ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত হাট স্থাপন আৰু সংশোধিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত হাট স্থাপন আৰু সংশোধিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Friday March 17, 2017,

1 min Read

কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত-বাংলাদেশ সীমান্তত দুয়ো দেশৰ মাজত ম’ড অৱ অপাৰেচনৰ অধীনত সীমান্ত হাট স্থাপন আৰু সংশোধিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হৈছে।

সীমান্ত হাট, স্থানীয় বজাৰৰ লক্ষ্য হৈছে স্থানীয় উৎপাদিত সামগ্ৰীৰ পৰম্পৰাগত পদ্ধতিৰে ক্ৰয়-বিক্ৰয় কৰি দুয়ো দেশৰ সীমান্তৰ চৰ অঞ্চলৰ লোকসকল উপকৃত হোৱাৰ ক্ষেত্ৰত উদ্গনি যোগোৱা। এই পদ্ধতিৰ সহায়ত সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলক অৰ্থনৈতিকভাৱে সবল কৰাত সহায় কৰিব।

image


বৰ্তমান চাৰিখন সীমান্ত হাট ক্ৰমে মেঘালয় আৰু ত্ৰিপুৰাত দুখনকৈ কাৰ্যকৰী অৱস্থাত আছে, যিবোৰ ২০১০ চনৰ ২৩ অক্টোবৰত স্বাক্ষৰিত বুজাবুজি চুক্তি আৰু ম’ড অৱ অপাৰেচনৰ ভিত্তিত স্থাপন কৰা হৈছিল। ইয়াৰ সমান্তৰালভাৱে সীমান্ত হাট পৰিচালনাৰ বাবে ২০১২ৰ ১৫ মে’ত এখন দলিলত স্বাক্ষৰ কৰা। সংশোধিত বুজাবুজি চুক্তি আৰু ম’ড অৱ অপাৰেচনে অতিৰিক্ত সীমান্ত চকী স্থাপনৰ লগতে ইয়াৰ পৰিচালনাৰ বিষয়টোত আইনী সুৰক্ষা প্ৰদান কৰিব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ

'প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাতকৈ বিক্ৰী হোৱা সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে': ড'নাৰ সচিব নৱীন ৱৰ্মা

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭