হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

মূল- তন্বী ডুবে

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক

Thursday October 20, 2016,

3 min Read

হলীউডৰ নায়িকা জেছিকা এলবা, হেলী বেৰী, স্কাৰলেট জোহানছন আৰু কে’ট বেকিনছেলৰ মাজত কি সাদৃশ্য আছে বাৰু? সেই সাদৃশ্যটো হৈছে- ৰেমোনা ব্ৰেগাঞ্জা; এনে এগৰাকী নাৰী যাৰ তেওঁলোকৰ ফিটনেছ আৰু অপৰূপ সৌন্দৰ্যৰ আঁৰত হাত আছে । ৰেমোনা হৈছে 3-2-1 ফিটনেছ লিমিটেড আৰু তেওঁৰ ছিগনেছাৰ 3-2-1 মেথ’ডৰ প্ৰতিষ্ঠাপিকা তেওঁ জাৰ্মেনীত জন্মগ্ৰহণ কৰিছিল আৰু এতিয়া ভেনক্যুভাৰত বাস কৰে । ফিটনেছ আচলতে তেওঁৰ পৰিয়ালৰ শিৰাই শিৰাই বৈ আহিছে; তেওঁৰ মাক আশী বছৰ বয়সতো এগৰাকী ভাল ফিটনেছ ট্ৰেইনাৰ । ৰেমোনাই “FEEL FIT LOOK FANTASTIC in 3-2-1" বুলি কিতাপ এখনো লিখিছে ।

image


ৰেমোনা যেতিয়া কিতাপখনৰ প্ৰমোচনৰ বাবে ভাৰতলৈ আহিছিল, HerStoryয়ে তেওঁৰ সতে মত বিনিময় কৰিছিল ।


মই হলীউডৰ স্বপ্ন দেখোঁ

ন’ বছৰ বয়সতে ৰেমোনাৰ শোৱনি কোঠাৰ বেৰত হলীউডৰ তাৰকাসকলৰ পোষ্টাৰ লানি লাগি থাকিছিল । তেওঁৰ এই স্বপ্ন পূৰ্ণ কৰিবলৈ ২০ বছৰ সময় লাগিল, কিন্তু তেওঁ অতি ষ্টাইলৰ সৈতে সেইয়া কৰি হে এৰিলে । আজিৰ সময়ত তেওঁৰ ফিটনেছ ট্ৰেইনিং প্ৰগ্ৰাম আৰু নিউট্ৰিশ্যন প্লেনৰ সৈতে তেওঁ হলীউডৰ উত্তম তাৰকা কেইগৰাকীমানৰ অপূৰ্ব সৌন্দৰ্য তথা তেওঁলোকৰ সহন-শক্তিৰ আঁৰৰ ৰহস্য ।

প্ৰথম পদক্ষেপ

ৰেমোনাৰ মাতৃয়ে তাইৰ চাৰিবছৰ বয়সতে এটি জিমনাষ্টিকছ ক্লাছত নাম লগাই দিছিল । তাই এক সুন্দৰ জিমনাষ্ট হিচাপে ঠন ধৰি উঠিল । ওঠৰ বছৰ বয়সত বেয়াকৈ আঘাত পোৱাৰ বাবে তাই জিমনাষ্টিকছ এৰি দিবলগীয়া হ’ল, কিন্তু ৰেমোনাই কোনোপধ্যেই নিজৰ সপোনবোৰ এৰিব নুখুজিলে । এইবাৰ তাই নৃত্যৰ প্ৰেমত পৰিল । 1980ৰ ওচৰে পাজৰে ৰেমোনাই ডান্স আৰু চিয়েৰলীডিং কৰিছিল ।

হলীউডলৈ যাত্ৰা

1985 চনত ৰেমোনা ল’ছ এঞ্জেলছ চহৰলৈ গুছি আহিল আৰু 1999 চনত তেওঁ এটি জিমত কাম কৰি থাকোঁতে এগৰাকী প্ৰডিউছাৰে তেওঁক এগৰাকী 17 বছৰীয়া কিশোৰীক জিমনাষ্টিকছ শিকাবলৈ অনুৰোধ জনায় । সেই কিশোৰীগৰাকীৰ নাম জেছিকা এলবা আছিল আৰু সেইয়া আছিল তেওঁৰ প্ৰথম চিনেমাৰ বাবে । হলীউডৰ এ-লিষ্টত থকা তাৰকা যেনে হেলী বেৰী, স্কাৰলেট জোহানছন, এনি হেথৱে’, জেছিকা বিয়েল, কে’ট বেকিনছেল, এমাণ্ডা ছিফ্ৰিড, ইভা মেণ্ডেজ আদি ৰেমোনাৰ ক্লায়েন্ট । পুৰুষ ক্লায়েন্টৰ ভিতৰত জেক এফ্ৰন, ৰায়ান ৰেনোল্ড আৰু ব্ৰেডলী কুপাৰৰ নাম ল’ব পাৰি ।

image



3-2-1 ছিগনেছাৰ

কেইবাবছৰ ধৰি 3-2-1 ট্ৰেইনিং মেথ’ড আৰু 3-2-1 নিউট্ৰিশ্যন প্লেনৰ ব্যৱহাৰ কৰি হলীউডৰ ট’প ষ্টাৰসকলৰ সৈতে কাম কৰাৰ পিছত পোনপ্ৰথম বাৰৰ বাবে ৰেমোনাই প্ৰকাশ কৰে যে তেওঁৰ সফলতাৰ গোপন ৰহস্য হৈছে এখন কিতাপ । 3-2-1 মন্ত্ৰটো তেওঁ মানি চলে । ই হৈছে মন, শৰীৰ আৰু আত্মাৰ শক্তি সংযোগ কৰি নিৰ্মাণ কৰা এক দৰ্শন । ৰেমোনাৰ কিতাপখন ভাৰতত এককভাবে মুক্তি পাইছে ।

ৰেমোনাৰ মতে তেওঁৰ কিতাপত পশ্চিমৰ সফল ফিটনেছ চিক্ৰেট আৰু পূৰ্বদেশৰ স্বাস্থ্যকৰ আহাৰৰ ৰহস্য উন্মোচিত কৰা হৈছে । এই প্ৰেক্টিকেল টিপবিলাকে আপোনাক এটি সুন্দৰ শৰীৰ নিৰ্মাণৰ সহায় কৰাৰ লগতে আপোনাৰ স্বাস্থ্যৰ উন্নতিও সাধিব । তেওঁ কয়, “এই কিতাপখনত কোনো মেজিক পিল বা খৰতকীয়া কিটিপ নাই ।”

ৰেমোনাই আপোনাক নিজেই আগুৱাই যাবলৈ আহবান জনাইছে । 3-2-1 কিতাপখনে আপোনাক মানসিক, শাৰীৰিক ভাবে সাজু হৈ আবেগিক ৰূপত সঠিক দিশত আগুৱাই যাবলৈ সহায় কৰি এক সুন্দৰ ভৱিষ্যত্‍ লাভ কৰিবলৈ সহায় কৰিব ।

পাঁচ বছৰ আগেয়ে ৰেমোনাই 3-2-1 ফিটনেছ লিমিটেড বুলি এক ৱেবচাইটৰ আৰম্ভণি কৰিছিল । ইয়াৰ যোগেদি ৰেমোনাই অনেক ট্ৰেইনিং, ব্যায়াম আৰু নিউট্ৰিশ্যন প্লেন প্ৰদান কৰে । ইয়াত তেখেতৰ কিতাপ, ডি.ভি.ডি., চেলিব্ৰেটী ট্ৰেইনিং আদিৰ বিষয়েও তথ্য আছে ।

ভ্ৰাম্যমান সুবিধা

ৰেমোনাৰ ‘Mobile Physique” বুলি এটা মোবাইল জিম আছে । মোবাইল ফিজিক হৈছে 52 ফুট দীঘল এখন ট্ৰেইলাৰ যিখন অনেক ডাঙৰ বাজেটৰ চিনেমাৰ বাবে ভাড়া কৰি নি ব্যৱহাৰ কৰা হয় । প্ৰয়োজন হ’লে ৰেমোনা আৰু তেওঁৰ সহযোগীয়ে ট্ৰেইলাৰখনৰ ভিতৰত প্ৰশিক্ষণ প্ৰদান কৰে । গ’ডজিলা নামৰ চিনেমাখনত এই ট্ৰেইলাৰখন শেহতীয়াকৈ ব্যৱহাৰ কৰা হৈছিল।


সোণালী 50 বছৰ

ফিটনেছৰ কথা ক’বলৈ গ’লে ৰেমোনাই 52 বছৰ বয়সতো অনেক যুৱতীক লাজত পেলাই দিব পাৰে। ট্ৰেইনিঙৰ লগতে তেওঁ সমগ্ৰ বিশ্বতে ফিটনেছৰ বিষয়ে বক্তৃতা প্ৰদান কৰে, স্বাস্থ্যৰ বিষয়ে জ্ঞান বিলাই ফুৰে । সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগীৰ সংখ্যা অনেক ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান