চিকিউৰিটি গাৰ্ডৰ চাকৰিৰ পৰা চলচিত্ৰ জগতলৈ এৰে গৌড়াৰ উপন্যাসোপম যাত্ৰা

চিকিউৰিটি গাৰ্ডৰ চাকৰিৰ পৰা চলচিত্ৰ জগতলৈ এৰে গৌড়াৰ উপন্যাসোপম যাত্ৰা

Wednesday November 30, 2016,

2 min Read

কৰ্ণাটকৰ প্ৰথম মূখ্যমন্ত্ৰী কে চি ৰেড্ডীৰ নাতি ৰাম ৰেড্ডীয়ে নিৰ্মাণ কৰা এখন ছবি হৈছে তিথি । এই ছবিখনে ৬৩ তম ৰাষ্ট্ৰীয় ফিল্ম পুৰষ্কাৰ অনুষ্ঠানত শ্ৰেষ্ঠ কন্নড় ছবিৰ বঁটা লাভ কৰিছিল । ইয়াৰ উপৰিও ২০১৫ৰ পৰা ২০১৬ চনৰ ভিতৰত লোকাৰ্ণ আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱৰ দুটা পুৰষ্কাৰকে ধৰি সাতটা পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । এই ছবিখনৰ সহ পৰিচালক আৰু সহ চিত্ৰনাট্য লেখক হৈছে এৰে গৌড়া । তেওঁ ছবিখনৰ দ্বিতীয় ইউনিটৰ পৰিচালক, আৰ্ট আৰু কাষ্টিং ডাইৰেক্টৰ আৰু লাইন প্ৰডিউচাৰো । ৰাম ৰেড্ডীৰ ভাষাত তেওঁ ছবিখনৰ ৰাজহাড় । পিছে যি সময়ত ৰামে দিল্লীৰ চেইন্ট ষ্টিফেনছ কলেজত অধ্যয়ন কৰি প্ৰাগত ছবি নিৰ্মাণ শিকিছিল সেই সময়ত এৰেই নিজৰ চেষ্টাতে লেখক হৈছিল । 

Image: The Hindu

Image: The Hindu


"মোৰ ঘৰ মান্দ্যা জিলাৰ এখন সৰু গাৱঁত । মই গাৱঁতে মেট্ৰিক পৰ্যন্ত পঢ়িছিলো । পঢ়াত ভাল আছিলো যদিও ঘৰুৱা সমস্যাৰ বাবে মই বেছি পঢ়িব নোৱাৰিলো । মই দশম শ্ৰেণীত থাকোঁতে মোৰ মা কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । মই পঢ়া-শুনা বাদ দি মহীশুৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা আৰম্ভ কৰিছিলো । কেতিয়াবা মই তিনিটা শ্বিফ্টতো কাম কৰিবলগীয়া হৈছিল । মোৰ উপাৰ্জনেৰে মাৰ চিকিৎসা সম্ভৱপৰ নাছিল । এদিন মই মোৰ বন্ধু এজনৰ পৰামৰ্শত বাঙ্গালুৰুলৈ যাবলৈ সিদ্ধান্ত ল'লো ।"

"২০০০ চনত মই বাঙ্গালুৰুলৈ আহিলো আৰু ৰামৰ দেউতাকৰ প্ৰতিষ্ঠানত চিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আৰম্ভ কৰিলো । তেতিয়া মোৰ বয়স ১৮ বছৰ আৰু ৰামৰ বয়স ১১ । আমি বন্ধুত পৰিণত হ'লো আৰু আমি একেলগে খেলা-ধূলা কৰিছিলো । এটা সময়ত মোৰ মাৰ মৃত্যু হ'ল আৰু মই চাকৰি এৰি ঘৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত ল'লো । কিন্তু ৰাম মোক যাবলৈ নিদিলে । তেওঁ মোক তেওঁৰ মাক অনিতা ৰেড্ডীৰ কাৰ্যালয়ত সহকাৰী হিচাপে চকৰি এটা দিয়ালে । তাতে মই কম্পিউটাৰৰ প্ৰাথমিক জ্ঞানখিনি লাভ কৰিলো ।" তেওঁ কয় । 

অনিতা ৰেড্ডীৰ সমাজ সেৱা সম্পৰ্কীয় সকলো কাম-কাজৰ ভিডিঅ' বনোৱাৰ জায়িত্ব তেওঁৰ ওপৰত পৰিল । লাহে লাহে তেওঁ দৃশ্য-শ্ৰব্য মাধ্যমৰ প্ৰতি প্ৰৱলভাৱে আকৰ্ষিত হ'ল । তেনেতে ৰাম বাঙ্গালুৰুলৈ ঘূৰি আহিল আৰু দুয়ো এখন ছবি বনোৱাৰ সিদ্ধান্ত ল'লো । "আমাৰ প্ৰথম তেলুগু চুটি ছবি ইকা ( ডোউকা ) যথেষ্ট জনপ্ৰিয় হ'ল আৰু ই আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিলে আৰু ই আমাৰ আত্মবিশ্বাস বহুগুণে বঢ়াই তুলিলে ।" এৰেই কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি

ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন

পাকিস্তানৰ হৈ ফুটবল আৰু ক্ৰিকেট দুয়োটা খেলা ডায়েনা বেইগ

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে