কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ চৰকাৰৰঃ এবাৰ লেনদেনত ২০০০ টকালৈকে ৰেহাই

কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ চৰকাৰৰঃ এবাৰ লেনদেনত ২০০০ টকালৈকে ৰেহাই

Wednesday December 14, 2016,

1 min Read

ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, চাৰ্জ কাৰ্ড তথা অন্যান্য কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ কৰিছে চৰকাৰে । এবাৰ লেনদেনত ২০০০ টকালৈকে এই ৰেহাই পোৱা যাব । 

image


বেংকৰ দ্বাৰা প্ৰদান কৰা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ জৰিয়তে কোনো গ্ৰাহকে ব্যৱসায়ী/সেৱা প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত মাৰ্চেণ্ট ডিচকাউণ্ট ৰেট(MDR) আৰোপ কৰা হৈছিল। কিন্তু ডিজিটেল লেনদেনৰ প্ৰচাৰৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে এনে কাৰ্ডৰ ধনাদায় গ্ৰহণ কৰাত উদ্গনি যোগোৱাৰ লক্ষ্যৰে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, চাৰ্জ কাৰ্ড তথা অন্যান্য কাৰ্ডৰ জৰিয়তে কৰা ধনাদায়ৰ বাবদ ধাৰ্য কৰা সেৱা কৰ পৰিত্যাগ কৰিছে চৰকাৰে। অৱশ্যে এবাৰত ২০০০ টকাৰ ধনাদায়ৰ ক্ষেত্ৰতহে এই ৰেহাইৰ সীমা ধাৰ্য কৰিছে চৰকাৰে। অৰ্থাৎ ২০০০ টকাতকৈ বেছি মুল্যৰ সামগ্ৰী বা সেৱা ক্ৰয় কৰিলে বাকী ধনৰ সেৱা কৰ প্ৰদান কৰিব লাগিব গ্ৰাহকে। 

(সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে