সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ

সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ

Sunday September 18, 2016,

3 min Read

১ম দিন- গৱেষণা

আপুনি জানেনে সকলোবোৰ বহু কোটিটকীয়া কোম্পানী কেনেকৈ আৰম্ভ হৈছিল ? নিজৰ আশে পাশে থকা সমস্যা একোটাৰ সমাধান বিচাৰি আৰম্ভ কৰা হৈছিল এই কোম্পানী সমূহ । 

গতিকে নিজৰ ভিতৰৰ গৱেষকজনক জগাই তোলক আৰু চৌদিশে থকা সমস্যাসমূহ চাবলৈ যত্ন কৰক । আপুনি দেখা সকলো সমস্যাৰ এখন তালিকা প্ৰস্তুত কৰক । অতি কমেও দহটা এনে সমস্যাৰ তালিক বনাওক ।

২য় দিন- এটা ধাৰণা বা আইদিয়া সৃষ্টি কৰক

এতিয়া আপুনি জানে কোনবোৰ সমস্যাই মানুহক জুৰুলা কৰিছে । এতিয়া চিন্তা কৰক এই সমস্যাৰ আপুনি কি সমাধান দিব পাৰে । নাভাবিব যে আপোনাৰ বয়স কম বাবে আপুনি এই সমস্যাৰ সমাধান উলিয়াব নোৱাৰিব । ৫ বছৰীয়া জো জাৰৱিছে ওচৰ চুবুৰীয়াক জাবৰ নিষ্কাশনত সহায় কৰাৰপৰাই এটা সফল ব্যৱসায় আৰম্ভ হৈছিল ।

image


৩য় দিন- মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক 

আজিলৈকে আপুনি বহুত মানুহ লগ পাইছে । স্কুল কলেজৰ সহপাঠী, শিক্ষক, ছচিয়েল মিডিয়াৰ বন্ধু অথবা আন বিভিন্ন লোক আপোনাৰ বন্ধু । আপোনাৰ ধাৰণাটোক এটা ব্যৱসায়ৰ ৰূপ দিয়াৰ ক্ষেত্ৰত বা এটা কোম্পানী প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনবোৰ লোক আপোনাৰ সৈতে জড়িত হ'ব পাৰে সেই কথা চিন্তা কৰক ।

আদৰ্শগতভাৱে এটা গোটত এজন উদ্ভাৱক, এজন প্ৰডাক্ট ডিজাইনাৰ, এজন বিপণন বিশেষজ্ঞ আৰু আৰ্থিক পৰামৰ্শদাতা থাকিব লাগে । এটা ব্যৱসায় চলাবলৈ এই কেইটা গুণৰ দৰকাৰ । এবাৰ এই তালিকাখন বনোৱাৰ পাছত তেওঁলোকৰ সৈতে আপোনাৰ ধাৰণাটোৰ বিষয়ে কথা পাতক । তেওঁলোকে আপোনাৰ ধাৰণাটো চুৰ কৰিব বুলি ভয় নাখাব । বৰঞ্চ ইয়াৰ বিষয়ে মানুহৰ সৈতে কথা পাতোঁতে পাতোঁতে ধাৰণাটো অলপ বিকশিত হ'ব ।

৪ৰ্থ দিন- সৃষ্টি কৰক

এতিয়া আপোনাৰ হাতত এটা সমস্যা, এটা সমাধান আৰু এটা গোট আছে । এতিয়া উদ্ভাৱনৰ সময় । এই কামটোত দেৰি নকৰিব । আপুনি এটা MVP অথবা Most Viable Product বা প্ৰট'টাইপ সৃষ্টি কৰক ।

৫ম দিন- আপোনাৰ সৃষ্টিৰ বিষয়ে জনাওক

আপুনি কি সৃষ্টি কৰিছে সেই কথা আনক জনোৱাৰ সময় । আপোনাৰ গ্ৰাহক আৰু আপোনাৰ পথপ্ৰদৰ্শকসকলৰ উপৰিও আন আন উদ্যমীসকলক জনাওক আপোনাৰ প্ৰডাক্টৰ কথা । ১০০০ মানুহৰ লক্ষ্য ৰাখক আৰু সকলোৰে মতামত টুকি ৰাখক।

৬ষ্ঠ দিন- এখোজ পিছলৈ 

আপোনাৰ প্ৰডাক্ট উন্নত কৰিবলৈ আপুনি বহু মতামত পাব । এই সকলোবোৰ ভালকৈ মন কৰক আৰু প্ৰডাক্টটো নতুনকৈ সৃষ্টি কৰক । যেতিয়া আপুনি সন্তুষ্ট হব তেতিয়াই প্ৰডাক্টটো মুকলি কৰাৰ সময় ।

৭ম দিন- প্ৰডাক্ট মুকলি 

প্ৰতিটো সফল কোম্পানীয়ে তেওঁলোকৰ প্ৰথম ১০০০ গ্ৰাহক লন্সিঙৰ পাছতেই খুব সোনকালে লাভ কৰে । এই লক্ষ্য প্ৰাপ্তিৰ বাবে আপুনি আগ্ৰাসীভাৱে কাম কৰিব লাগিব । প্ৰতিদিনে আপুনি আপোনাৰ প্ৰডাক্ট উন্নত কৰাৰ চিন্তা কৰাৰ লগতে সঘনাই ইয়াক উন্নত কৰি যাব লাগিব ।

মূল- দিবাকৰ বালা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গান্ধীজি আৰু এটা প্ৰৱন্ধ

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে