুনি নিজৰ দেশৰ প্ৰতিনিধি হৈ পৰে ।" 

ছানিয়াই কয়, "মোৰ সৰুৰে পৰা সপোন আছিল অলিম্পিক আৰু উইম্বলডন খেলা । আন্তঃৰাষ্ট্ৰীয় মঞ্চত যেতিয়া ভাৰতৰ ছানিয়া মিৰ্জা বুলি ঘোষণা কৰা শুনো তেতিয়া মই এক এনাবিল আনন্দ পাওঁ । ইয়েই আটাইতকৈ ডাঙৰ সফলতা ।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

যাওঁ ব'ল বুলি বিনা দ্বিধাই ক'বলৈ jaobol.com

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

আনক সহায় কৰাটো মোৰ অধিকাৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক ড° উদ্ধৱ ভৰালী