নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

Tuesday December 01, 2015,

5 min Read

শিশুৰ বাবে মাতৃদূগ্ধ অমৃতৰ সমান।সমীক্ষা অনুসৰি,প্ৰসৱৰ পিছতেই মৃত্যুমুখত পৰা ১০০টি শিশুৰ ভিতৰত ১৬টি শিশুৱে় যদি জন্মৰ পিছতে মাকৰ গাখীৰ খাবলৈ পায় তেন্তে তেনে শিশুৰ জীৱন ৰক্ষা কৰিব পৰা যায়।কিন্তু বিভিন্ন কাৰণত তেনে শিশুৱে মাকৰ গাখীৰ খাবলৈ নোপোৱাৰ ফলত মৃত্যুক সাৱতি ল’বলগীয়া হয়।এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজস্হানৰ উদয়পুৰৰ বাসিন্দা যোগগুৰু দেৱেন্দ্ৰ আগৰৱালাৰ সংস্হা “মা ভগৱতী বিকাশ সংস্হা” ই “দিব্য মাদাৰ মিল্ক বেংক” প্ৰতিস্হা কৰে।এই সংস্হাই মাতৃসকলৰ পৰা গাখীৰ সংগ্ৰহ কৰি অভাৱী শিশুসকলক গাখীৰ দিয়াৰ ব্যৱস্হা কৰে।উদয়পুৰৰ লগতে দাতি কাষৰীয়া অঞ্চলসমূহত “দিব্য মাদাৰ মিল্ক বেংক”ৰ সফলতা দেখি ৰাজ্য চৰকাৰে সংস্হাৰ এই কাৰ্যসূচীক চৰকাৰী বাজেটৰ অন্তৰ্ভুক্ত কৰাৰ লগতে অন্যান্য চহৰসমুহতো এনেধৰণৰ ১০ টা মাদাৰ মিল্ক বেংক স্হাপন কৰাৰ কথা ঘোষণা কৰিছে।

image


যোগগুৰু দেৱেন্দ্ৰ আগৰৱালাই ২০১৩ চনৰ এপ্ৰিলত “দিব্য মাদাৰ মিল্ক বেংক”ৰ প্ৰতিস্হা কৰিছিল। তেওঁ জনায় যে জন্ম হোৱাৰ পিছতে যিবোৰ কন্যা সন্তানক অভিভাৱকে ত্যাগ কৰে অথবা কোনো ঠাইত পেলাই থৈ যায় তেনে কন্যা শিশুক সংস্হাৰ দ্বাৰা পৰিচালিত ‘মহেশাশ্ৰম’ ত আশ্ৰয় দি প্ৰতিপালন কৰা হয়।এই উদ্দেশ্যে “মা ভগৱতী বিকাশ সংস্হা” ই উদয়পুৰ আৰু দাতি কাষৰীয়া অঞ্চলত ঠায়ে ঠায়ে ‘পালনা/জুলনা’ ৰ ব্যৱস্হা কৰিছে যাতে যিকোনো লোকে কন্যা সন্তান তাত দি থৈ যাব পাৰে।এই পৰ্যন্ত আশ্ৰমলৈ ১২৫ টি কন্যা সন্তান অনা হৈছে।যোগগুৰু দেৱেন্দ্ৰ আগৰৱালাই জনায় যে “মহেশাশ্ৰমৰ নিজা এন আই চি ইউ আছে য’ত আন্তৰ্জাতিক মানৰ সুবিধা আছে।তথাপি কেতিয়াবা কিছুমান শিশুৰ পানীলগা বা অন্য কোনো অসুখ হোৱা দেখা যায়।ইয়াৰ প্ৰধান কাৰণ হ’ল এইসমূহ শিশুৰ মাতৃদুগ্ধৰ অভাৱ।কাৰণ জন্মৰ পিছৰ মাকৰ গাখীৰে শিশুসকলৰ শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা প্ৰদান কৰে”

image


যোগগুৰু দেৱেন্দ্ৰ আগৰৱালাই চিন্তা কৰিলে যে এনে অনাথ কন্যা সন্তানসমূহৰ বাবে মাতৃদুগ্ধৰ ব্যৱস্হা কৰা উচিত।কাৰণ এন আই চি ইউত ৰখা কিছুসংখ্যক ছোৱালীয়ে মাকৰ গাখীৰ খাবলৈ পোৱাহেতেন তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পৰা গলহেঁতেন।তাৰপিছত তেওঁ আন কোনো দেশত এনেধৰণৰ কাৰ্যসূচী চলি আছে নেকি জানিবলৈ চেষ্টা কৰিলে।তেওঁ গম পালে যে ব্ৰাজিলত এটা বৃহৎ নেটৱৰ্কে এনে ধৰণৰ কাম কৰি আছে। সেয়া হ্যূমেন মিল্ক বেংক নামেৰে বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্ক ।ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ উদয়পুৰতো এনেধৰণৰ হ্যূমেন মিল্ক বেংক খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰপিছত যোগগুৰু দেৱেন্দ্ৰ আগৰৱালা আৰু তেওঁৰ সহযোগীসকলে ‘হ্যূমেন মিল্ক বেংকি়ঙ এছচিয়েশ্বন অব নৰ্থ আমেৰিকা’ ৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে আৰু সেই ধাৰণা আৰু অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকে উদয়পুৰত মাদাৰ মিল্ক বেংক স্হাপন কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ পৰা সাহাৰ্য বিচাৰে।

image


চৰকাৰে এই পবিত্ৰ কামটো কৰিবলৈ অনুমতি দিয়ে।তাৰপিছৰ পৰা উদয়পুৰৰ আৰ এন টি মেডিকেল কলেজৰ পান্নাধাই ৰাজকীয় মহিলা চিকিৎসালয়ত এই মাদাৰ মিল্ক বেংক চলি আছে। উল্লেখনীয় কথা হল এই মিল্ক বেংকটো ‘হ্যূমেন মিল্ক বেংকি়ঙ এছচিয়েশ্বন অব নৰ্থ আমেৰিকা’ ৰ গাইডলাইন অনুসৰি গঠন কৰা হৈছে। কৰ্মচাৰীৰ দৰমহা তথা মিল্ক বেংক পৰিচালনাৰ সমস্ত খৰচ ‘মা ভগৱতী বিকাশ সংস্হা’ই বহন কৰে।বেংকত সংগ্ৰহ হোৱা গাখীৰ পোনপ্ৰথমতে হাস্পতালৰ এন আই চি ইউত মৃত্যুৰ সৈতে যুঁজি থকা শিশুসকলত খুউৱা হয়।তাৰপিচত বাকী থকা গাখীৰখিনিহে ‘মহেশাশ্ৰম’ত থকা অনাথ কন্যা শিশুসকলক খাবলৈ দিয়া হয়।এই পৰ্যন্ত মিল্ক বেংকত ৩২শৰো অধিক মহিলাই প্ৰায় চাৰে সাত হাজাৰবাৰ দুগ্ধদান কৰিছে।“দিব্য মাদাৰ মিল্ক বেংক”য়ে জানিবলৈ দিয়ে যে এই গাখীৰেৰে এতিয়ালৈকে প্ৰায় ১৯০০ নৱজাতকৰ জীৱন ৰক্ষা হৈছে।

image


যোগগুৰু দেৱেন্দ্ৰ আগৰৱালাই জনায় যে এই বেংকলৈ তিনিধৰণৰ দাতা আহে। প্ৰথমতে এনে মহিলা আহে যিবোৰ মহিলাৰ শৰীৰত সন্তানক প্ৰয়োজন হোৱাতকৈ অধিক পৰিমানৰ গাখীৰ থাকে।দ্বিতীয়তে, যিবোৰ মহিলাৰ সন্তান আই বিত থকাৰ বাবে তেওঁলোকে সন্তানক গাখীৰ খুৱাব নোৱাৰে তেনে মহিলাই মিল্ক বেংকলৈ গৈ গাখীৰ দান কৰে আৰু তৃতীয়তে যিবোৰ মহিলাৰ প্ৰসৱৰ পিছতেই সন্তানৰ মৃত্যু হয় তেনে মহিলাই গৈ গাখীৰ দান কৰে। যোগগুৰু দেৱেন্দ্ৰ আগৰৱালাই কয় যে “যেতিয়া আমি এই মিল্ক বেংকটো আৰম্ভ কৰিছিলো তেতিয়া মানুহে প্ৰশ্ন কৰিছিল যে কিয় কোনোৱে আমাক গাখীৰ দান কৰিব?কাৰণ মানুহে ভাৱে যে কোনোবাই ৰক্ত দান কৰিব পাৰে কিন্তু নিজৰ সন্তানৰ ভাগৰ গাখীৰ প্ৰয়োজনতকৈ বেছি হলেও আনক দান দিব নোৱাৰে।”

image


এই মিল্ক বেংকত গাখীৰ দান কৰাৰ আগতে মহিলাসকলে এক বিশেষ প্ৰক্ৰিয়া পাৰ কৰিবলগীয়া হয়।গাখীৰ দান কৰিবলৈ বিচৰা মহিলাগৰাকীৰ কোনো বেমাৰ-আজাৰ অথবা তেওঁ কোনো নিচাজাতীয় দ্ৰব্য সেৱন কৰে নেকি সেয়া ধৰা পেলাবৰ বাবে মহিলাগৰাকীৰ স্বাস্হ্য পৰীক্ষা কৰা হয়।তাৰোপৰি এইচ আই ভি অথবা আন কোনো সংক্ৰমিত ৰোগৰ পৰীক্ষা কৰিবৰ বাবে মহিলাগৰাকীৰ শৰীৰত পৰা ২ এম এল তেজ লোৱা হয়।এই সকলো পৰীক্ষাৰ পিছতহে কোনো মহিলাই গাখীৰ দান কৰিব পাৰে।ইয়াৰোপৰি গাখীৰ দান কৰিবলৈ অহা মহিলাসকলক প্ৰথমতে নিজৰ সন্তানক গাখীৰ খুউৱাবলৈ দিয়া হয় আৰু তাৰ পিছত ব্ৰেষ্ট পাম্পৰ সহায়ত বাকী থকা গাখীৰখিনি উলিওৱা হয়।

image


মিল্ক বেংকত জমা হোৱা গাখীৰসমূহ বিশেষ প্ৰক্ৰিয়াৰে সুৰক্ষিত কৰি ৰখা হয়। মাতৃৰ তেজৰ ৰিপ’ৰ্ট নহালৈকে মাতৃদুগ্ধখিনি মাইনাছ পাঁচ ডিগ্ৰীত সুৰক্ষিত কৰি ৰখা হয়।ইয়াৰ পিছত সকলো দাতাৰ গাখীৰখিনি মিহলাই পেষ্টুৰাইজ কৰা হয়।তাৰ পিছত ৩০ এম এলৰ একোটাকৈ ইউনিট তৈয়াৰ কৰি সেইসমূহ ছিল পেক কৰা হয়।তাৰ পিছত ১২টা ইউনিটৰ এটা ভাগ কৰা হয়।তাৰ পৰা এক ইউনিট পৃথক কৰি মাইক্ৰ’বায়ল’জি লেবত কালচাৰ ৰিপৰ্টৰ বাবে পঠোৱা হয়। শেষৰটো ইউনিটৰ কালচাৰ ৰিপ’ৰ্ট নহালৈকে মাইনাছ ২০ ডিগ্ৰীত সুৰক্ষিত ৰখা হয়।এই গাখীৰৰ বিশেষত্ব হৈছে ইয়াক তিনিমাহ পৰ্যন্ত সুৰক্ষিত কৰি ৰাখিব পৰা যায়।

image


এয়া হৈছে দেশৰ প্ৰথমটো কমিউনিটি হ্যূমেন মিল্ক বেংক। “দিব্য মাদাৰ মিল্ক বেংক”য়ে মাতৃদূগ্ধ সংগ্ৰহ কৰিবৰ বাবে বিভিন্ন ঠাইত শিবিৰো পাতে।সুখৱৰটো হৈছে এই কাৰ্যসূচীৰ প্ৰতি বৰ্তমান ৰাজ্য চৰকাৰেও আগ্ৰহ প্ৰকাশ কৰিছে। চৰকাৰৰ সহযোগত ৰাজ্যজুৰি ১০টা মাডাৰ মিল্ক বেংক খোলাৰ আচঁনি লোৱা হৈছে আৰু এই আচঁনিৰ নামত ১০ কোটি টকা ধাৰ্য কৰা হৈছে। উদয়পুৰত “দিব্য মাদাৰ মিল্ক বেংক” স্হাপন কৰাৰ পিছত যোগগুৰু দেৱেন্দ্ৰ আগৰৱালাই এইবাৰ ৰাজস্হানৰ বাহীৰত উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাতো এনেধৰণৰ বেংক খোলাৰ আঁচনি লৈছে যাৰবাবে প্ৰাৰম্ভিক পৰ্যায়ৰ কথা বতৰা চলি আছে।

মূল- হৰিশ ৱিষ্ট

অনুবাদ- সংগীতা দেৱী দত্ত

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

RiiDL ৰ সহায়ত যন্ত্ৰৰে চালিত চেছ ব'ৰ্ড নিৰ্মাণ মুম্বাইৰ হাৰ্ডৱেৰ অভিযন্তাৰ

এটা ভাৰতীয় বহুজাতিক কোম্পানী নিৰ্মাণ: আয়ুশক্তি আয়ুৰ্বেদৰ ডা. স্মিতা নাৰমৰ সপোন

মেঘনা ঘাই, ভৱিষ্যতৰ ছবিনিৰ্মাতাৰ প্ৰশিক্ষণত ব্যস্ত শ্ব'মেন সুভাষ ঘাইৰ কন্যা 

Stellar’s Museum, এটা যাদুঘৰ ঘৰলৈ চপাই অনাৰ এগৰাকী মাতৃৰ অনন্য প্ৰয়াস

    Share on
    close