মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

0

সময়ঃসন্ধিয়া সাত বজা। ইন্দোৰ চহৰৰ পুৰণি এলেকাত থকা যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কেৱল ৱাকী-টকীৰ দুই এটা খেৰখেৰনিৰ বাহিৰে নিটাল-নিস্তব্ধ পৰিৱেশ।গ্ৰীষ্মৰ দীঘলীয়া দিনটোৱে সমগ্ৰ চহৰখনকে দিছে ৰুক্ষ শুষ্কতা। সমগ্ৰ পৰিৱেশটোৱে আবেলিৰ জুৰ মলয়াকো নিষ্প্ৰাণ কৰি তুলিছে।বেলি তেতিয়াও মাৰ যোৱা নাই।

যান-বাহন আৰক্ষীৰ ষ্টেশ্যনটোলৈ মোৰ এই ভ্ৰমণৰ আঁৰত আছিল এক বিশেষ উদ্দেশ্য।চহৰখনত থকা মোৰ আত্মীয়ৰ মুখত শুনি অহা এজন বিশেষ আৰক্ষী বিষয়া আছিল মোৰ লক্ষ্য। ভুল পথেৰে গাড়ী চলোৱা প্ৰায় প্ৰত্যেকেই এইজন আৰক্ষীক কেতিয়াবা নহয় কেতিয়াবা লগ পাইছেই। মানুহৰ মাজত বলিউডৰ এজন তাৰকাৰ দৰেই জনপ্ৰিয় হৈ পৰা এইজন একা-চেকা আৰক্ষীৰ প্ৰকৃত নাম কোনেও নাজানে।কঠোৰ নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰা এইজন আৰক্ষী বিষয়াই পথত যান-বাহন নিয়ন্ত্ৰণ কৰে নিজৰ অনন্য নৃত্যৰত ভংগীমাৰে।

তেওঁলোকে আমাক গুৰুত্ব নিদিয়ে

তেওঁক সততে লগ পোৱা যায় ইন্দোৰ উচ্চ ন্যায়ালয়ৰ সন্মুখৰ সদাব্যস্ত ৰাজপথত তীব্ৰ যান-জঁট নিয়ন্ত্ৰণত ব্যস্ত থকা অৱস্থাত। পপসম্ৰাট মাইকেল জেকচনৰ অপূৰ্ব শৈলীত নাচি নাচি বাহনৰ যান-জঁট নিয়ন্ত্ৰণ কৰা এইজন আৰক্ষী বিষয়াই প্ৰথম দৃষ্টিতে আপোনাৰ উৎসুকতা বঢ়াই তুলিব। এই ব্যতিক্ৰমী কামৰ বাবে বিভিন্ন উপনামৰ লগতে তেওঁ লাভ কৰিছে আন কোনেও নোপোৱা প্ৰচুৰ জনপ্ৰিয়তা।

বিভিন্ন উপনামেৰে জিলিকি থকা এইজন বিশেষ আৰক্ষীৰ প্ৰকৃত নাম হৈছে ৰঞ্জিত সিং। যান-বাহন আৰক্ষীক কেৱল বিৰক্তিকৰ চাৱনিৰে চোৱা এইখন দেশতে ৰঞ্জিত সিঙে প্ৰমাণ কৰি দেখুৱাইছে যে যিকোনো কামৰ মৰ্যাদা নিৰ্দিষ্ট ব্যক্তিজনেহে নিৰ্ধাৰণ কৰে।

“মোৰ কামত নিজকে ১০০ শতাংশ উজাৰি দিওঁ। ৰাজপথত কোনে মোৰ কাম চাই আছে সেয়া লৈ মই মুৰ নঘমাও।এবাৰ মই আৰক্ষী অধীক্ষক আৰু আনবাৰ আনকি নিজৰ দেউতাকো ৰখাই দিছিলো।অৱশ্যে ইয়াৰ বাবে পিছত মই দুটামান কথা শুনিব লগীয়া হৈছিল।” ‘কেৱল কৰ্তব্যৰত বিষয়াৰ বাবে’ ফলক থকা কক্ষটোত বহি এনেদৰে মনৰ ভাৱ উজাৰি গ’ল ৰঞ্জিত সিঙে।

আৰক্ষী বিষয়াজনৰ মনোমোহা ব্যক্তিত্বই যিকোনো লোকৰ দৃষ্টি কাঢ়ি নিয়াটো স্বাভাৱিক।তেওঁৰ আটাইতকৈ উল্লেখনীয় দিশটো হৈছে ৰসিকতা আৰু প্ৰাণচঞ্চলতা। হিন্দী আৰু ইংৰাজী সানমিহলি ভাষাত তেওঁ বৰ্ণালে জীৱনৰ গতিপথ। নিজৰ কামৰ বাবে মধ্য প্ৰদেশ আৰক্ষীৰ লগতে চহৰখনৰ বহুকেইটা ব্যক্তিগত সংগঠনৰ পৰা তেওঁ এইপৰ্যন্ত লাভ কৰিছে বহুতো পুৰষ্কাৰ। ইয়াৰোপৰি আৰক্ষী বিষয়াজনে বিভিন্ন টিভি টক শ্ব’তো আসন শুৱনি কৰিছে।

“আৰক্ষীলৈ অহাৰ পিছতে মই ৪৫ ডিগ্ৰী উষ্ণতাৰ প্ৰখৰ ৰ’দেই হওক বা বৰষুণৰ বতৰেই হওক সকলো আওকাণ কৰি পথৰ মাজত নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল।মানুহে কৈছিল যে প্ৰথমে কামত এনেধৰণৰ উৎসাহ থাকেই কিন্তু তিনি চাৰিমাহ পিছতে এই উৎসাহ নাইকীয়া হৈ যাব।বৰ্তমান কামত মোৰ ৯বছৰ হ’ল আৰু মই একেদৰেই আছো।” তেওঁ কয়।

পথৰ মাজত প্ৰথমে তেওঁ যেতিয়া নাচি নাচি দায়িত্ব পালন কৰিছিল মানুহে তেওঁক পগলা বুলি ভাবিছিল।কিন্ত অতি সোনকালেই তেওঁৰ কঠোৰ অনুশাসনকাৰী ৰূপ ৰাইজে অনুধাৱন কৰিবলৈ সক্ষম হয়।“তেওঁ দায়িত্বত থাকিলে এজন ব্যক্তিয়ে চিগনেল অমান্য কৰাৰ আগতে দহবাৰ চিন্তা কৰে।” তেওঁৰ পৰিচিত ব্যক্তিৰ উক্তি।

এইকেইটা বছৰতে ৰঞ্জিতৰ জনপ্ৰিয়তা চাৰিওদিশে ফাটি ফুটি গৈছে।ছচিয়েল মিডিয়াৰ মঞ্চতো তেওঁৰ জনপ্ৰিয়তা অপৰিসীম আৰু যুৱ প্ৰজন্মৰ বহুতেই তেওঁৰ পৰা কেৰিয়াৰ আৰু প্ৰেম সংক্ৰান্তীয় সমাধান বিচাৰে।“বহুতেই কয় যে তেওঁলোকে আইন ভংগ কৰিলে মই তেওঁলোকক গালি-শপনি দিওঁ। আমাক দুৰ্নীতিপৰায়ণ বুলিও কয় বিভিন্নজনে।কিন্তু উৎকোচ লোৱা এজন আৰক্ষীক দুৰ্নীতিগ্ৰস্ত আখ্যা দিয়াসকলে ফাইন নভৰি উৎকোচ দিয়াজনক কিয় একো নকয়? কোনোবাই দিয়া কাৰণেহে কোনোবাই লয়।মই তেনেলোকক শিক্ষিত গাঁৱলীয়া ভূত আখ্যা দিম।ইমানবোৰ ডিগ্ৰী ঘটিও আপোনাৰ এই দশা?” তেওঁ লগতে কয়।“মোক যিয়ে যেনে ব্যৱহাৰ কৰে মই সেই ব্যৱহাৰ তেওঁক ঘুৰাই দিওঁ।মোক তেওঁলোকে নাম লৈ উপহাস কৰিলে মইও সমানে প্ৰত্যুত্তৰ দিওঁ।” এনেদৰে কৈ তেওঁ জনায় যে যান-বাহন আইন নমনা সকলৰ সৈতে কঠোৰ হোৱাৰ বাবেই তেওঁ প্ৰচুৰ সন্মান পাইছে।

আপোনাৰ পৰা মই পোৱা অনুভৱ

ভাগ্যই তেওঁক টানি ননা হ’লে হয়তো ৰঞ্জিত সিঙৰ ভাগ্য উদয় নহ’লহেতেন।২০০৮ চনত কৰ্তব্যৰত অৱস্থাতে এখন বাহনে তেওঁক মহতিয়াই থৈ যায়।“বৰষুণ দি থকাৰ বাবে চালকে মোক দেখা নাছিল।”বাহন চালকক দায় নিদিয়াকৈ ৰঞ্জিত সিঙে কৈ গ’ল।

প্ৰায় তিনিমাহ তেওঁ বিচনাত পৰি থাকিবলগীয়া হৈছিল। ইয়াৰ পিছতে তেওঁক ফাইল পাতি চোৱা কাৰ্যালয়ৰ ভিতৰুৱা কামত নিয়োগ কৰা হয়।“সেয়া আছিল মোৰ জীৱনৰ আটাইতকৈ দুঃসহ সময় আৰু মই চূড়ান্ত অসুখী হৈ পৰিছিলো।যান-বাহন নিয়ন্ত্ৰণ কৰা ষ্টেশ্যনত মোৰ মনটো বান্ধ খাই আছিল।মোৰ সেয়াহে কাম্য আছিল।মই জীৱনৰ পৰা বিচৰাখিনি পথৰ মাজতহে পাইছিলো।” ট্ৰেফিক পইণ্টক নিজৰ কৰ্মভূমি আখ্যা দি এনেদৰে কৈ যায় তেওঁ। ইয়াতে তেওঁ সমবেত কৌতুহলী ৰাইজৰ সন্মুখত নাচি বাগি নিজৰ অভিনেতা হোৱাৰ সপোন কিছু পৰিমানে পূৰণ কৰিব পাৰিছিল।

“জীৱনত বহু কমসংখ্যক লোকেহে যি বিচাৰে সেয়া পায়, দুৰ্ঘটনাৰ পিছত কামত মই মোৰ আনন্দখিনি হেৰুৱাই পেলাইছিলো।” ৰঞ্জিত সিঙে সোঁৱৰে।

২০১০ চনৰ পিছত চহৰখনৰ শোচনীয় যান-জঁটৰ সমস্যাক লৈ আৰক্ষী বিভাগে পুনৰীক্ষণ চলায়। এনে সময়তে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই যান-জঁট নিয়ন্ত্ৰনত ৰঞ্জিতৰ পূৰ্বৰ সফলতাক মনত পেলাই তেওঁক পুনৰ আগৰ কামত যোগ দিয়াৰ প্ৰস্তাৱ দিয়ে। “মই উৎফুল্লিত হৈ পৰিছিলো। ভৰিৰ গোৰোহাত বিষ লৈয়ে মই কোনো ধৰণৰ চিন্তা নকৰাকৈ পথত মোৰ ভাল লগা কামলৈ ঢপলিয়াই যাওঁ।” ৰঞ্জিত সিঙে লগতে কয়।

আইনাত নিজৰ প্ৰতিবিম্ব

লক্ষ্যণীয় যে অত্যাচাৰ সহিব নোৱাৰি ঘৰ এৰি যোৱা ১৮ বছৰীয়া ৰঞ্জিতৰ বাবে ৰাজপথেই একপ্ৰকাৰে ত্ৰাণকৰ্তা হৈ পৰিছিল। “মোৰ দেউতাই প্ৰায়ে মোক মাৰ-পিট কৰিছিল।তেওঁ এজন আৰক্ষী কনিষ্টবল আছিল আৰু দিনজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত ঘৰলৈ যেতিয়া ঘুৰি আহিছিল (কেতিয়াবা সুৰাপান কৰি) তেতিয়া তেওঁৰ বাবে পৰীক্ষাত মোৰ বিফলতা অথবা আন বদমাছি অসহ্যকৰ হৈ উঠিছিল। মই তেতিয়াও কেতিয়াও তেওঁক সুখী কৰিব পৰা নাছিলো কিন্তু মই সদায়ে তেওঁৰ দৰে হ’ব বিচাৰিছিলো।মোক লৈ তেওঁ গৰ্ব কৰক সেইটো মনে-প্ৰাণে বিচাৰিছিলো।” ৰঞ্জিতে কয়।তিনিজন ভাতৃৰ ভিতৰত আটাইতৈ ডাঙৰ ৰঞ্জিতৰ কান্ধতে আছিল ভায়েককেইজনৰ পথ প্ৰদৰ্শনৰ ভাৰ।“কিন্তু মই বেয়াকৈ বিফল হৈছিলো। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অকৃতকাৰ্য হোৱাৰ পিছতে মই গম পাইছিলো যে মই এতিয়া যাবৰ হ’ল।”এনেদৰে পুৰণি কথা মনত পেলালে ৰঞ্জিতে।ইয়াৰ পিছতে ঝাবুৱাৰ নিজৰ ঘৰৰ পৰা ইন্দোৰৰ এগৰাকী আত্মীয়ৰ ঘৰলৈ আহে।নিজৰ পিতৃক গৌৰৱান্বিত কৰা অদম্য হেপাঁহ বুকুত সাৱটি ৰঞ্জিতে যান-বাহন আৰক্ষীত যোগদান কৰে।“মই খেল-ধেমালিত যথেষ্ট আগৰণুৱা আছিলো আৰু কম সময়ৰ ভিতৰতে আটাইতকৈ ভাল কেডেট হৈ পৰিলো।আজি মই দেউতাৰ চকুত যেতিয়া গৰ্বমিহলি চাৱনি দেখা পাও মোৰ সকলোতকৈ ভাল লাগে।”আৰক্ষী বিষয়াগৰাকীয়ে কৈ যায়।

উদ্যম আৰু আত্ম-উদগনিয়ে ৰঞ্জিতক আগুৱাই যাবলৈ সাহস প্ৰদান কৰে।অনথ্যাই ভৰ দুপৰীয়া জাৰ-জহ নেওচি ৰাজপথৰ মাজত একেৰাহে ৮ ৰ পৰা ১০ ঘণ্টালৈ থিয় হৈ হুইছেল বজাই যধে-মধে বাহন চলোৱাসকলক নিয়ন্ত্ৰণ কৰাটো নিসন্দেহে এক দুৰুহ কাম।ইয়াৰ বিনিময়ত মাহৰ শেষত পোৱা দৰমহাকেইটাও হৈছে নিচেই সামান্য।পাঁচবছৰৰ সেৱাৰ মুৰতহে এজন যান-বাহন আৰক্ষীয়ে কোনোমতে ১৬০০০-২০০০০ টকালৈ দৰমহা লাভ কৰিবলৈ সক্ষম হয়।

জগতক উপশম দিয়া

“মই প্ৰতিদিনে যেতিয়া ঘৰলৈ উভটি আহো বিশ্বাস কৰক কেইঘণ্টামান মই কাৰো লগতে কথা নাপাতো।মই কেৱল নিজৰ বিচনাখনহে বিচাৰো।”এনেদৰে কয় ৰঞ্জিতে। অৱশ্যে নিজৰ শাৰিৰীক সক্ষমতা আৰু স্বাস্থ্যক লৈ ৰঞ্জিত যথেষ্ট সচেতন।

“মই যি কাম কৰো সেয়া সম্পূৰ্ণ দৈহিক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰশীল।বয়সৰ লগে লগে মোৰ শক্তিও কমি আহিছে।বৰ্তমান মোৰ বয়স ৩৭।নতুনকৈ কামত যোগ দিয়াসকলে মোক ভালদৰে কাম কৰি যোৱাৰ কিটিপ সুধিলে মই তেওঁলোকক শক্তি আৰু স্বাস্থ্য ৰক্ষা কৰাৰে পৰামৰ্শ দিও।” ৰঞ্জিতৰ ভাষ্য। এইগৰাকী আৰক্ষী বিষয়াই আনকি কেইবাটাও শক্তিবৰ্ধক পানীয়ৰ বিজ্ঞাপনতো কাম কৰাৰ প্ৰস্তাৱ লাভ কৰিছে। কিন্তু ৰঞ্জিতৰ ভয় এনে কৰিলে তেওঁ চাকৰিটো হেৰুৱাব লাগিব।

প্ৰতিদিনে তেও পুৱা ৫.৩০ বজাত বিচনাৰ পৰা উঠে আৰু কিছু সময় যোগ কৰি শৰীৰ চৰ্চা কৰে।ইয়াৰ পিছতে তেওঁ পুৱাৰ আহাৰ গ্ৰহণ কৰে য’ত প্ৰধানকৈ থাকে দুটা কল আৰু এটা আপেল।বিবাহিত আৰু দুটি সন্তানৰ পিতৃ ৰঞ্জিতে অৱশ্যে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে ক’বলৈ ইচ্ছা নকৰে।“মই জীৱন আৰু প্ৰেমৰ ক্ষেত্ৰত দুখ পাই থৈছো।এতিয়া দেশৰ সেৱাতে মই নিজকে সঁপি দিছো।”এনেদৰে কৈ প্ৰসংগটোৰ মোখনি মাৰে তেওঁ।

এফালে ঈৰ্ষাস্পদ সহকৰ্মীৰ থাকিলেও নতুনকৈ কামত যোগ দিয়াসকলে ৰঞ্জিতৰ পৰাহে আৰ্হি গ্ৰহণ কৰিব বিচাৰে।ইয়াৰে চাৰিজনে আনকি তেওঁৰে শৈলীত যান-বাহন নিয়ন্ত্ৰণ কৰে। “মোৰ জীৱনৰ আটাইতকৈ ভাললগা মুহুৰ্তটো আহিছিল যেতিয়া মই সদায় ভাৰ উঠাই সহায় কৰা এজন বৃদ্ধ ঠেলাচালকে এদিন মোৰ ওচৰলৈ আহি এখন দহটকীয়া নোট দি উঠি ক’লে যে তেওঁ এই টকা কোনো মন্দিৰত দিব বিচাৰিছিল কিন্তু তেওঁ তাৰ পৰিৱৰ্তে য’ত সঁচাকৈ ভগৱান বিচাৰি পালে তাতহে দিয়াটো ঠিক কৰিলে।মই এতিয়াও পকেটত সেই উঁৱলি যোৱা নোটখন লৈ আছো।”ৰঞ্জিতে আৱেগেৰ কৈ গ’ল। সেইদৰে এগৰাকী দৃষ্টিহীন বৃদ্ধাই প্ৰতি দিনে আবেলি ৪.৩০ বজাত আহি পথ পাৰ কৰাই দিবলৈ ৰঞ্জিতৰ নাম লৈ মাতে। ৰঞ্জিতেও তেওঁক সদায় সহায় কৰে।“যদি মই দায়িত্বত নাথাকো তেতিয়া সেইসময়ত দায়িত্বত থকাজনক বৃদ্ধাগৰাকীক পথটো পাৰ কৰাই দিবলৈ কওঁ।”ৰঞ্জিতে কয়। এইপৰ্যন্ত পথ দুৰ্ঘটনাত আহত অৰ্ধশতাধিক লোকক তেওঁ চিকিৎসালয়লৈ নিছে।

ক’লা নে বগা

ৰঞ্জিতৰ একেৰাহে বাজি থকা ম’বাইলটোৱে বাৰে বাৰে আমাৰ আলোচনা বিঘ্নিত কৰি আছিল।“মোৰ প্ৰশিক্ষকে ফোন কৰি আছে।মই বৰ্তমানে PSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো।”হাতৰ পৰা ক’লা ৰঙৰ বেণ্ডদাল আতৰাই কৈ গ’ল ৰঞ্জিতে।“চাওক এয়া মোৰ আচল ৰঙ।যেতিয়া মই গা ধোওঁ তেতিয়া লেতেৰা ধূলি-বালিৰে ভৰা মোৰ গাৰ পৰা সম্পূৰ্ণ ক’লা পানী নিগৰে।দিনটোৰ শেষত এয়া দেখিলে মইও ভয় খাও যিহেতু মইও আপোনাৰ দৰে মানুহেই।”তেওঁ কয়। কিন্তু তৎমুহুৰ্ততে হাতৰ বেণ্ডদাল পিন্ধি ৰখাৰ কথা তেওঁৰ মনত পৰিল।“এইদাল মোৰ সম্পৰ্কীয় ভাতৃৰ।কাৰগিলৰ যুদ্ধত তেওঁ শ্বহীদ হৈছিল।তেওঁক চাৰিটা বুলেটে আঘাত কৰিছিল।তেওঁ যুঁজি প্ৰাণ এৰিলে।মই বৌৰ পৰা তেওঁ পিন্ধা এই বেণ্ডদাল খুজি লৈছিলো।যেতিয়াই মোৰ মনটো বেয়া লাগে মই এইদাললৈ চাওঁ আৰু ইয়ে মোক মোৰ জীৱনৰ উদ্দেশ্য সোঁৱৰাই দিয়ে আৰু সেয়া হৈছে সেৱা” গৰ্বিত ৰঞ্জিতে কয়।

“যিকোনো সুগন্ধিয়ে সুগন্ধ ওলোৱাটো স্বাভাৱিক কিন্তু আপোনাৰ চৰিত্ৰৰ পৰা সুগন্ধ ওলোৱাটোহে ডাঙৰ কথা ।” কবিসুলভ মনৰ ৰঞ্জিতৰ ব্যক্তব্য।এনেদৰে বিভিন্ন সময়ত কবিতাৰ মাধ্যমেৰে নিজৰ মনৰ কথা প্ৰকাশ কৰি আহিছে ব্যতিক্ৰমী আৰক্ষীজনে।

দীঘলীয়া সাক্ষাৎকাৰৰ অন্তত ৰঞ্জিতে অৱশ্যে নিজৰ নিয়মীয়া শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলে।ইয়াৰ পৰিৱৰ্তে তেওঁ এতিয়া পোনে পোনে যাব ঘৰলৈ আৰু ১২ ঘণ্টাজোৰা কঠোৰ পৰিশ্ৰমৰ ভাগৰ মাৰিব।পুনৰ কাইলৈ নতুন উদ্যমেৰে তেওঁ কামত লাগিব আৰু ন ন নৃত্যভংগীৰে যান-জঁট নিয়ন্ত্ৰণ কৰি ৰাজপথৰ ৰোষ ক্ষান্ত কৰিব।

সংলগ্ন ভিডিঅ’ত নাচি নাচি যান-বাহন নিয়ন্ত্ৰণ কৰা ৰঞ্জিত সিঙৰ নৃত্য উপভোগ কৰক।