সাত শতাধিক বাটৰ কুকুৰক আশ্ৰয় দিয়া মানুহজন

0

পথৰ কুকুৰক আশ্ৰয় দিয়া মানুহ প্ৰতিদিনে দেখা নাযায় । বৰঞ্চ পথৰ কুকুৰৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰহে আমি দেখিবলৈ পাওঁঁ । সৰ্বসাধাৰণৰ ঘৃণাৰ পাত্ৰ এনেকুৱা কুকুৰক নিজৰ ফাৰ্মহাউছত আশ্ৰয় প্ৰদান কৰে এজন ছফটৱেৰ ইঞ্জিনীয়াৰে । বাঙ্গালুৰুৰ বাহিৰৰ এটা ফাৰ্মহাউছত তেওঁ ৭৩৫ টা কুকুৰক আশ্ৰয় প্ৰদান কৰিছে । 

Source : Alyzaonline
Source : Alyzaonline

প্ৰথমে দিল্লীত আৰু পাছলৈ আমেৰিকাত কাম কৰা ৰাকেশ শুক্লাই ১০ বছৰ আগতে বাঙ্গালুৰুলৈ আহি এটা ছফটৱোৰ কোম্পানী স্থাপন কৰিছিল । "মই বিলাসিতাৰ জীৱন কটাইছিলো কিন্তু সুখী নাছিলো ।" তেওঁ কয় ।

The Dog Father নামেৰে জনাজাত ৪৫ বছৰীয়া ৰাকেশে কয় যে এই কুকুৰবোৰ তেওঁৰ সন্তানৰ দৰে । তেওঁ আশ্ৰয় দিয়া প্ৰথম কুকুৰ আছিল ৪৫ দিনীয়া এজনী গল্ডেন ৰিট্ৰিভাৰ । তেওঁ তাইক লৈ আনোতে প্ৰথমে তাই ভয় খাইছিল যদিও কেই মুহুৰ্ত্তমানৰ ভিতৰতে তেওঁ তাইৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছিল । এই ঘটনাৰ পাছতেই তেওঁ যিকোনো বাটৰ কুকুৰক আশ্ৰয় দিবলৈ আৰম্ভ কৰে । কেৱল কুকুৰৰ বাবেই তেওঁ এচটা ফাৰ্ম হাউছো নিৰ্মাণ কৰে । 

এই কুকুৰবোৰৰ খাদ্য আৰু ঔষধৰ বাবে ৰাকেশে দিনে ৫০,০০০ টকা খৰছ কৰে আৰু ইয়াৰে ৯৭ শতাংশ তেওঁৰ নিজৰ পকেটৰপৰা খৰছ হয় । বহু বাধা আৰু আপত্তি স্বত্ত্বেও তেওঁ এই আশ্ৰয় গৃহটো বন্ধ কৰি দিয়া নাই । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

শৈক্ষিক পৰিবৰ্তনৰ বাবে বৰ্তমানৰ আটাইতকৈ শক্তিশালী মাধ্যম ডিজিটেল ইণ্ডিয়া আৰু শিক্ষাৰ যুগলবন্দী ঘটালে গীতাঞ্জলী খান্নাই

মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ

সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'