ষ্টাৰ্ট আপৰ কাৰণে পুঁজি যোগানৰ বাবে পুঁজি (এফ এফ এছ)গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

ষ্টাৰ্ট আপৰ কাৰণে পুঁজি যোগানৰ বাবে পুঁজি (এফ এফ এছ)গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Saturday March 25, 2017,

2 min Read

প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ষ্টাৰ্ট আপৰ কাৰণে পুঁজি যোগানৰ বাবে পুঁজি (এফ এফ এছ)গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।এই পুঁজি যোৱা বছৰৰ জুন মাহতে ১,০০০ কোটি টকাৰে প্ৰতিষ্ঠা কৰা হৈছিল।

image


১. এফ এফ এছে সহযোগ কৰা বিকল্প বিনিয়োগ পুঁজিয়ে ১৭.০২.২০১৬ তাৰিখৰ গেজেট ন’টিফিকেশ্যনমতে অৰ্হতাযুক্ত ষ্টাৰ্ট আপলৈ এফ এফ এছে আগবঢ়োৱা ধনৰ অন্ততঃ দুগুণ পৰিমাণ আগবঢ়াব। ষ্টাৰ্ট আপলৈ আগবঢ়োৱা ধন যদি সম্পূৰ্ণকৈ মুকলি কৰাৰ আগতেই ষ্টাৰ্ট আপটো বন্ধ হৈ যায়, তেন্তে বাকী থকা ধনখিনি পিছত মুকলি কৰিব পাৰিব।

২. এফ এফ এছে পুঁজি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত সকলো আইনী, প্ৰশাসনিক আৰু প্ৰযুক্তিগত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বিকল্প বিনিয়োগ পুঁজিৰ সকলো ব্যৱস্থা মানি চলিব। এই ধন এফ এফ এছৰ খাটাত প্ৰতি অৰ্ধ বছৰৰ আৰম্ভণি, অৰ্থাৎ ১ এপ্ৰিল আৰু ১ অক্টোবৰ তাৰিখে জমা হ’ব।

পটভূমিঃ

২২.০৬.২০১৬ তাৰিখে অনুষ্ঠিত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ চক্ৰ আৰু পুঁজি উপলব্ধ থকাৰ ওপৰত ভিত্তি কৰি ১,০০০ কোটি টকাৰে ষ্টাৰ্ট আপৰ কাৰণে পুঁজি যোগানৰ বাবে পুঁজি (এফ এফ এছ)গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল। এই পুঁজি যোৱা বছৰৰ জুন মাহতে ১,০০০ কোটি টকাৰে প্ৰতিষ্ঠা কৰা হৈছিল। ইকুইটি বা ইয়াৰ লগত সম্পৰ্কিত বিভিন্ন ষ্টাৰ্ট আপক প্ৰথম অৱস্থাত, মাজতে আৰু প্ৰগতিৰ সময়ত এফ এফ এছে বিকল্প বিনিয়োগ পুঁজিত অৰিহণা যোগাব বুলি সিদ্ধান্ত কৰা হৈছিল।

ভাৰতীয় ক্ষূদ্ৰ উদ্যোগ উন্নয়ন বেংকে এফ এফ এছৰ সমগ্ৰ প্ৰশাসন আৰু পৰিচালনাৰ দায়িত্ব বহন কৰিব। ছেবিত পঞ্জীয়নভূক্ত বিকল্প বিনিয়োগ পুঁজিত এফ এফ এছে অৰিহণা যোগাব যি হয়তো বিকল্প বিনিয়োগ পুঁজিতকৈ ৩৫ শতাংশ বেছিও হ’ব পাৰে।

২২.০৬.২০১৬ তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত সিদ্ধান্ত কৰা হৈছিল যে এফ এফ এছ আৰু আন বিকল্প বিনিয়োগ পুঁজি সমূহত গোট খোৱা ধন কেৱল ষ্টাৰ্ট আপতহে খৰচ কৰা হ’ব। অংশীদাৰসকলৰ বৈঠকত এই কথা স্পষ্ট কৰি দিয়া হয়।

অংশীদাৰসকলে উল্লেখ কৰা আন এটা বিষয় হ’ল যে, ষ্টাৰ্ট আপবোৰে পুঁজিৰ বাবে আবেদন কৰাৰ পিছত ধন মুকলি কৰি দিয়ালৈকে সময় লাগে, আৰু এই সময়ৰ ভিতৰত কোনো কোনো ষ্টাৰ্ট আপৰ আয় ২৫ কোটিতকৈ অধিক হ’বগৈও পাৰে, কিন্তু তেতিয়াও সেই ষ্টাৰ্ট আপক পুঁজিৰ প্ৰয়োজন নোহোৱাকৈ নাথাকে। তদুপৰি ষ্টাৰ্ট আপক প্ৰথম অৱস্থাত, মাজতে আৰু প্ৰগতিৰ সময়তো পুঁজিৰ প্ৰয়োজন হয়।

ভাৰতীয় ক্ষূদ্ৰ উদ্যোগ উন্নয়ন বেংকে এটা কথা স্পষ্ট কৰি দিয়ে যে বিকল্প বিনিয়োগ পুঁজিয়ে ধন মুকলি কৰি দিয়াৰ পিছত তাৰ ক্ষতিপূৰণৰ দায়িত্ব বেংকে গ্ৰহণ নকৰে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’