কাশ্মীৰৰ ক্ৰিকেট প্ৰশিক্ষক ছাকিনা আখটাৰে যুঁজ দিছে সামাজিক বাধাৰ বিৰুদ্ধে

কাশ্মীৰৰ ক্ৰিকেট প্ৰশিক্ষক ছাকিনা আখটাৰে যুঁজ দিছে সামাজিক বাধাৰ বিৰুদ্ধে

Wednesday December 28, 2016,

2 min Read

ছাকিনা আখটাৰৰ ইচ্ছা আছিল ভাৰতৰ বাবে ক্ৰিকেট খেলা । কিন্তু পৰিয়ালৰ সমৰ্থনৰ অভাৱত সেই সপোন মৰহি গ'ল । কিন্তু তেওঁ নিজৰ নিচা বাদ দিব নোৱাৰিলে আৰু বিগত আঠ বছৰ ধৰি তেওঁ কাশ্মীৰ বিশ্ববিদ্যালয়ত ক্ৰিকেট প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আহিছে । 

Source : The Tribune

Source : The Tribune


শ্ৰীনগৰৰ মুনাৱৰাবাদৰ বাসিন্দা ছাকিনা কাশ্মীৰৰ একমাত্ৰ অৰ্হতাপ্ৰাপ্ত ক্ৰিকেট প্ৰশিক্ষক । বৰ্তমান তেওঁ ৰাজ্যখনৰ ১৯ বছৰৰ অনুৰ্দ্ধৰ ছোৱালী দলটোক প্ৰশিক্ষণ দি আছে । 

"সৰুতে মই ল'ৰাৰ লগত ক্ৰিকেট খেলিছিলো । তেতিয়াই মোৰ খেলটোৰ প্ৰতি ধাউতি বাঢ়িছিল ।" ছাকিনাই কয় । কিন্তু সামাজিক বাধাৰ বাবে উচ্চতৰ মাধ্যমিক শ্ৰেণীত থাকোঁতে তেওঁ খেল বাদ দিব লগীয়া হয় । কিন্তু পিছলৈ তেওঁ জিলা পৰ্যায়ত খেলিবলা লয় আৰু ১৯৯৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে ১৯ বছৰ অনুৰ্দ্ধৰ দলত স্থান পায় । এই খেলতে তেওঁ শ্ৰেষ্ঠ বলাৰ আৰু সৰ্বাধিক ৰাণ স্ক'ৰাৰ হিচাপে "ৱমেন অৱ দা চিৰিজ" সন্মান লাভ কৰে । 

শ্ৰীনগৰৰ মহিলা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ বেছিভাগ সময় ক্ৰিকেট অনুশীলন কৰি কটাইছিল । বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ প্ৰথম ষান্মাষিকতে পঢ়া-শুনা বাদ দি দিল্লীলৈ গৈ ক্ৰীড়াৰ ডিপ্লমা লাভ কৰে । ২০০৯ চনত তেওঁ বি চি চি আইৰ প্ৰশিক্ষকৰ ডিপ্লমা পৰীক্ষা A লেভেলত উত্তীৰ্ণ হয় । ইয়াৰ পাছতে তেওঁ কেইবাটাও প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে । ২০০৭ চনত তেওঁ কাশ্মীৰ বিশ্ববিদ্যালয়ত প্ৰশিক্ষকৰ চাকৰিত সোমায় । বৰ্তমান তেওঁ ল'ৰা আৰু ছোৱালী উভয়কে প্ৰশিক্ষণ দিয়ে । ভবিষ্যতে এগৰাকী ৰাষ্ট্ৰীয় প্ৰশিক্ষক হোৱাৰ ইচ্ছা আছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

২০১৭ চনৰ পৰা সৌৰ আৰু বায়ু শক্তিৰে চলিব গুগল