ভাৰতীয় বেডমিন্টন তাৰকা কাডম্বি শ্ৰীকান্তে জয় কৰিলে অষ্ট্ৰেলিয়ান অপেন ছুপাৰ ছিৰিজ

ভাৰতীয় বেডমিন্টন তাৰকা কাডম্বি শ্ৰীকান্তে জয় কৰিলে অষ্ট্ৰেলিয়ান অপেন ছুপাৰ ছিৰিজ

Monday June 26, 2017,

1 min Read

ভাৰতৰ শ্বাটলাৰ কিডাম্বি শ্ৰীকান্তে অব্যাহত ৰাখিছে নিজৰ জয়ৰ ধাৰা । শেহতীয়াকৈ তেওঁ অষ্ট্ৰেলিয়ান অপেন ছুপাৰ ছিৰিজৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰে । 

৩০ মিনিটৰো কম সময়ত তেওঁ চীনা প্ৰতিদ্বন্দী চেং লঙক ২-২০,২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে । এয়া শ্ৰীকান্তৰ দ্বিতীয় পোনপটীয়া ছুপাৰ ছিৰিজ ফাইনেল বিজয় । মাত্ৰ এসপ্তাহ আগতে তেওঁ ইণ্ডোনেছীয়ান অপেন জয় কৰিছিল । ২৪ বছৰীয়া শ্ৰীকান্তে প্ৰথমৰপৰাই খেলখনত প্ৰভূত্ব বিস্তাৰ কৰিছিল আৰু তেওঁ খেলখন একপক্ষীয়ভাৱে শেষ কৰে । 

image


বেডমিন্টন এছোচিয়েছন অৱ ইণ্ডিয়াৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ ৫ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰে । শৰ্মাই কয়, 

আমি তেওঁক লৈ সচাকৈয়ে গৌৰবান্বিত । এয়া এক ডাঙৰ উপলব্ধি । তেওঁ কেৱল দেশক আকৌ এবাৰ গৌৰবান্বিতই কৰা নাই, তেওঁ নিজৰ নাম ইতিহাসত শ্ৰেষ্ঠসকলৰ মাজত লিপিবদ্ধ কৰি গৈছে । 

শ্ৰীকান্তে হায়দৰাবাদৰ গোপীচান্দৰ বেডমিন্টন একাডেমীত প্ৰশিক্ষণ লৈছিল । এই একাডেমী প্ৰাক্তন অল ইংলেণ্ড অপেন চেম্পিয়ন পুল্লেলা গোপীচন্দে তেওঁক অন্ধ্ৰ প্ৰদেশ চৰকাৰে দিয়া ৫ একৰ মাটিত প্ৰতিষ্ঠা কৰিছিল । 

শ্ৰীকান্তক প্ৰধান মন্ত্ৰীয়েও অভিনন্দন জ্ঞাপন কৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

    Share on
    close