৯৭ বছৰীয়া যোগাসন প্ৰশিক্ষক ভি নানাম্মল

৯৭ বছৰীয়া যোগাসন প্ৰশিক্ষক ভি নানাম্মল

Thursday May 11, 2017,

2 min Read

তামিলনাডুৰ কোইম্বাটুৰৰ ভি নানাম্মল হৈছে এগৰাকী ৯৭ বছৰীয়া মহিলা । কিন্তু এই বয়সতো তেওঁ নিয়মিত যোগভ্যাস কৰাই নহয় শ-শ লোকক যোগাসনৰ প্ৰশিক্ষণো দিয়ে । 

Image source: Deccan Chronicle

Image source: Deccan Chronicle


প্ৰতিদিনে শতাধিক লোকক যোগাসনৰ প্ৰশিক্ষণ দিয়া নানাম্মল হয়তো ভাৰতৰ আটাইতকৈ বেছি বয়সীয়া যোগগুৰু । আঠবছৰ বয়সতে সমৰকলাবিদ পিতৃৰ পৰা যোগৰ শিক্ষা লৈছিল নানাম্মলে । ব্ৰহ্মপুৱাতে বিচনা ত্যাগ কৰা নানাম্মলে উঠিয়েই আধা লিটাৰ পানী সেৱন কৰে আৰু নিমৰ ঠাৰিৰে দাঁত ঘহে । সকলো সময়তে তেওঁ খাদ্য সচেতন । ফল-মূল, হালধী আৰু মৌ দিয়া গাখীৰ আদি তেওঁৰ খাদ্যৰ অপৰিহাৰ্য অঙ্গ ।

"মোৰ স্বামী আছিল এজন সিদ্ধ পদ্ধতিৰ চিকিৎসক আৰু তেওঁ কৃষি কৰ্মৰ লগতো জড়ত আছিল । প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ প্ৰতি মোৰ আগ্ৰহ এইদৰেই বৃদ্ধি পাইছিল । আনহাতে যোগাসনৰ অভ্যাস মই বিয়াৰ পাছতো অব্যাহত ৰাখিছিলো । মই সদায় কেলচিয়াম আৰু ফাইবাৰযুক্ত খাদ্য খাওঁ । সকলো শাক-পাছলি নিজৰ বাগিছাৰ পৰা ব্যৱহাৰ কৰোঁ ।" তেওঁ কয় । 

বৰ্তমান তেওঁৰ লক্ষ্য হৈছে মহিলা আৰু যুৱতীৰ মাজত বিভিন্ন স্বাস্থ্যজনিত সমস্যা, বিশেষকৈ বিবাহৰ পাছৰ বহু সমস্যা সম্বন্ধে সজাগতা সৃষ্টি কৰা । 

বিশ্বৰ বিভিন্ন যোগাসন সংস্থাৰ আমন্ত্ৰণ তেওঁ অস্বীকাৰ কৰিছে কাৰম তেওঁ ইংৰাজী নকয় । 

নানাম্মলৰ পৰা যোগাসনৰ শিক্ষা লোৱা ৬০০ শিক্ষাৰ্থীৰ বহুতেই বৰ্তমান বিশ্বৰ বিভিন্ন স্থানত যোগাসনৰ প্ৰশিক্ষকৰূপে কৰ্মৰত। তেওঁৰ পৰিয়ালৰ ৩৬ জন সদস্য যোগ প্ৰশিক্ষণৰ সৈতে জড়িত । নানাম্মলৰ মতে উদ্দেশ্য সঠিক হলে কোনো ধৰণৰ বাধাই আহিব নোৱাৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

'কমন মেন'ৰ স্ৰষ্টা আৰ কে লক্ষ্মণৰ নাতিনী ৰিমানিকাই আনিব 'কমন ৱমেন'

বিলাসিতা নহয়, সমাজ সচেতনতাৰে উদযাপিত এখন বিয়া

সাত শতাধিক বাটৰ কুকুৰক আশ্ৰয় দিয়া মানুহজন