উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

Monday August 15, 2016,

3 min Read

১৮৫৮ চনত বৃটিছে ফাঁচী দিছিল মণিৰাম দেৱানক । ৫২ বছৰ বয়সত দেশৰ বাবে প্ৰাণ দিয়া মণিৰাম দেৱানৰ অৱদানৰ বিষয়ে যেতিয়া আমি কথা পাতোঁ তেতিয়া অৱধাৰিতভাৱে স্বাধীনতা সংগ্ৰাম আৰু উদ্যোগশীলতাৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ কথা উত্থাপন হয় । মণিৰাম দেৱানে কেৱল ৰাজনৈতিক বা অৰ্থনৈতিক স্বাধীনতা বিচৰা নাছিল । তেওঁ বিচাৰিছিল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত স্বদেশৰ মানুহৰ শক্তি বৃদ্ধি পাওক । আধুনিক অৰ্থত তেওঁ আছিল এজন অসমীয়া তথা ভাৰতীয় ব্যৱসায়ী যি বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰীয়তাবাদ বা জাতীয়তাবাদৰ ভেটি সুদৃঢ় হবলৈ হলে উদ্যোগশীলতাত গুৰুত্ব দিবই লাগিব । আজি আমি উদ্যোগশীলতাত গুৰুত্ব দিছো আনকি শিক্ষা ব্যৱস্থাত উদ্যোগশীলতাক অন্তৰ্ভূক্ত কৰাৰ পদক্ষেপ লৈছো । মণিৰাম দেৱানে কিন্তু প্ৰায় ডেৰশ বছৰ আগতেই উদ্যোগশীলতাৰ যোগেদি অসমক এক আধুনিক অৰ্থনীতিত পৰিণত কৰাৰ সোপন দেখিছিল । মণিৰাম দেৱান কেৱল এজন স্বাধীনতা সংগ্ৰামী আৰু ব্যৱসায়ীয়েই নাছিল । তেওঁ আছিল বিভিন্ন ক্ষেত্ৰত বাটকটীয়া আৰু তেওঁৰ জীৱনৰপৰা প্ৰতিজন স্বদেশপ্ৰেমী অসমীয়া তথা ভাৰতীয়ই শিকিবলগীয়া কেইবাটাও কথা আছে ।  

Image- Subhrajit at Assamese Wikipedia

১. ব্যৱসায় বাণিজ্যৰ প্ৰয়োজনীয়তা- প্ৰথমিক অৱস্থাত ইংৰাজৰ সহযোগী মণিৰাম দেৱানে ইংৰাজৰ ব্যাৱসায়িক দক্ষতা আৰু ইয়াৰ বলতে তেওঁলোকে আহৰণ কৰা গোলকীয় শক্তিক বুজি উঠিছিল । ক্ৰমাৎ নিজেও এনেধৰণৰ শক্তি আহৰণ কৰিবলৈ উৎসাহী হৈ উঠিছিল । যেতিয়া তেওঁ দেখিলে যে বৃটিছে ভাৰতীয়ক ব্যাৱসায়িকভাৱে চাহ খেতি কৰিবলৈ দিব নিবিচাৰে তেতিয়া তেওঁলোকৰ সৈতে সম্পৰ্ক চেদ কৰিলে । কাৰণ তেওঁ বুজিছিল ক্ৰমাৎ সলনি হৈ অহা পৃথিৱীখনত এখন দেশ বা এটা জাতি তিষ্ঠি থাকিবলৈ হলে অৰ্থনৈতিক শক্তিৰ প্ৰয়োজন আৰু এই শক্তি আনি দিব ব্যৱসায় বাণিজ্যইহে । সেয়েহে তেওঁ বৃটিছক প্ৰত্যাহ্বান জনাব পৰাকৈ নিজাকৈ চাহবাগান খুলিছিল । 

২. পথ প্ৰদৰ্শনকাৰী পদক্ষেপ- মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া তথা প্ৰথম ভাৰতীয় ব্যাৱসায়িক চাহ খেতিয়ক । চাহ খেতি বৃটিছে আৰম্ভ কৰিছিল সঁচা কিন্তু চাহখেতিৰ ভাৰতীয়কৰণৰ বাটকটীয়া আছিল মণিৰাম দেৱান । তদুপৰি অসমৰ বিভিন্ন স্থানত বহুকেইখন বজাৰ তেওঁ স্থাপন কৰিছিল । 

৩. ব্যাৱসায়িক বিবিধতা আৰু ব্যৱসায়ৰ প্ৰসাৰ- মণিৰাম দেৱানে কেৱল চাহবাগানেই নহয় বিভিন্ন ব্যৱসায়ত মনোনিবেশ কৰিছিল । ইয়াৰ ভিতৰত লোৰ আকৰৰ পৰা লো আহৰণ, সোণ আহৰণ, নিমখ প্ৰস্তুতকৰণ, হস্ততাঁত, নাও নিৰ্মাণ, কৃষি আৰু কৃষিৰ সঁজুলি, মেচলক (বন্দুকত ব্যৱহাৰ হোৱা সঁজুলি) প্ৰস্তুতকৰণ, কয়লা যোগান, ইটা নিৰ্মাণ, হাতী আৰু হাতীদাতৰ ব্যৱসায়কে ধৰি বহু ব্যৱসায়ত মনোনিবেশ কৰিছিল । যিকোনো আধুনিক ব্যৱসায়ীৰ দৰে ব্যৱসায় প্ৰসাৰৰ ক্ষেত্ৰত আগৰণুৱা আছিল তেওঁ। 

৪. দক্ষতা বিকাশ- ইংৰাজৰ বিৰুদ্ধে যুঁজ কৰিবলৈ হলে ইংৰাজৰ দক্ষতা আহৰণ কৰিব লাগিব বুলি মনে প্ৰাণে বিশ্বাস কৰিছিল মণিৰাম দেৱানে । নিজে ইংৰাজীকে ধৰি কেইবাটাও ভাষাত দক্ষ হোৱাৰ লগতে আনেও এই ধৰণৰ দক্ষতা আহৰণ কৰিব লাগে বুলি তেওঁ বিশ্বাস কৰিছিল । আনহাতে বৃটিছৰ ব্যাৱসায়িক সাম্ৰাজ্যখন দেখি অকল অভিভূত হৈ হাত সাৱটি বহি থকা নাছিল তেওঁ । তেনে এখন সাম্ৰাজ্য অসমীয়া বা ভাৰতীয়ই সৃষ্টি কৰাৰ সপোনো দেখিছিল তেওঁ ।   

৫. নিজৰ শক্তিক চিনি পোৱা গুণ- পৰিবেশ আৰু ভৌগোলিক অৱস্থানৰ ফালৰ পৰা চাহ অসমৰ বিশেষত্ব । প্ৰথমৰেপৰা এই কথা ভালকৈ বুজি পোৱা মণিৰাম দেৱানে বুজিছিল যে অসমীয়াই এই ব্যৱসায়ত মনোযোগ দি ভৱিষ্যতে বৃহৎ পৰিমাণৰ লাভ অৰ্জন কৰিব পাৰিব । এই কথা আজিও প্ৰাসঙ্গিক । বিশ্বৰ আন কোনো স্থানত সফলতা লাভ কৰা এটা ব্যৱসায়ে আমাৰ চহৰখনত বা ৰাজ্যখনত সফলতা লাভ নকৰিবও পাৰে । আমাৰ ব্যৱসায় যদি সেইবোৰ ক্ষেত্ৰত হয় যিবোৰত আমি অদ্বিতীয় আৰু শক্তিশালী তেনেহলে তাত অভূতপুৰ্ব সফলতাৰ থল থাকে ।

মণিৰাম দেৱানকে ধৰি আন বহুতৰে বৃটিছৰপৰা স্বাধীনতা লাভক সপোন সফল হোৱা কেইবা দশক পাৰ গৈ গ'ল । অসমক এক বিশাল অৰ্থনৈতিক শক্তিত পৰিণত কৰাৰ মণিৰাম দেৱানৰ সপোন বাস্তবায়িত কৰাৰ সময় এতিয়া সমাগত । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

অসমীয়া বস্ত্ৰক বিশ্বৰ বজাৰলৈ নিয়া e-bozar.com

দলিত নিগ্ৰহৰ ঘটনাৰ আঁৰত আছে এক গভীৰ সামাজিক কাৰণ

বিশ্বজোৰা এটা চাহৰ ব্ৰেণ্ড স্থাপন কৰাৰ লক্ষ্যৰে নমঃ টি

জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি বিশ্বজুৰি সমাদৰ লাভ কৰিছে লখিমপুৰৰ গোবিন হাজৰিকাই

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

      

    Share on
    close