এখন হাতেৰেই ৰচিত কুলশ্ৰেষ্ঠ আন বহুততকৈ সফল

এখন হাতেৰেই ৰচিত কুলশ্ৰেষ্ঠ আন বহুততকৈ সফল

Sunday October 09, 2016,

2 min Read

ছবছৰ বয়সত কৰ্কট ৰোগৰ বাবে এখন হাত কাটি পেলাব লগীয়া হৈছিল ৰচিত কুলশ্ৰেষ্ঠৰ । কিন্তু এই কথাক লৈ তেওঁ কোনোদিনে কোনো কথাতে পিছ পৰি ৰোৱা নাছিল । নিজৰ ধৰণে এটা সম্পূৰ্ণ জীৱন কটাই আহিছে ৰচিতে । আজি তেওঁ ক্ৰিকেট, ডাবা, টেবল টেনিছ খেলে । কেৱল সেয়ে নহয় ১৩,৫০০ ফুট ওখ এটা পৰ্বত তেওঁ দুবাৰকৈ বগাইছে ।

Image : Humans of Bombay

Image : Humans of Bombay


জীৱনৰ প্ৰথমছোৱাত বিভিন্ন সংঘাতৰ সন্মূখীন হৈছিল ৰচিত । সমনীয়াই ঠাট্টা কৰাৰ উপৰিও আনবোৰ শিশুৰ দৰে সকলোবোৰ সা-সুবিধা ভোগ কৰিব নোৱাৰিছিল তেওঁ । কিন্তু ই তেওঁৰ মনোবল হ্ৰাস কৰিব পাৰ নাছিল । ফেচবুকত তেওঁ মৰ ভাৱ প্ৰকাশ কৰিছে এইদৰে-

"মই ফুটবল বলিয়া আছিলো আৰু ফুটবল খেলিবলৈ মই কঠোৰ পৰিশ্ৰম কৰিছিলো । ফলত মই আন্তঃস্কুল ফুটবল খেলাৰ সুযোগ পাইছিলো । প্ৰথম খেলখন মোৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব । যেতিয়া বিপক্ষৰ প্ৰশিক্ষকে গম পালে যে মই আমাৰ দলৰ গ'লৰক্ষক তেতিয়া তেওঁ ঘোষণা কৰিলে যে তেওঁৰ দল অতি কমেও ছয় গ'লত জিকিব । কিন্তু এই কথাি মোক অলপো বিচলিত কৰা নাছিল আৰু আমি ৪-২ত জিকিলো । মোৰ আত্মবিশ্বাস বাঢ়িল- যে চেষ্টা কৰিলে মই যিকোনো কামেই কৰিব পাৰোঁ ।"

ৰচিতে নিজৰ জীৱনটো সম্পূৰ্ণভাৱে উদযাপন কৰিছে । বিভিন্ন কাম সফলতাৰে কৰিছে । ৱেইটাৰ, বাৰটেণ্ডাৰ, হোটেল মেনেজাৰ, কল চেণ্টাৰ কৰ্মী আদি বিভিন্ন কাম তেওঁ কৰিছে । বিভিন্ন ঠাই ঘুৰিছে । তেওঁ কবিতাও লিখে আৰু এজন উদ্যমী হিচাপে তেওঁ চিক্ৰেট লকেটৰছ নামেৰে এটা প'ষ্ট ফিল্ম প্ৰডাক্সন কোম্পানীও স্থাপন কৰিছে ।

২০১৪ চনত ৰচিত পুনৰবাৰ কৰ্কট ৰোগত আক্ৰান্ত হয় যদিও তেওঁ পুনৰ এই ৰোগ জয় কৰে । "মোৰ অদৃশ্য হতখনে কেন্সাৰক েটা অদৃশ্য বুঢ়া আঙুলি দেখুৱাই আহিছে ।" তেওঁ কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে অসমত গঢ়ি উঠিছে এটা কৃষি বিপ্লৱ

সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ  

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in

মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী