সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ ৰূপায়ণৰ বাবে বিভিন্ন প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ ৰূপায়ণৰ বাবে বিভিন্ন প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Saturday March 25, 2017,

2 min Read

প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ ৰূপায়ণৰ বাবে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত নিৰ্দ্ধাৰিত অধিশুল্ক আঁতৰোৱা বিষয়ত কাষ্টম আৰু আবকাৰী আইন বলবৎ কৰাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন জনোৱা হয় । এই প্ৰস্তাৱসমূহ হৈছে- 

১. ১৯৬২ চনৰ কাষ্টম আইন বলবৎ

২. ১৯৭৫ চনৰ কাষ্টম তাৰিফ আইন বলবৎ

৩. ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰী আইন বলবৎ

৪. ১৯৮৫ চনৰ কেন্দ্ৰীয় আবকাৰী তাৰিফ আইন ৰদ

image


৫. যিকোনো উপকৰযুক্ত আইন বলবৎ বা ৰদ

ওপৰোক্ত প্ৰস্তাৱসমূহৰ পৰা তলত উল্লিখিত ধৰণে লাভৱান হেৱা যাবঃ- 

১. ১৯৬২ চনৰ কাষ্টম আইনৰ ১০৮(ক) আৰু ১০৮(খ) ধাৰাৰ অন্তৰ্ভূক্তিৰে আমদানি/ৰপ্তানি সামগ্ৰী সম্পৰ্কীয় সকলো তথ্য আমদানি/ৰপ্তানি কৰা ব্যক্তি বিশেষে জমা দিব লাগিব আৰু প্ৰতিবিধ সামগ্ৰীৰ উচিত মূল্য নিৰ্দ্ধাৰণ হৈছেনে নাই তাৰ বিশদ বিশ্লেষণ কৰা হ’ব। ৰপ্তানি প্ৰসাৰ আঁচনিসমূহৰ অপব্যৱহাৰ বন্ধ হ’ব আৰু লগতে কাষ্টম আইন অমান্য কৰাৰ দৰে অপৰাধ কমিব।

২. সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ ৰূপায়ণৰ পিছত অদৰকাৰী হৈ পৰা যিকোনো উপকৰযুক্ত আইন বলবৎ বা ৰদ কৰা হ’ব আৰু তাৰ ফলত কৰৰ বহুলতা নোহোৱা হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

উত্তৰ-পূৰ্বাঞ্চলৰ পথ সংযোগী প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাবে কেবিনেটৰ অনুমোদন

ষ্টাৰ্ট আপৰ কাৰণে পুঁজি যোগানৰ বাবে পুঁজি (এফ এফ এছ)গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’