মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী

মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী

Friday September 16, 2016,

1 min Read

এই বছৰৰ আগষ্ট মাহত পূৱ সীমান্ত ৰেলৱেৰ এখন মালবাহী ৰেলে বিশাখাপট্টনমৰপৰা যাত্ৰা আৰম্ভ কৰাৰ ক্ষণটো ভাৰতীয় ৰেলৰ ইতিহাসৰ এক উল্লেখযোগ্য মূহুৰ্ত হৈ ৰ'ব । কাৰণ এই ৰেলখনৰ যাত্ৰা আৰম্ভ হৈছিল মালগাড়ীৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম মহিলা ৰেল গাৰ্ড ইউ এইছ লক্ষ্মীয়ে সেউজ পতাকা জোকৰাৰ লগে লগে । এই যাত্ৰা আছিল উৰিষ্যাৰ ৰায়গড়লৈ ।

Image : (L) - The Hindu; (R) - Panoramio

Image : (L) - The Hindu; (R) - Panoramio


ৰেল বিভাগত চাকৰি কৰা স্বামীৰ মৃত্যুৰ পাছত লক্ষ্মীক ২০১১ চনত কেৰণীৰ চাকৰি এটা দিয়া হৈছিল ৰেল বিভাগত । বিভাগীয় পৰীক্ষাত ভাল ফলাফল দেখুৱাই তেওঁ ৰেল গাৰ্ডৰ চকৰিৰ বাবে যোগ্যতা অৰ্জন কৰে । পৰীক্ষাৰ ফলাফলৰ পাছত যোৱা বছৰৰ নৱেম্বৰত ঝাৰখণ্ডৰ চিনিত অৱস্থিত মাণ্ডলিক ৰেল প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লাভ কৰে ।

ৰেল গাৰ্ডৰ চাকৰি ভাৰতীয় ৰেলৰ এক অন্যতম কঠিন চাকৰি । প্ৰচণ্ড গৰম আৰু বাৰিষা বৰষুণৰ চিটিকনি সহ্য কৰিবলগীয়া হোৱাৰ উপৰিও একোজন গাৰ্ডে পানীৰ অভাৱতো ভূগিবলগীয়া হয় । প্ৰায়েই ঘণ্টাৰ পিছত ঘণ্টা এটা টৰ্চ লাইটৰ সহায়তে অকলে কটাবলগীয়া হয় একোজন গাৰ্ডে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে

দুখন হাত প্ৰতিস্থাপন কৰা প্ৰথম শিশু জায়নে এতিয়া লিখিবলৈ আৰম্ভ কৰিছে

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই