শ্বিলঙত জন্ম হৈছিল এটিএমৰ উদ্ভাৱকৰ

শ্বিলঙত জন্ম হৈছিল এটিএমৰ উদ্ভাৱকৰ

Friday July 14, 2017,

2 min Read

এটিএম অৰ্থাৎ অটমেটিক টেলাৰ মেচিন ১৯৬৭ চনত লণ্ডনত জন শ্বেফাৰ্ড আৰু জেমছ গুডফেল'ৱে উদ্ভাৱন কৰিছিল । লণ্ডনৰ বাৰ্কলেইজ বেংকৰ এটিএম আছিল প্ৰথমটো এটিএম আৰু ১৯৬৯ চনত আমেৰিকাৰ কেমিকেল বেংকে নিউ য়ৰ্কৰ ৰকৱিলত এটিএম স্থাপন কৰে । টেলাৰ শব্দটোৰ অৰ্থ হৈছে বেংকত গ্ৰাহকক ধন আদায় দিয়া ব্যক্তিজন । 

image coutesy: cbc.ca

image coutesy: cbc.ca


এটিএমে বেংকিং ক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিলে যদিও প্ৰথম অৱস্থাত ইয়াৰ ব্যৱহাৰ প্ৰণালী আছিল অত্যন্ত জটিল । লাহে লাহে ১৯৮০ চন মানলৈ এটিএম মেচিন যথেষ্ট জনপ্ৰিয় হৈ পৰিল আৰু লাহে লাহে এইবোৰ ধন াহৰণৰ লগতে চেক জমা কৰাৰ কামতো ব্যৱহাৰ হ'বলৈ ধৰিলে ।

অৱশ্যে ১৯৬০ চনত জাপানত এটা এটিএম সদৃশ যন্ত্ৰ নিৰ্মাণৰ বিষয়ে শুনা যায় । অৱশ্যে এই যন্ত্ৰটো েটা ঋম যন্ত্ৰহে আছিল আৰু ইয়াৰ যোগেদি ঋণ দিয়া হৈছিল । এটিএম বিকশিত হোৱাৰ পাছত প্ৰথম অৱস্থাত এইবোৰ অকল বেংকতে থোৱা হৈছিল। এইবোৰৰপৰা ধন উলিয়াবলৈ বেংকে কিছুমান ট'কেন দিছিল আৰু সেই ট'কেনবোৰ ব্যৱহাৰ কৰি কিছুমান পূৰ্বনিৰ্দ্ধাৰিত পৰিমাণৰ ধন উলিয়াবপৰা গৈছিল । 

জন বেৰনৰ জন্ম হৈছিল ১৯২৫ চনৰ ২৩ জুন শ্বিলঙত । তেওঁৰ পিতৃ আছিল েজন অভিযন্তা । আজিৰ ৪টা সংখ্যাৰ এটিএম পিন জন বেৰনৰেই দান । সেই সময়তে মুদ্ৰা ভৰাি দি চকলেট উলিয়াবপৰা মেচিন এটা চকুত পৰাত তেওঁৰ মনলৈ আহিল যে ধন উলিয়াবলৈ এনে এটা মেচিনৰ ধাৰণা আহিছিল ।

লণ্ডনৰ বৰ্কলেইজ বেংকৰ এটিএমটোৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে ইয়াক সোণেৰে পুণৰ নিৰ্মাণ কৰা হৈছে । প্ৰথম উদ্ভাৱনৰ সময়ৰপৰা আজিলৈকে এটিএমৰ বিভিন্ন ধৰণৰ সালসলনি ঘটিছে । প্ৰথমে এটা বেংকৰ এটিএমৰপৰা সেই বেংকৰ গ্ৰাহকেহে ধন উলিয়াব পাৰিছিল যদিও আজি যিকোনো এটিএমৰপৰা যিকোনো বেংকৰ গ্ৰাহকে ধন উলিয়াব পাৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পথত ভিক্ষা মাগিবলৈ বাধ্য হোৱা গাজী জালালুদ্দিনে আজি ৫০০ শিশুক বিনামূলীয়া শিক্ষা দিয়ে

কাশ্মীৰৰ ক্ৰিকেট প্ৰশিক্ষক ছাকিনা আখটাৰে যুঁজ দিছে সামাজিক বাধাৰ বিৰুদ্ধে

ডেলিভাৰী বয় ৰঘূবীৰৰ নিজা ষ্টাৰ্টআপ ব্যৱসায়