সামূহিক অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে উত্তৰ-পূবৰ ৰাজ্যলৈ ৯০% ৰাজসাহাৰ্য্য আগবঢ়াব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

সামূহিক অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে উত্তৰ-পূবৰ ৰাজ্যলৈ ৯০% ৰাজসাহাৰ্য্য আগবঢ়াব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

Wednesday December 14, 2016,

2 min Read

সামূহিক অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে উত্তৰ-পূবৰ ৰাজ্যলৈ ৯০% আৰু অন্যান্য ৰাজ্যলৈ ৭৫% ৰাজসাহাৰ্য্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ভেংকায়া নাইডুৱে। সামূহিক অনাতাঁৰ কেন্দ্ৰ হৈছে এক অসাধাৰণ মাধ্যম, যাৰদ্বাৰা স্থানীয় ভাষাত তথ্যৰ সম্প্ৰচাৰ কৰা হয়। তেওঁ লগতে উল্লেখ কৰে যে দূৰদৰ্শনে ২০১৭ৰ জানুৱাৰীৰ প্ৰথমাৰ্দ্ধতে অৰুণপ্ৰভা নামৰ এটা নতুন চেলেনৰ শুভাৰম্ভ কৰিব। এই চেনেলত স্থানীয় সমৃদ্ধিশালী সংস্কৃতি, বিভিন্নতা আৰু বৈচিত্ৰতাক প্ৰদৰ্শিত কৰাৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনক দেশৰ সকলো ৰাজ্যৰ সৈতে সংযোজন কৰাৰ যৎপৰোনাষ্টি কৰিব।

image


নাইডুৱে আৰু কয় যে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি ব্যাপক তথ্য আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে তথ্য আৰু সম্প্ৰচাৰ নীতি প্ৰস্তুত কৰিব। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ অনুকূল ৰাজ্যসমূহক একত্ৰিতকৰণ সন্দৰ্ভত সদৰি কৰি তেওঁ কয় যে ৰাজ্যসমূহে এই দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব, কাৰণ ইয়াৰ দ্বাৰা কেৱল ৰাজহ বৃদ্ধিয়েই নহয়, লগতে সেই ৰাজ্যসমূহৰ পৰ্যটনৰো বিকাশ হ’ব। এই প্ৰসংগতে তেওঁ সৰ্বাধিক চলচ্চিত্ৰ অনুকূল ৰাজ্যৰ বাবে এক কোটি টকা নগদ পুৰষ্কাৰৰো ঘোষণা কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৰ্ণেল ৰাজ্যৱৰ্দ্ধন সিং ৰাথোড়ে কয় যে সু-প্ৰশাসনৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সু-সম্পৰ্ক অতি দৰকাৰী। সেয়েহে আমাৰ দেশৰ সামগ্ৰিক বিকাশৰ বাবে আমি একেলগে আগবাঢ়িব লাগিব। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ২৮সংখ্যক ৰাজ্যিক তথ্য মন্ত্ৰী সন্মিলনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

তেওঁ লগতে কয় যে তথ্য সংগ্ৰহ আৰু বিতৰণ কৰাটো এক অৱধাৰিত প্ৰক্ৰিয়া আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নাগৰিকসকলৰ সৈতে এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ বাবে যত্ন কৰিব লাগিব।

তথ্য বিতৰণত চৰকাৰী সম্প্ৰচাৰ বিভাগৰ ভূমিকা সন্দৰ্ভত মন্ত্ৰী কৰ্ণেল ৰাথোড়ে কয় যে দূৰদৰ্শন আৰু ৰেডিঅ’ই ইয়াৰ দৰ্শক শ্ৰোতাক ভৌগোলিকভাৱে জড়িত কৰিলেই নহ’ব, লগতে ইয়াৰ বিষয়বস্তু আৰু অনুষ্ঠানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব। তেওঁ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মিডিয়া গোট তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ কাম-কাজৰ সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ লগতে ৰাজ্যসমূহত চলচ্চিত্ৰ সা-সুবিধাবিশিষ্ট গোট স্থাপনৰ বাবেও আহ্বান জনায়।

( সৌজন্য- পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মোডীৰ কাৰ্যকলাপে ইন্দিৰা গান্ধীলৈ মনত পেলাই দিছে

মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত