পাকিস্তানৰ হৈ ফুটবল আৰু ক্ৰিকেট দুয়োটা খেলা ডায়েনা বেইগ

পাকিস্তানৰ হৈ ফুটবল আৰু ক্ৰিকেট দুয়োটা খেলা ডায়েনা বেইগ

Sunday November 27, 2016,

2 min Read

২০ বছৰীয়া ডায়েনা বেইগ হৈছে পাকিস্তানৰ গিলগিট বাল্টিস্তানৰ এগৰাকী যুৱতী । যিটো কথাই তেওঁক বিশেষ কৰি তোলে সেইটো হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ সদস্য হোৱাৰ লগতে তেওঁ ২০১৫ চনত আই চি চি মহিলা বিশ্ব কাপ খেলা পাক ক্ৰিকেট দলটোৰো সদস্য আছিল । ২০১৬ চনৰ আই চি চি মহিলা টি ২০ বিশ্বকাপ দলৰো সদস্য আছিল ।

Image: Dawn

Image: Dawn


পাহাৰে আগুৰা হুনজা উপত্যকাৰ নিজৰ ঘৰত বাটে পথে ফুটবল আৰু ক্ৰিকেট খেলি ডাঙৰ হৈছিল ডায়েনা । যদিও পাকিস্তানৰ সমাজত এগৰাকী যুৱতীয়ে খেলা-ধূলা কৰাটো সাধাৰণ দৃশ্য নহয় । অৱশ্যে ডায়েনাৰ পৰিয়াল উদাৰ হোৱা বাবে ডায়েনাক ল'ৰাৰ লগত খেলা-ধূলা কৰাত বাধা নিদিছিল । 

ডায়েনাৰ প্ৰিয় খেল ক্ৰিকেট হ'লেও তেওঁ দেশখনৰ ফুটবল দলত স্থান পাইছে । ক্ৰিকেটৰ ক্ষেত্ৰত তেওঁ অলপ সংঘৰ্ষ কৰিবলগীয়া হ'লেও তেওঁ নিজৰ ক্ৰীড়া কেৰিয়াৰক লৈ যথেষ্ট চিৰিয়াছ । বাটে পথে খেলাৰপৰা লাহে লাহে তেওঁ চুবুৰিৰ খেলবোৰত আৰু তাৰ পাছত স্থানীয় দলবোৰৰ বাবে খেলিবলৈ ধৰিলে । ২০১০ চনত তেওঁ গিলগিট-বাল্টিস্তানৰ নৱগঠিত মহিলা দল এটাৰ নেতৃত্ব দিবলৈ সুবিধা পায় । দুবছৰ পাছত তেওঁ পাকিস্তান এ দলত স্থান পায় আৰু ২০১৩ চনত বিশ্বকাপ দলত ৰিজাৰ্ভ খেলুৱৈ হিচাপে স্থান পায় । ২০১৫ চনত তেওঁ বাংলাদেশৰ বাবে প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেল খেলাৰ সুবিধা পায় ।

গতিকে ক্ৰিকেটত নিজৰ স্থান মজবুত কৰিবলৈ অহৰহ চেষ্টা চলাই থাকিলেও তেওঁ ফুটবল এৰিবলৈ প্ৰস্তুত নহয় । "মই ফুটবলেৰে আৰম্ভ কৰিছিলো । মই ৰাতিপুৱা ফুটবল খেলো আৰু ১১-১২ বজাৰপৰা ৩-৪ বজালৈ ক্ৰিকেটৰ অভ্যাস কৰোঁ ।" তেওঁ কয় । ইয়াৰ মাজতে তেওঁ নিজৰ পঢ়া-শুনাৰ বাবে সময় উলিয়ায় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

চাইকেল আৰোহীৰ বাবে এয়াৰবেগ: ঘূৰি আহিব নেকি পৰিবেশ অনুকূল যাতায়ত মাধ্যমৰ সুদিন

কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”

বিমুদ্ৰীকৰণৰ সাংবিধানিক বৈধতা সম্পৰ্কে ২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানী

ডনাল্ড ট্ৰাম্পে হৰুৱাব নোৱৰা মুম্বাইৰ মহিলাগৰাকী