কেচুৱা কোলাত লৈ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাহিনী

কেচুৱা কোলাত লৈ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাহিনী

Wednesday April 06, 2016,

3 min Read

আৰক্ষী সেৱা মহিলাৰ বাবে যথেষ্ট কঠিন হিচাপে বিবেচিত হয়। তদুপৰি অপৰাধ শাখাত মহিলাতকৈ পুৰুষৰ অধিক প্ৰতিপত্তি দেখিবলৈ পোৱা যায়। কোনো এখন ৰাজ্যৰ ৰাজধানীৰ আপৰাধ শাখাৰ প্ৰধান হোৱাটো এক প্ৰত্যাহ্বানপূৰ্ণ কাম। তেনেস্থলত ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ অপৰাধ শাখাৰ চোৱা-চিটা কৰে অতি সাহসী মহিলা উচ্চপদস্থ বিযয়া অৰ্চনা ৰায়ে। অধ্যাপক পিতৃ আৰু চাৰিগৰাকী ভাতৃ-ভগ্নীৰ ভিতৰত সবাতোকৈ সৰু অৰ্চনা কোনো আৰক্ষী বৃত্তিৰ সৈতে জড়িত পৰিয়ালৰ পৰা অহা নাছিল। অৰ্চনাই নিজেও কেতিয়াও আৰক্ষী বৃত্তিৰ সৈতে জড়িত হোৱাৰ কথা চিন্তা কৰা নাছিল। জীৱনত আগুৱাই যোৱা আৰু কিবা এটা কৰি দেখুওৱাটো আছিল তেওঁৰ প্ৰধান লক্ষ্য। এই অদম্য লক্ষ্যৰে তেওঁ ছত্তিশগড় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু আৰু আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হয়। অৰ্চনাই ২০০৭ চনত আৰক্ষী সেৱাত জড়িত হৈ এই প্ৰত্যাহ্বান গ্ৰহণ কৰে। বোধহয় এনে শক্তি নাৰীৰ মাজত থাকেই, কিয়নো তেওঁলোকে এনে কঠিন প্ৰত্যাহ্বান সহজেই গ্ৰহণ কৰিব পাৰে।


image


২০০৭ চনত অৰ্চনাৰ জীৱনলৈ দুটাকৈ পৰিৱৰ্তন আহে। প্ৰথমতে তেওঁ ৰাজ্যিক আৰক্ষী সেৱাৰ নিয়োজিত হয় আৰু দ্বিতীয়তে তেওঁ বিবাহ পাশত আৱদ্ধ হয়। আৰক্ষীৰ কঠিন প্ৰশিক্ষণ আৰু বিবাহিত জীৱনৰ মাজত খাপ খোৱাৰ জটিল প্ৰত্যাহ্বানক অৰ্চনাই ভালদৰে পালন কৰে। অৰ্চনাৰ শহুৰেক ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁৰ লগতে শাহুৱেকেও অৰ্চনাক সংগ দিয়ে। অৰ্চনাৰ স্বামী নিমেষ বিলাসপুৰত ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ অধিবক্তা।

অৰ্চনাই কয়-

 ‘বিবাহৰ পাছত যেতিয়া তেওঁলোকৰ কন্যা অন্বিতা মুন তেওঁলোকৰ জীৱনলৈ আহে, তেতিয়া আৰক্ষীৰ চাকৰিৰ সমান্তৰালভাৱে পুৱা-গধূলী সন্তানৰ প্ৰতিপালন আৰু স্বামীগৃহৰ আশা পূৰণৰ গভীৰ দায়িত্ব আহিল। শাহু-শহুৰ আৰু স্বামীৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে এই দায়িত্ব সঠিক ৰূপে পালন কৰিব পাৰিছো। কিন্তু ছোৱালীজনী অতি সৰু হৈ থাকোতে ৰাতি পেট্ৰলিঙত ছোৱালীজনীক গাড়ীত লৈ কাম কৰিবলগীয়া হৈছিল।’


image


নিৰ্বাচনৰ সময়ত কঠোৰ ডিউটী, আইপিএল মেচৰ সময়ত সুৰক্ষাৰ দায়িত্ব আৰু ক্ৰাইম ব্ৰান্সৰ দৰে অপৰাধ অনুসন্ধানৰ সৈতে জড়িত শাখাৰ যথেষ্ট টান তথা পুৰুষে অগ্ৰাধিকাৰ পোৱা বহু দায়িত্ব অৰ্চনা ঝাই অতি প্ৰশংসনীয়ভাৱে পালন কৰিছে। পুৰুষ সহকৰ্মীসকলেও তেওঁৰ আগ্ৰহ, পৰিশ্ৰম আৰু ব্যৱহাৰৰ বাবে প্ৰশংসা কৰে।

অৰ্চনাই কয় যে ঈশ্বৰে মহিলাক এনে শক্তি প্ৰদান কৰিছে যে কোনো সমস্যাৰ সন্মুখীন হ’লেও ভয় নাখায়। ধৈৰ্য সহকাৰে জটিল সমস্যাৰ সন্মুখীন কৰাটো নাৰীৰ বিশেষত্ব। অৰ্চনাই কয়,

‘যিকোনো মহিলাই ঘৰ আৰু বাহিৰৰ দায়িত্ব পালন কৰাৰ সময়ত গুৰুত্ব দিব লাগে, যাতে তেওঁ নাৰিত্ব নেহেৰুৱায়। কেৰিয়াৰৰ বাবে পৰিয়াল আৰু মাতৃত্বক  কেতিয়াও পাহৰিব নালাগে।’


image


এতিয়া সন্তানটি ডাঙৰ হৈ আহিছে বাবেই বেছি সময় ককাক-আইতাকৰ সৈতে থাকে কিন্তু উচ্চ ন্যায়ালয় বিলাসপুৰত থকাৰ বাবে তেওঁৰ স্বামী কেৱল সপ্তাহৰ শেষত ৰায়পুৰলৈ আহিব পাৰে আৰু আৰক্ষীৰ চাকৰিও এনে নহয় যে সপ্তাহৰ শেষত আপুনি আজৰি হ’ব। কিন্তু অৰ্চনাই কৌশলেৰে মিলাই লয়।


image


কেইমাহমানৰ পূৰ্বে দুৰ্গ জিলাত হোৱা এটি অপহৰণ কাণ্ডক অৰ্চনা ঝাৰ অপৰাধ শাখাৰ টীমটোৱে ২৪ ঘণ্টাৰ ভিতৰতে সমাধান কৰে। এই পাৰদৰ্শিতাৰ বাবে ছত্তিশগড়ৰ ৰাহ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক সন্মানিত কৰে।

অৰ্চনাই কয় যে তেওঁ নিজৰ সন্তানক কেৰিয়াৰ নিৰ্বাচনত স্বাধীনতা দিব লাগে। তেওঁ আৰক্ষী সেৱাৰ সৈতে জড়িত হ’ব বিচাৰিলেও বাধা দিব নালাগে।

মূল: ৰবি বৰ্মা

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সৌন্দৰ্য চৰ্চাৰ সমান্তৰালভাৱে সমাজলৈ বাৰ্তা কঢ়িয়াই নিয়াৰ ব্ৰতেৰে অসমৰ চন্দামিতা, বন্তিয়ে আনিলে সুখবৰ

বিহু আৰু বিয়াৰ বতৰত ডিজাইনাৰ বুটিকে বুটিকে

৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে

সৰ্থেবাৰীৰ ব্যতিক্ৰমী কাঁহ শিল্পী খনিন ডেকা