'কমন মেন'ৰ স্ৰষ্টা আৰ কে লক্ষ্মণৰ নাতিনী ৰিমানিকাই আনিব 'কমন ৱমেন'

'কমন মেন'ৰ স্ৰষ্টা আৰ কে লক্ষ্মণৰ নাতিনী ৰিমানিকাই আনিব 'কমন ৱমেন'

Thursday May 11, 2017,

2 min Read

প্ৰসিদ্ধ ভাৰতীয় কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ অমৰ সৃষ্টি 'কমন মেন' কোনে পাহৰিব পাৰে । লক্ষ্মণৰ কমন মেনৰ পদাংক অনুসৰণ কৰিবলৈ এইবাৰ আহিছে এটা নতুন কাৰ্টুন চৰিত্ৰ 'কমন ৱমেন' । কমন ৱমেনৰ স্ৰষ্টা লক্ষ্ণণৰ নাতিনী ৰিমানিকা লক্ষ্মণ । ৫ মে'ত বিশ্ব কাৰ্টুনিষ্ট দিৱস উপলক্ষে এই ঘোষণা কৰা হয় । অৱশ্যে ইয়াৰ পৰিকল্পনা লক্ষ্মণ জীয়াি থকা অৱস্থাতে

এটা দশক আগৰ পৰাই চলি আছিল । 

২০০৫ চনত লক্ষ্মণক এটা সাক্ষাৎকাৰত শোধা হৈছিল তেওঁৰ কাৰ্টুনৰ পৰম্পৰাক কোনে আগবঢ়াব । উত্তৰত তেওঁ কৈছিল, "মই মোৰ কাম কৰিলো । এতিয়া মোৰ নাতিনীয়ে ইয়াক আগবঢ়াই নিব । এগৰাকী নাৰী হিচাপে তেওঁ নাৰী সম্পৰ্কীয় কিছুমান বিষয় উত্থাপন কৰিবলৈ ইচ্ছুক । কমন মেন চৰিত্ৰটোৱে বিভিন্ন বিষয় লক্ষ কৰিছিল । কমন ৱমেনে বিভিন্ন বিষয়ত নিজৰ মতামত আগবঢ়াব ।" 

Image: R K IPR Management Pvt Ltd

Image: R K IPR Management Pvt Ltd


১৯৫১ চনত টাইমছ অৱ ইণ্ডিয়াত আত্মপ্ৰকাশ কৰা কমন মেন চৰিত্ৰটোৱে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ সংগ্ৰামৰ ওপৰত আলোকপাত কৰি বিপুল জনপ্ৰিয়তা লাভ কৰিছিল । 

এমাহৰ ভিতৰত এই চৰিত্ৰটোৱে আত্মপ্ৰকাশ কৰিব । ৰিমানিকাই ইয়াৰ পৰিকল্পনা কৰিব আৰপ লক্ষ্মণৰ দীৰ্ঘদিনৰ সহযোগী বিকাশ ফাড়নিছে এইবোৰ অংকন কৰিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি 

সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান