পথত ভিক্ষা মাগিবলৈ বাধ্য হোৱা গাজী জালালুদ্দিনে আজি ৫০০ শিশুক বিনামূলীয়া শিক্ষা দিয়ে

বিঞ্জল শ্বাহ

0

সাত বছৰ বয়সত এদিন গাজী জালালুদ্দিনৰ ভাব হৈছিল সেইয়া তেওঁৰ জীৱনৰ শ্ৰেষ্ঠতম দিন । শ্ৰেণীত প্ৰথম হোৱাৰ খবৰটো দিবলৈ তেওঁ উধাতু খাই ঘৰ পাইছিলহি । 

কিন্তু ঘৰ পোৱাৰ লগে লগে তেওঁৰ োপৰত যেন সৰগহে ভাগি পৰিছিল । তেওঁ কয়, 

"মোৰ দেউতাই মোক কৈছিল যে আৰ্থিক অভাৱৰ বাবে মোৰ আৰু স্কুললৈ যোৱা নহ'ব ।"

কিন্তু সেই মূহুৰ্ত্তটোৱেই জন্ম দিছিল এটা আখ্যানৰ । এই আখ্যান সাহস আৰু অনুপ্ৰেৰণাৰ আখ্যান ।  

আৰ্থিক অনাটনে জুৰুলা কৰা গাজী পৰিয়ালে দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগদীয়া হৈছিল । অৱশেষত তেওঁলোকৰ আশ্ৰয়স্থলীও নাইকীয়া হৈ পৰিল । সুন্দৰবনত তেওঁলোকৰ গাওঁ এৰি তেওঁলোক কলকাতাৰ পদপথৰ বাসিন্দা হ'ল ।  পদপথত শুই পথত ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈ পৰিল তেওঁলোকে । এই অৱস্থাতে তেওঁৰ পিতৃৰ মৃত্যু ঘটিল । পিতৃৰ মৃত্যুৰ পাছত জালালুদ্দিনৰ মাতৃয়ে সিদ্ধান্ত ল'লে তেওঁলোকৰ সুন্দৰবনৰ ঘৰলৈ ঘূৰি যোৱাৰ । ইফালে ১২ বছৰ বয়সতে জালালুদ্দিনে কলকাতাত ঠেলা আৰু হাতেৰে টনা টাঙ্গা চলোৱাৰ কাম আৰম্ভ কৰে । এই কাম তেওঁ ১৮ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ সময়লৈকে কৰি যায় । 

সময় আগবাঢ়ি হৈ থাকিল যদিও গাজীৰ মনত তেওঁৰ শ্ৰেণীকোঠাৰ স্মৃতি সজীৱ হৈয়ে থাকিল । তেওঁ কয়, "মই পঢ়া এৰিবলগীয়া হোৱা কথাটোৱেও মোক সদায় আমনি কৰি ৰাখিছিল । মোৰ দৰে স্কুল এৰিবলগীয়া হোৱা আন সকলৰ কথা ভাবিও মই কষ্ট পাইছিলো । মই সিদ্ধান্ত লৈছিলো যে যদিহে কেতিয়াবা মোৰ অৱস্থাৰ উন্নতি হয় তনেহলে মই কোনো শিশুকে শিক্ষাৰপৰা বঞ্চিত হ'বলৈ নিদিও ।" 

এই সিদ্ধান্তই তেওঁৰ ধন ঘটাৰ ইচ্ছাক আৰু শক্তিশালী কৰি তুলিলে । টাঙ্গা চলোৱাৰ ফাঁকে ফাঁকে তেওঁ এজন বন্ধুৰপৰা টেক্সী চলাবলৈও শিকিলে আৰু ১৯ বছৰ বয়সত তেওঁ টেক্সী চলাবলৈ আৰম্ভ কৰিলে । 

ইতিমধ্যে পৈতৃক গাওঁ সুন্দৰবনত তেওঁ দুখীয়া শিশুৰ শিক্ষাৰ বাবে এখন সমিতি গঠন কৰিলে । সুন্দৰবন ড্ৰাইভিং কমিটি নামৰ সমিতিখনে ১০ টা শিশুক সদস্য কৰি ল'লে । তেওঁ কয়, "মই তেওঁলোকক ক'লো যে তেওঁলোকক মই গাড়ী চলাবলৈ শিকাম আৰু তেওঁলোকক চাকৰি পোৱাত সহায় কৰিম কিন্তু তাৰ বিনিময়ত তেওঁলোকে নিজৰ দৰমহাৰপৰা ৫ টকা এটা পুঁজিলৈ আগবঢ়াব লাগিব আৰু দুটা শিশুক পঢ়াব লাগিব । এই দুটা শিশুও সমিতিৰ সদস্য হ'ব আৰু আন দুটা শিশুক পঢ়াব লাগিব । জমা হোৱা বৰঙণি শিক্ষালাভ কৰিব নোৱৰা এটা শিশুক দান দিয়া হ'ব ।"

এই পদ্ধতিৰে তেওঁ অতি সোনকালে সফলতা লাভ কৰিলে । ১০ৰপৰা ২০, ২০ৰপৰা ৪০ এইদৰে বাঢ়ি গৈ এই সংখ্যা ৫০০ পালেগৈ । 

"এতিয়া আমাৰ গাৱঁৰ প্ৰতিজন লোকেই টেক্সী, টাঙ্গা, ৰিক্সা, সৰু ডাঙৰ গাড়ী আদি চলাব পাৰে ।" তেওঁ কয় ।

ইয়াৰ পাছত লেই শিশুবোৰৰ কাপোৰ, কিতাপ আদি যোগান ধৰাৰ চেষ্টা কৰা হ'ল । যেতিয়া জমা পুঁজিৰে সেয়া সম্ভৱ নোহোৱা হ'ল তেতিয়া জালালুদ্দিনে তেওঁৰ টেক্সীৰ যাত্ৰীসকলৰ সৈতে কথআ পাতি তেওঁলোকৰপৰা দান-বৰঙণি ল'বলৈ ধৰিলে । 

লাহে লাহে তেওঁৰ প্ৰচেষ্টাি ফল ধৰা দেখি গাজীয়ে এইবাৰ আৰু ডাঙৰকৈ চিন্তা কৰিবলৈ ধৰিলে । তেওঁ এইবাৰ একন স্কুল খুলিলে । "মই সকলোকে স্কুল একন খুলিবৰ কাৰণে মাটি বিচাৰিলো যদিও সকলোৱে মোক বিমূখ কৰিলে । অৱশেষত মি নিজে পইছা জমা কৰি ১৯৯৮ চনত মোৰ দুটা সন্তানক স্কুললৈ পঠোৱাৰ লগতে এডোখৰ মাটি কিনি দুটা কোঠাৰ এটা ঘৰ বনালো । ইয়াৰে এটা কোঠাত মই নিজে থাকিবলৈ লোৱাৰ লগতে আনটোত এখন পঢ়াশালি পাতিলো । মোৰ দুটা ল'ৰাৰ নামেৰে স্তুলখনৰ নাম দিলো ইছমাইল-ইস্ৰাফিল প্ৰাথমিক বিদ্যালয় ।" তেওঁ কয় । 

বছৰি বছৰি তেওঁৰ দান বৰঙণিৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিলে আৰু শিশুসকলৰ কিতাপ-পত্ৰৰ লগতে শিক্ষকৰ দৰমাহাৰ বাবেও ধন যোগাৰ হবলৈ ধৰিলে । স্কুলখনত শ্ৰেণীৰ সংখ্যা চতুৰ্থ শ্ৰেণীলৈকে বাঢ়িল ।  

এদিন টেক্সী চলাই থকা  অৱস্থাত তেওঁ গম পালে যে পাঁচজন ককাই ভায়ে নিজৰ সম্পত্তি বেচাৰ পৰিকল্পনা কৰিছে । তেওঁ তেওঁলোকক লগ কৰি তেওঁলোকৰপৰা এডোখৰ মাটি লাভ কৰিবলৈ সক্ষম হ'ল । সেই মাটিডৰা তেওঁৰ ঘৰটোতকৈ পাঁচঘুণ ডাঙৰ আছিল । তেওঁ স্কুলখন নিৰ্মাণ কৰিলে । এই কামত সহায় কৰিবলৈ অন্যান্য বহু লোক আগবাঢ়ি আহিল ।  

কলকাতাৰ এজন ভদ্ৰলোক দ্বিতীয়খন স্কুল নিৰ্মাণত সহায় কৰিবলৈ আগবাঢ়ি আহিল । ২০০৯ চনত এই স্কুলৰ নিৰ্মাণকাৰ্য সম্পন্ন হ'ল । প্ৰথমে চাৰিজন আৰু পাছলৈ ৮ জন শিক্ষক নিযুক্ত কৰা হ'ল আৰু ১০০ জন ছাত্ৰই নামভৰ্তি কৰিলে । ২০১২ চনলৈ এই সংখ্যা ২০০ জনলৈ বৃদ্ধি পালে । 

আজি এই দুয়োখন স্কুলৰে ছাত্ৰ সংখ্যা ৪০০ । গাজীয়ে কয় যে তেওঁ এই কামত সহায় আগবঢ়োৱা প্ৰতিজন লোকৰ ওচৰত কৃতজ্ঞ । "কোনোবাই টকা-পইছা, কোনোবাই চিমেন্ট আৰু কোনোবাই ইটা দান হিচাপে আগবঢ়াইছে।" তেওঁ কয় ।

২০১১ চনত তেওঁ কিছু আৰু ভূমি ক্ৰয় কৰে আৰু তেওঁৰ তৃতীয়টো ভৱন নিৰ্মাণ কৰে । 

গাজীয়ে স্কুল স্থাপন কৰাৰ আগতে একেবাৰে সমীপৰ চৰকাৰী স্কুলখন আছিল ৪০ কিলোমিটাৰ দুৰত । "মই স্থাপন কৰা স্কুলখন এই স্কুলতকৈ ডাঙৰ আৰু ই সম্পূৰ্ণ কাৰ্যক্ষম ।" গাজীয়ে কয় ।

৬৫ বছৰীয়া গাজীৰ দৃষ্টিশক্তি আঝি কিছু দুৰ্বল । কিন্তু তথাপি তেওঁ এতিয়াও অলপ অচৰপ গাড়ী চলায় আৰু দান-বৰঙণি যোগাৰ কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কাশ্মীৰৰ ক্ৰিকেট প্ৰশিক্ষক ছাকিনা আখটাৰে যুঁজ দিছে সামাজিক বাধাৰ বিৰুদ্ধে

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে