ৰামযশ কলেজ, সংবিধান আৰু আমাৰ গণতন্ত্ৰ

আশুতোষৰ বিশেষ প্ৰৱন্ধ

ৰামযশ কলেজ, সংবিধান আৰু আমাৰ গণতন্ত্ৰ

Tuesday March 07, 2017,

4 min Read

ৰামযশ কলেজৰ ঘটনাই আমাৰ ৰাজনৈতিক সংস্কৃতি আৰু আমাৰ সমাজৰ ভৱিষ্যৎ সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে । এইটো আছিল এটা অতি সাধাৰণ ঘটনা । পৃথিৱীৰ যিকোনো স্থানত হোৱাৰ দৰে ৰামযশ ৰলেজতো এখন আলোচনাচক্ৰ হোৱাৰ কথা আছিল যদিও ইয়াৰে এজন বক্তাক লৈ একাংশৰ আপত্তি আছিল । এই ব্যক্তিজনৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ এতিয়াও আদালতত বিচাৰাধীন আৰু তেওঁ এতিয়াও দোষী সাব্যস্ত হোৱা নাই । কিন্তু তাৰ আগতেই তেওঁক দোষী ঘোষণা কৰা হৈছে । এই প্ৰসঙ্গটোক লৈ তিনিটা প্ৰশ্ন উত্থাপন হয় । এক এজন নাগৰিকৰ মত প্ৰকাশৰ অধিকাৰৰ হনন কেনেকৈ হয় । কাৰোবাৰ সাংবিধানিক অধিকাৰ সম্পৰ্কে আৰু তেওঁ দোষী নে নিৰ্দোষী সেই সম্পৰ্কে সিদ্ধান্ত কোনো ল'ব ? তৃতীয়তে কোনোবাই যদি কাৰোবাৰ মত প্ৰকাশৰ স্বাধীনতা ভঙ্গ কৰে তেনেহলো তেওঁক কোনে শাস্তি দিব ? 

image


ৰামযশ কলেজত আলোচনা চক্ৰখন এই কাৰণেই বাধাগ্ৰস্ত কৰা হ'ল যে ইয়াত অংশগ্ৰহণ কৰা এজন ব্যক্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন হৈছিল । তেওঁ এই আলোচনাচক্ৰত ভাৰতবিৰোধী শ্ল'গান দিব বুলি ধাৰণা কৰিয়েই তেওঁক বাধা দিয়া হ'ল । এই কথাটো এজন মানুহে হত্যা কৰিব বুলি আশংকা কৰিয়েই তেওঁক ফাঁচী দিয়াৰ নিচিনা কথা । আইনৰ দৃষ্টিত এটা অপৰাধৰ সম্ভাৱনাই কাকো অপৰাধী আখ্যা দিয়াৰ ভেটি হ'ব নোৱাৰে । এটা অপৰাধত কাৰোবাক অভিযুক্ত কৰিবলৈ হলে অপৰাধটো সংঘটিত হ'ব লাগিব । অথচ এটা সম্ভাৱনাৰ ভিত্তিতেই ৰাষ্ট্ৰীয়তাবাদৰ নামত কাৰোবাৰ মত প্ৰকাশৰ স্বাধীনতা খৰ্ব হ'ল ।

এয়া সম্পূৰ্ণৰূপে আচহুৱা আৰু বিপজ্জনক । এইধৰণৰ ঘটনা যদি এইদৰেই চলি থাকে তেনেহলে এটা সময়ত কোনোৱেই নিজৰ মত প্ৰকাশ কৰিব নোৱাৰিব । কোনো কলাকৃতিয়েই সৃজনীশীল ৰূপ ল'ব নোৱাৰিব । কোনো ছবি নিৰ্মাণ নহ'ব আৰু কোনো বৌদ্ধিক আলোচনা সম্ভৱ নহ'ব । কোনো আৱিষ্কাৰে আমাৰ ভৱিষ্যৎ গঢ় দিব নোৱাৰিব । কোনো ছাত্ৰ-ছাত্ৰীয়েই ভুল কৰি শিকিব নোৱাৰিব কাৰণ তেওঁৰ চিন্তাক কলিতেই নষ্ট কৰি পেলোৱা হ'ব । এই ধৰণৰ কাৰ্যকলাপে ৰাষ্ট্ৰীয়তাবাদৰ নামত এখন সমাজৰ কণ্ঠ ৰোধ কৰি দিয়ে । 

 

 ভাৰতৰ সংবিধানে স্পষ্ট কৰি দিছে যে মৌলিক অধিকাৰ সমূহ চুড়ান্ত নহয় । সেইদৰে মত প্ৰকাশৰ স্বাধীনতাও অবাধ স্বাধীনতা নহয় । ইয়াত যুক্তিসঙ্গত বাধা নিষেধৰ কথা আছে । সংবিধানত কোৱা হৈছে যে মত প্ৰকাশৰ স্বাধীনতাৰ নামত যি মন যায় তাকে কৈ থাকিব নোৱাৰি । হিংসা বিদ্বেষ বিয়পোৱা কথা ক'ব নোৱাৰি । কিন্তু এজন ব্যক্তিক সেই দোষত দোষী আখ্যা দিবৰ বাবে সেই অপৰাধটো সংঘটিত হ'ব লাগিব । ৰামযশ কলেজৰ ঘটনাই সংবিধানৰ গণ্ডি চেৰাই গৈ মৌলিক অধিকাৰৰ হৰণ কৰিছে ১৯৭৫ চনৰ ইন্দিৰা গান্ধীৰ জৰূৰী অৱস্থাৰ দৰেই । 

 ইয়াৰ লগতে আন এটা ডাঙৰ প্ৰশ্ন হৈছে- মত প্ৰকাশৰ স্বাধীনতাৰ অপব্যৱহাৰ হোৱাতো নিশ্চিত কোনে কৰিব ? সংবিধান মতে এনে ধৰণৰ অভিযোগ উত্থাপন হলে আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু আদালতত বিচাৰ চলিব । আদলতে নিজাববীয়াকৈও ব্যৱস্থা গ্ৰহণ কৰি বিচাৰ আৰম্ভ কৰিব পাৰে । কিন্তু ৰামযশ কলেজত কেইজনমান লোকে নিজেই সকলো সিদ্ধান্ত লোৱা দেখা গ'ল । তেওঁলোকে নিজেি অভিযোগকাৰী, আৰক্ষী আৰু আদালতৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা গ'ল । এবিভিপিৰ সদস্যই কলেজ চৌহদত উদ্ভণ্ডালি কৰিলে আৰু আলোচনা চক্ৰৰ আয়োজনকাৰীসকলৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় ল'লে । এয়া আইন ৰক্ষা নহয় বৰঞ্চ আইন ভঙ্গৰ ঘটনাহে । কোনো এটা অনুস্থানে ৰাষ্ট্ৰদ্ৰোহ অথবা সামাজিক বিশৃঙ্খলাৰ সৃষ্টি কৰিলে আৰক্ষীয়েহে ব্যৱস্থা ল'ব পাৰে । কিন্তু এই ক্ষেত্ৰত এচাম উদণ্ড ছাত্ৰই নিজৰ হাতত আইন তুলি ললে আৰু আৰক্ষী নীৰৱ দৰ্শক হৈ বহি থাকিল । সাংবিধানিকভাৱে ক'বলৈ গ'লে - এবিভিপিয়ে এটা ৰাষ্ট্ৰবিৰোধী কাম কৰিলে । 

ঠিক একেদৰেই এবছৰ আগতে জে এন ইউৰ বিৰুদ্ধেও ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ অনা হৈছিল । ৰহস্যজনকভাৱে এনেকুৱা এটা ভিডিঅ' টিভিত প্ৰচাৰ হৈছিল । কন্হাইয়া কুমাৰকে ধৰি কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকক আদালত চৌহদত মাৰ-ধৰ কৰা হৈছিল । ইয়াতো সংবিধানক চেৰাই যোৱা হৈছিল । এচাম উগ্ৰ সোঁপন্থী আৰু তেওঁলোকৰ বন্ধুভাৱাপন্ন এচাম সংবাদসেৱী হৈ পৰিছিল আদালত, বিচাৰক আৰু ৰায়দানকাৰী । অভিযুক্তক কোনো কথা কোৱাৰ সুযোগ নিদিয়াকৈ শাস্তি প্ৰদান কৰা হৈছিল । এইদৰে চলি থাকিলে এটা সময়ত আৰক্ষী আৰু আদালত অপ্ৰাসঙ্গিক হৈ পৰিব । গাৰ বলেই হৈ পৰিব একমাত্ৰ যুক্তি ।

যোৱা কেইটামান বছৰত ৰাষ্ট্ৰীয়তাবাদ নামৰ এটা নতুন শিশুৰ জন্ম হৈছে । ইয়াৰ চেলু লৈ মুকলি ভাবুকি প্ৰদান চলিছে আৰু চৰকাৰ মুক হৈ আছে। এটা পক্ষক ৰাষ্ট্ৰদ্ৰোহী সজাই আক্ৰমণ কৰি ৰাইজৰ বাহবা লবলৈ চেষ্টা চলিছে । ভাৰত এখন উন্নত গণতন্ত্ৰ হিচাপে পৰিচিত হ'বলৈ ওলাইছে কিন্তু হিংসা আৰু অসহিষ্ণুতাইইয়াৰ গতিৰুদ্ধ কৰিব । গণতন্ত্ৰ মানে অকল সংখ্যগুকুৰ অধিকাৰ নহয় সংখ্যালঘূৰ অধিকাৰৰ ৰক্ষণাবেক্ষণো ইয়াত দৰকাৰী । যদি ৰাষ্ট্ৰই সংখ্যালঘূক সুৰক্ষা দিব নোৱাৰে তেনেহলে ৰাষ্ট্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰশ্ন উত্থাপন হ'ব ।

ৰামযশ বিতৰ্কই উত্থাপন কৰা প্ৰশ্নটো হৈছে যে যোৱা কেইটামান বছৰত সংখ্যালঘূক সুৰক্ষা দিব নোৱৰাকৈ ৰাষ্ট্ৰ দুৰ্বল হৈ পৰিছে নেকি ? মই এই কথা বিশ্বাস নকৰোঁ । মই কম যে ই মাত্ৰ ক্ষমতাশালীৰ অস্ত্ৰ হৈ পৰিছে যিটো দেশৰ বাবে শুভ ক্ষণ নহয়। দেশে প্ৰগতি কৰিবলৈ হলে সংবিধান সুৰক্ষিত হ'ব লাগিব আৰু প্ৰতিটো অসাংবিধানিক কাৰ্য কঠোৰ হাতেৰে দমন কৰা হ'ব লাগিব ।

( EDITORIAL DISCLAIMER- লেখক আই বি এন ৭ৰ প্ৰাক্তন পৰিচালন সম্পাদক আৰু বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ । প্ৰকাশিত মতামত লেখকৰ নিজৰ আৰু ইয়াৰ লগত য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত

স্বাস্থ্য সচেতনতাৰ বাবে বিকল্প পেছা বাছি ল’লে অভিযন্তা তন্দ্ৰামণি কুমাৰে

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ