উত্তৰ-পূৰ্বাঞ্চলৰ পথ সংযোগী প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাবে কেবিনেটৰ অনুমোদন

উত্তৰ-পূৰ্বাঞ্চলৰ পথ সংযোগী প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাবে কেবিনেটৰ অনুমোদন

Saturday March 25, 2017,

2 min Read

প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ৰ কেবিনেটৰ বৈঠকত মেঘালয় আৰু মিজোৰামৰ ৪০৩ কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

এই ৪০৩ কিলোমিটাৰ পথৰ প্ৰায় ৫২ কিলোমিটাৰ পথ মেঘালয় আৰু ৩৫১ কিলোমিটাৰ পথ মিজোৰামৰ। এই প্ৰকল্প ই পি চি মাধ্যমেৰে সম্পন্ন কৰা হ’ব।

image


এই প্ৰকল্পৰ বাবদ ভূমি ক্ৰয়, পুনঃসংস্থাপন আৰু আন সকলো খৰচ ধৰি প্ৰায় ৬,৭২১ কোটি টকা খৰচৰ অনুমান কৰা হৈছে।

২০১৭-১৮ বিত্তীয় বৰ্ষত এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব। নিৰ্মাণৰ কাম ২০২১ চনৰ ভিতৰত আৰু চোৱাচিতাৰ কাম ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

এই প্ৰকল্পই মেঘালয় আৰু মিজোৰামৰ উপকন্ঠ অঞ্চলৰ আন্তঃগাঁথনি উন্নত কৰি আৰ্থসামজিক উন্নয়নত সহায় কৰিব। ইয়াৰদ্বাৰা আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰ পথ সংযোগ ব্যৱস্থাও উন্নত হ’ব।

‘উত্তৰ-পূৰ্বাঞ্চলৰ পথ সংযোগী প্ৰকল্পৰ প্ৰথম পৰ্যায়’ৰ আঁচনিৰ অধীনৰ এই দুইলে’নযুক্ত পথ নিৰ্মাণৰ প্ৰকল্পৰ বাবে জাপান ইন্টাৰনেশ্যনেল কোপাৰেশ্যন এজেন্সি, চমুকৈ জাইকাৰ পৰা ঋণ লোৱা হৈছে।

পটভূমিঃ

বৰ্তমান সেই অঞ্চল সংযোগী এটা লে’নৰ বা তাতকৈও ঠেক পথ আছে। সেই পথৰ অৱস্থা অতি শোচনীয় আৰু কোনো কোনো অঞ্চলত যান-বাহন পাৰ হোৱাটোৱেই সম্ভৱ নহয়। কোনো কোনো অঞ্চলত ভূমিস্খলন বা বানপানীৰ বাবে বাট-পথৰ অৱস্থা অতিশয় শোচনীয়। সেই ঠাইত দুইলে’নযুক্ত পথ নিৰ্মাণ কৰা হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

ষ্টাৰ্ট আপৰ কাৰণে পুঁজি যোগানৰ বাবে পুঁজি (এফ এফ এছ)গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’