'উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱাতকৈ উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য নিজা নামেৰে জনাজাত হওক': ড০ জিতেন্দ্ৰ সিং

'উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱাতকৈ উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য নিজা নামেৰে জনাজাত হওক': ড০ জিতেন্দ্ৰ সিং

Tuesday March 07, 2017,

2 min Read

উত্তৰ-পূব হৈছে বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল। তেওঁলোকে শান্তিপূৰ্ণভাৱে ইটোৱে সিটোৰ কৃতকাৰ্যতাত অৰিহণা যোগাই আহিছে। উত্তৰ-পূবৰ ৰাজ্য বুলি কোৱাতকৈ অঞ্চলটোৰ প্ৰতিখন ৰাজ্য নিজা নামেৰে জনাজাত হ’ব লাগে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে সোমবাৰে তিনিদিনীয়া ডেষ্টিনেচন নৰ্থ ইষ্ট-২০১৭ৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে । তেওঁ লগতে কয় যে অঞ্চলটোৰ প্ৰতিখন ৰাজ্যৰে সুকীয়া বৈশিষ্ট্য আছে আৰু প্ৰতিখন ৰাজ্যই সেই সুকীয়া বৈশিষ্ট্যসমূহৰ জৰিয়তে জনাজাত হোৱা উচিত। উদাহৰণস্বৰূপে, বহুপৰিমাণে খেলুৱৈ থকা বাবে মণিপুৰ ভাৰতৰ খেলৰ ৰাজ্য, মিজোৰাম বাঁহৰ ৰাজ্য, ছিকিম জৈৱিক ৰাজ্য আৰু অসম জলপৰিবহণৰ ৰাজ্য হিচাপে জনাজাত হ’ব লাগে। তেওঁ কয় যে বৰ্তমান তেওঁৰ মন্ত্ৰালয়ে দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলক উত্তৰ-পূবৰ সৈতে সম্বন্ধ স্থাপন কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। ড০ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ একাংশ কঠোৰ পৰিশ্ৰমী আৰু নিয়মানুৱৰ্তী। উদাহৰণস্বৰূপে, কেৰেলা আৰু ছিকিমৰ পাছতে মিজোৰামৰ স্বাক্ষৰতাৰ হাৰ ২০ শতাংশ বেছি। মন্ত্ৰীগৰাকীয়ে কয় য়ে অঞ্চলটোৰ ব্যাপক সম্ভাৱনীতাৰ বাবে সমগ্ৰ বিশ্বৰে বিনিয়োগকাৰী আৰু যুৱ প্ৰজন্মৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব।

image


সিঙে কয় যে ভাৰতৰ চুকে-কোনে উত্তৰ-পূবক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে আয়োজন কৰা ডেষ্টিনেচন নৰ্থ ইষ্ট-২০১৭, এইবাৰ চণ্ডীগড়ত অনুষ্ঠিত কৰা হৈছে। তেওঁ কয় যে এইবাৰ দিল্লীৰ বাহিৰত প্ৰথমবাৰলৈ এই অনুষ্ঠান আয়োজন কৰা হৈছে। 

অনুষ্ঠানত সাংসদ কিৰণ খেৰে ভাগ লৈ উত্তৰ-পূবক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু লোকসকলৰ আতিথ্যৰ বাবে অতি সুন্দৰ পৰ্যটকৰ আকৰ্ষণস্থলী বুলি অভিহিত কৰে।

ড’নাৰ মন্ত্ৰালয়ৰ সচিব নবীন বাৰ্মাই এই উপলক্ষে কয় যে চণ্ডীগড়ত ডেষ্টিনেচন নৰ্থ ইষ্ট-২০১৭ অনুষ্ঠিত কৰি চণ্ডীগড় আৰু উত্তৰ ভাৰতৰ লোকসকলক উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত আভাস দিয়াৰ লগতে বিনিয়োগৰ প্ৰতি সুবিধা প্ৰদান কৰা হৈছে। তেওঁ কয় যে তিনিদিনীয়া এই সমাৰোহৰ জৰিয়তে দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলক উত্তৰ-পূবৰ সৈতে জড়িত কৰাৰ চেষ্টা কৰা হৈছে।

পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ গোপাল জিৱাৰাজকাই উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ আৰু পৰ্যটকৰ আকৰ্ষণত ড’নাৰ মন্ত্ৰালয়ে লোৱা পদক্ষেপৰ শলাগ লয়। তেওঁ অঞ্চলটোৰ লোকসকলক উত্তৰ-পূবৰ উন্নয়নত সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত চিএছআইৰৰ সঞ্চালক প্ৰধান ড০ গিৰীশ ছাহানী আৰু ড’নাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। তিনিদিনীয়া এই সমাৰোহত উত্তৰ-পূৰ্বাঞ্চলৰ চহকী পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে পৰ্যটন, কৃষি আৰু খাদ্য প্ৰস্তুতকৰণ, জৈৱিক কৃষি, বাঁহ খেতিৰ উন্নয়ন, ঔষধ, এৰ’নেটিক প্লাণ্ট, হস্ততাঁত, বয়নশিল্প আৰু হস্তশিল্পৰ বিকাশত গুৰুত্ব আৰোপ কৰা হয়।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭

ৰামযশ কলেজ, সংবিধান আৰু আমাৰ গণতন্ত্ৰ

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত