গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি

গুগল এলাৰ্টছৰ আঁৰৰ ব্যক্তি নাগা কাটাৰুৰ নতুন পেছা খেতি

Tuesday November 29, 2016,

2 min Read

অন্ধ্ৰ প্ৰদেশৰ গামপালাগুন্দেম গাৱঁত জন্ম হৈছিল নাগা কাটাৰুৰ । তেওঁ এনে এখন হাই স্কুলত পঢ়িছিল য'ত মাত্ৰ আধাখিনি ছাত্ৰ-ছাত্ৰীহে শ্ৰেণীলৈ আহিছিল । নাগাৰ পিতৃ এই স্কুলৰ প্ৰধান শিক্ষক আছিল আৰু তেওঁ নাগাক কলেজলৈ পঠাবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল । নাগাই কলেজৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু ইঞ্জিনীয়াৰিঙত ডিগ্ৰী লোৱাৰ পাছত আই আই টি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ।

Image: (L-R) Dainik Bhaskar ; Bizztor

Image: (L-R) Dainik Bhaskar ; Bizztor


ইয়াৰ পাছত তেওঁ গুগলৰ মূখ্য কাৰ্যালয়ত কাম কৰিবলৈ আৰম্ভ কৰে । প্ৰথমে যেতিয়া তেওঁ গুগল এলাৰ্টছৰ প্ৰস্তাৱ ৰাখিছিল তেতিয়া তাক পোনছাটেই অগ্ৰাহ্য কৰা হৈছিল । "মোৰ ওপৰৱালাই সেইটো ভাল পোৱা নাছিল । তেওঁ কৈছিল যে যেতিয়া মানুহে গুগল ব্যৱহাৰ কৰে তেতিয়া গুগলৰ আয় হয় । যদি আমি এলাৰ্ট পঠোৱা আৰম্ভ কৰোঁ তেনেহলে মানুহ আমাৰ পৰা আঁতৰি যাব আৰু আমাৰ লোকচান হ'ব ।" নাগাই কয় ।

আঠ বছৰৰ পাছত নাগাই গুগল ত্যাগ কৰিলে আৰু এখন নতুন ক্ষেত্ৰত জপিয়াই পৰিল । সেয়া আছিল নাটক আৰু ছুটি ছবিৰ জগতখন । শেহতীয়াকৈ তেওঁ যিটো কাম হাতত লৈছে সেয়া হৈছে খেতি । ২০০৮ চনত তেওঁ কেলিফৰ্ণিয়াৰ মডেষ্ট'ত ৩২০ একৰ এখন পাম ক্ৰয় কৰিছিল । এইখন তেওঁ পাঁচ বছৰৰ পাছত বেছি দিয়াৰ কথা ভাবিছিল । 

কিন্তু এই পামখনে নাগাক ভাৰতত তেওঁৰ জীৱনলৈ মনত পেলালে । "মোৰ মনে মই ভাৰতীয় ফল আৰু ফুলৰ গোন্ধ নোপোৱাৰ বেদনা অনুভৱ কৰিছিল ।" তেওঁ কয় । তেওঁ এই পামখন এখন কাঠবাদামৰ খেতিপথাৰলৈ পৰিণত কৰে । "মই খেতিৰ বিষয়ে একো নাজানিছিলো কিন্তু মই শিকি ভাল পাওঁ আৰু মই খেতিৰ বিষয়ে শিকিলো ।" তেওঁ কয় ।

বৰ্তমান এই পামখন এক লাভজনক ব্যৱসায়ত পৰিণত হৈছে আৰু তেওঁৰ আঠজন কৰ্মচাৰী আছে । বছৰি ২.৫ নিযুত মাৰ্কিন ডলাৰৰ ব্যৱসায় কৰা এই পামখন চলাই থকা সময়তে তেওঁ এম বি এ আৰু পৰিবেশ আৰু সম্পদৰ ওপৰত ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ত এম এছ ডিগ্ৰী কৰি আছে । তেওঁৰ পৰৱৰ্তী লক্ষ্য খেতিক অধিক প্ৰযুক্তি নিৰ্ভৰ কৰি তোলা ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ইঞ্জিনীয়াৰিঙৰ এই প্ৰৱক্তাজন আছিল ১৩ বছৰ স্কুলৰ মূখ নেদখা শিশু শ্ৰমিক

পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

কেৱল সৌৰশক্তিত চলা এখন গাওঁ

বীজ বোমাবৰ্ষণেৰে বনানীকৰণ কৰিছে থাইলেণ্ডে