১৫ বছৰত প্ৰথমবাৰৰ বাবে হকী জুনিয়ৰ বিশ্বকাপ ভাৰতৰ দখলত

১৫ বছৰত প্ৰথমবাৰৰ বাবে হকী জুনিয়ৰ বিশ্বকাপ ভাৰতৰ দখলত

Monday December 19, 2016,

1 min Read

পোন্ধৰ বছৰৰ পাছত ভাৰতে জয় কৰিলে এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপ । লক্ষ্ণৌত অনুস্থিত ফাইনেলত বেলজিয়ামক ২-১ত হৰুৱাই এই চেম্পিয়নশ্বিপ জয় কৰে । প্ৰথমাৰ্ধৰ আঠ মিনিটত গুৰ্জন্ত সিঙে আৰু ২২ মিনিটত চিমৰণজিৎ সিঙে এটাকৈ গ'ল দি ঘৰুৱা দলটোক অগ্ৰগতি দিয়ে ।

Source : PTI

Source : PTI


যোৱাবাৰৰ প্ৰতিযোগিতাত ১০ম স্থানলৈ অৱনমিত হোৱা ঘৰুৱা দলটোৰ বাবে হোৰোৱা সন্মান ঘুৰাই পোৱাৰ ই এক সুন্দৰ সুযোগ আছিল । ২০০১ চনত ভাৰতে হবাৰ্টত এই প্ৰতিযোগিতা জয় কৰিছিল । ভাৰতৰ প্ৰশিক্ষক সকলৰ বাবেও এই জয় গুৰুত্বপূৰ্ণ ।

আৰম্ভণীৰেপৰাই ভাৰতে প্ৰতিপক্ষৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল । ৭০ মিনিটত ফেব্ৰিচ ভান বক্ৰিকে পেনাল্টীৰ সহায়ত এটা গ'ল কৰে । 

আৰম্ভণীৰ আঠ মিনিটত ভাৰতে দুটাকৈ পেনাল্টীৰ সুযোগ পায়ো হেৰুৱায় যদিও ই কিন্তু ভাৰতৰ গতি ৰুদ্ধ কৰিব নোৱাৰিলে । ইফালে ছবাৰৰ চেম্পিয়ন জাৰ্মানী ব্ৰ'ঞ্জ মেডেলতে সন্তুষ্ট থাকিবলগীয়া হয় । অষ্ট্ৰেলিয়াক ৩-০ ত পৰাজিত কৰি জাৰ্মানীয়ে এই স্থান দখল কৰে । আনহাতে পৰাজয় স্বত্বেও বেলজিয়ামেও এই প্ৰতিযোগিতাত এক ইতিহাস সৃষ্টি কৰে । প্ৰথমবাৰৰ কাৰণে বেলজিয়ামে পদক লাভ কৰে এই প্ৰতিযোগিতাত ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ চৰকাৰৰঃ এবাৰ লেনদেনত ২০০০ টকালৈকে ৰেহাই

অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে

মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা



    Share on
    close