বিলাসিতা নহয়, সমাজ সচেতনতাৰে উদযাপিত এখন বিয়া

বিলাসিতা নহয়, সমাজ সচেতনতাৰে উদযাপিত এখন বিয়া

Sunday December 25, 2016,

1 min Read

শেহতীয়াকৈ কেইজনমান কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, ব্যৱসায়ীৰ পৰিয়ালৰ ঘৰৰ বিয়াৰ অত্যাধিক বিলাসবহুল আয়োজন আৰু সম্পদৰ প্ৰদৰ্শনক লৈ ব্যাপক সমালোচনা হৈ থকাৰ মাজতে মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদৰ ব্যৱসায়ী মনোজ মুন'টে নিজৰ ছোৱালীৰ বিয়াৰ মাজেদি দাঙি ধৰিলে এক আদৰ্শ । বিলাসবহুল আয়োজন কৰাৰ সলনি তেওঁ বিয়া উপলক্ষে নগৰখনৰ গৃহহীনসকলৰ বাবে ৯০ টা ঘৰ দান কৰিলে । 

Image : Youtube

Image : Youtube


মুন'টে কয় যে তেওঁ স্থানীয় বিধায়কজনৰ দ্বাৰা এই কামৰ বাবে অনুপ্ৰাণিত হ'ল । ছোৱালীৰ বিয়াত তেওঁ ৭০-৮০ লাখ টকা খৰচ কৰাৰ পৰিকল্পনা কৰিছিল যদিও পাছত তেওঁ সেই ধনেৰে সামাজিক কাম এটা কৰাৰ সিদেধান্ত লয় । 

ইতিমধ্যে ৪০ টা পৰিয়ালে ইতিমধ্যে এই ঘৰবোৰত আশ্ৰয় লৈছে আৰু আন কিছুমানে প্ৰস্তুতি চলাই আছে । মুন'টৰ এই পদক্ষেপক আদৰণি জনাইছে বহুজনে । তেওঁৰ জীয়ৰিও ইয়াক লৈ যথেষ্ট উৎসাহী । তেওঁৰ মতে এয়া হৈছে তেওঁৰ বিয়াৰ শ্ৰেষ্ঠতম উপহাৰ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

‘ভাৰতীয় ঔদ্যোগিক উন্নয়ন সেৱা’ গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

পত্নীৰ ব্যৱসায় সামগ্ৰী সৰবৰাহৰ অসুবিধাই অনুপ্ৰাণিত কৰিলে এইজন উদ্যোগীক

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী