উত্তৰ-পূবৰ ‘ঘৰুৱা’ পৰ্যটনৰ প্ৰচাৰত গুৰুত্ব ড০ জিতেন্দ্ৰ সিঙৰ

উত্তৰ-পূবৰ ‘ঘৰুৱা’ পৰ্যটনৰ প্ৰচাৰত গুৰুত্ব ড০ জিতেন্দ্ৰ সিঙৰ

Thursday December 15, 2016,

2 min Read

উত্তৰ-পূৰ্বাঞ্চলত ‘ঘৰুৱা’ পৰ্যটনৰ প্ৰচাৰৰ বাবে আহ্বান জনাইছে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। ছিকিম আৰু মেঘালয়ত এই ধাৰণাৰ সফলতাৰ অভিজ্ঞতাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই ধৰণৰ ব্যতিক্ৰমী আৰু ব্যক্তিগত দৃষ্টিভংগীয়ে কেৱল পৰ্যটকৰ আগমনকে বৃদ্ধি নকৰে, ইয়াৰ দ্বাৰা স্থানীয় যুৱক-যুৱতী তথা একাংশ পৰিয়ালক নতুন জীৱিকাৰ সন্ধান দিব।

image


এই উপলক্ষে ড০ জিতেন্দ্ৰ সিঙে ছিকিমৰ ৰাজ্যপাল শ্ৰী শ্ৰীনিৱাস পাটিলৰ সৈতে ছিকিমৰ পাকিয়াং বিমান বন্দৰৰ অগ্ৰগতিৰ সন্দৰ্ভতো আলোচনা কৰে। ড০ জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি মাহে অনুষ্ঠিত কৰা ‘প্ৰগতি’ৰ ভিডিঅ’ কনফাৰেন্সিঙৰ সময়তো ৰাজ্যখনৰ মুখ্য সচিবগৰাকীক এই প্ৰকল্পটোৰ দ্ৰুতভাৱে সম্পন্ন কৰাৰ আশা প্ৰকাশ কৰিছিল।

গেংটকলৈ বিশ্বৰ বিভিন্ন স্থানৰ পৰা পৰ্যটকৰ আগমন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ড০ জিতেন্দ্ৰ সিঙে কয় যে এটা বিমান বন্দৰৰ উপস্থিতিয়ে পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি পোৱাত সহায় কৰিব। একেদৰে, গুৱাহাটীৰ পৰা শ্বিলঙলৈ বৰ্তমান বাণিজ্যিক হেলিকপ্টাৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে, কিন্তু ইয়াৰ স্থানীয় বিমানবন্দৰৰ উন্নয়নে পৰ্যটকৰ আগমনত আৰু অধিক উৎসাহ যোগাব।

ড০ জিতেন্দ্ৰ সিঙে মেঘালয়ৰ লগতে অন্যান্য ৰাজ্য কেইখনৰ শেহতীয়া ভ্ৰমণৰ সময়ত কেইবাটাও মনোমোহা স্থান প্ৰত্যক্ষ কৰাৰ কথা দোঁহাৰে, য’ত অধিকাংশ পৰ্যটকে একাংশ স্থানীয় লোকৰ চৌহদত থকা-মেলাৰ সুবিধাক অগ্ৰাধিকাৰ দিছে। যাৰ দ্বাৰা তেওঁলোকে এক ঘৰুৱা পৰিৱেশ অনুভৱ কৰাৰ লগতে বাসিন্দাসকলৰ লগতো স্থানীয় পাৰিপাৰ্শ্বিকতা গঢ় দিবলৈ সক্ষম হয়। একেসময়তে এনে পৰিয়ালসমূহৰ বাবে এই ‘ঘৰুৱা’ ধাৰণাটো সমান্তৰালভাৱে আয়ৰো উৎস হৈ পৰিছে।

( সৌজন্য- পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সামূহিক অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে উত্তৰ-পূবৰ ৰাজ্যলৈ ৯০% ৰাহসাহাৰ্য্য আগবঢ়াব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

কেচুৱা কোলাত লৈ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাহিনী

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত