ডেলিভাৰী বয় ৰঘূবীৰৰ নিজা ষ্টাৰ্টআপ ব্যৱসায়

ডেলিভাৰী বয় ৰঘূবীৰৰ নিজা ষ্টাৰ্টআপ ব্যৱসায়

Saturday July 08, 2017,

2 min Read

আজিৰ দিনত বেছিভাগ মানুহেই নিজৰ দুৱাৰমূখতে সকলোবোৰ সেৱা পাবলৈ বিচাৰে । ইয়াৰ আলমতে বিভিন্ন বৃহৎ ই-কমাৰ্চ প্ৰতিষ্ঠানে গঢ়ি তুলিছে তেওঁলোকৰ ব্যাৱসায়িক সাম্ৰাজ্য । কিছুমান ষ্টাৰ্টআপেও এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে আৰু সামগ্ৰীৰ লগতে খাদ্য পৰিবহনৰ সেৱা আগবঢ়াইছে । ইয়াৰে বেছিভাগেই নিজৰ সেৱা আবদ্ধ ৰাখিছে চহৰ আৰু মহানগৰসমূহত । এই অভাৱ দূৰ কৰিবলৈ ৰঘূবীৰ সিং চৌধুৰীয়ে জয়পুৰত এটা চাহ আৰু অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰাৰ এটা ষ্টাৰ্টআপ গঢ়ি তুলিছে ।  

image


দুখীয়া পৰিয়ালত জন্ম হোৱা ৰঘূবীৰে আৰ্থিক দূৰৱস্থাৰ বাবে স্কুলৰ পাছত উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলে । তেওঁ উপাৰ্জনৰ বাবে এমেজন নামৰ ই-কমাৰ্চ প্ৰতিস্থানটোত ডেলিভাৰী বয় হিচাপে কাম আৰম্ভ কৰে । এই কামত তেওঁ ৯০০০ টকা পাইছিল । বাইক নথকা বাবে তেওঁ চাইকেলেৰে গ্ৰাহকৰ দুৱাৰে দুৱাৰে গৈছিল ।

এইদৰে চাইকেল চলাই ঘুৰি ফুৰোঁতে তেওঁৰ ভাগৰ লাগিছিল আৰু তেওঁ প্ৰায়ে চাহ একাপ বিচাৰিছিল । কিন্তু ভাল চাহ একাপ বিচাৰি পোৱাটো এটা সমস্যা হৈ দেখা দিছিল । সেয়েহে তেওঁৰ মনলৈ আহিল এই সমস্যাটো দূৰ কৰিবৰ কাৰণে এটা ষ্টাৰ্টআপ আৰম্ভ কৰাৰ কথা ।

তিনিজন বন্ধুৰ সৈতে লগ হৈ তেওঁ এই ব্যৱসায়ৰ পাতনি মেলে । অচিৰেই ১০০ গৰাকী চাহ বিক্ৰেতাৰ সৈতে তেওঁ সম্পৰ্ক স্থাপন কৰে । অতি শীঘ্ৰে তেওঁ নিজাকৈ এখন বাইক কিনিবলৈও সক্ষম হয় । 

বৰ্তমান ৰঘূবীৰে জয়পুৰত তিনিটা ডেলিভাৰী চেন্টাৰ চালায় আৰু দৈনিক ৬০০-৭০০ অৰ্ডাৰ লাভ কৰে । মাহে তেওঁ ১ লাখ টকা উপাৰ্জন কৰে আৰু ব্যৱসায়টোক তেওঁ আৰু আগবঢ়াই নিবলৈ দৃঢ়প্ৰতিজ্ঞ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

প্ৰথমটো ব্যক্তিগত চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় ষ্টাৰ্টআপ 'টীম ইণ্ডাছ'

দুৰ্ঘটনাৰ পাছৰ শাৰীৰিক বাধাগ্ৰস্ততাই প্ৰাক্তন খেলুৱৈ প্ৰীতিক দিলে নতুন জীৱন

মহানগৰীত ৰেষ্টোৰাঁ আৰু গ্ৰাহকৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে এটা এপভিত্তিক সেৱাই