২০১৭-১৮ বৰ্ষৰ বাজেট সন্দৰ্ভত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীৰ বক্তৃতা

২০১৭-১৮ বৰ্ষৰ বাজেট সন্দৰ্ভত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীৰ বক্তৃতা

Tuesday February 28, 2017,

6 min Read

দেশবাসীক এখন উন্নত মানৰ বাজেট উপহাৰ দিয়াৰ বাবে বিত্তমন্ত্রী অৰুণ জেটলি ডাঙৰীয়াক বহুত বহুত শুভেচ্ছা জনাইছোঁ। এইখন এখন এনেকুৱা বাজেট, যি দৰিদ্র লোকসকলৰ সবলীকৰণৰ সমান্তৰালভাৱে আন্তঃগাঁথনিক আৰু অধিক মজবুত কৰিব, দেশৰ অর্থব্যৱস্থাক নতুন শক্তি যোগাব আৰু প্রত্যেকেৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰিব, উন্নয়ণৰ গতি দ্ৰুত কৰিব। এই বাজেটত হাইৱেও নির্মাণৰ সমান্তৰালভাৱে আইৱেও বৃদ্ধি পাব, দাইলৰ দাম পৰা আৰম্ভ কৰি ডাটাৰ স্পীডলৈ, ৰে’লৱেৰ আধুনিকীকৰণৰ পৰা সৰল অর্থনৈতিক বৃদ্ধিৰ লক্ষ্যলৈকে, শিক্ষাৰ পৰা স্বাস্থ্য, উদ্যোগপতিৰ পৰা উদ্যোগলৈ, বস্ত্ৰ প্ৰস্তুতকৰণৰ পৰা কৰ কৰ্তনলৈকে প্ৰত্যেক ক্ষেত্রত সাধাৰণ লোকসকলৰ সপোন বাস্তৱ কৰাৰ প্রয়াস স্পষ্ট হৈছে। এই ঐতিহাসিক বাজেটৰ বাবে বিত্তমন্ত্রীৰ লগতে তেওঁক সহায় কৰা দলটোৰ প্রত্যেকগৰাকী বিষয়া-কৰ্মচাৰীক অভিনন্দন জনাইছোঁ।

image


এই বাজেট বিগত আঢ়ৈ বছৰে দেশৰ উন্নয়নৰ স্বার্থত যিমান পদক্ষেপ লোৱা হৈছে, যিমান সিদ্ধান্ত লোৱা হৈছে, আৰু ভৱিষ্যতে আৰু বলিষ্ঠ পদক্ষেপেৰে আগবাঢ়ি যোৱাৰ আকাংক্ষাৰ এক গুৰুত্বপূর্ণ অধ্যায়। এই বাজেটখনত মই আন এক গুৰু্ত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা দেখিছোঁ, সেইটো হৈছে ৰে’ল বাজেটক সাধাৰণ বাজেটৰ সৈতে একেলগ কৰাটো। ইয়াৰ জৰিয়তে সমগ্ৰ পৰিবহণ খণ্ডই সংহত পৰিকল্পনাত সহায় লাভ কৰিব। ৰে’লৱেই এতিয়া আৰু অধিক ভালকৈ দেশৰ সামগ্রিক পৰিবহণ ব্যৱস্থাৰ নানা প্রয়োজন সাধনৰ কামত জড়িত হ’ব। এই বাজেটত কৃষি, গ্রামোন্নয়ন, সামাজিক কল্যাণ আৰু আন্তঃগাঁথনিমূলক উন্নয়নক অগ্রাধিকাৰ প্ৰদান কৰা হৈছে। বিনিয়োগ বৃদ্ধি আৰু কর্মসংস্থাপনৰ নতুন নতুন সূযোগ গঢ়ি তোলাৰ ক্ষেত্রত চৰকাৰৰ যি সংকল্প, সেয়া এই বাজেটখনত স্পষ্ট হৈছে, চৰকাৰী বিনিয়োগ দৃঢ় কৰাৰ বাবে পথ আৰু ৰে’ল খণ্ডৰ বাবেও আৱণ্টন কিছু পৰিমাণে বৃদ্ধি কৰা হৈছে। দেশৰ কৃষক, গাওঁ, দৰিদ্ৰ, দলিত, পীড়িত, শোষিতসকলৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ চনৰ ভিতৰত চৰকাৰে দেশৰ কৃষকসকলৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে নীতি আৰু পৰিকল্পনা গঢ়ি তুলিছে।

কৃষি, পশুপালন, গো-পালন, মৎস্য পালন, জলচ্ছেদ প্ৰকল্পৰ উন্নয়ন, স্বচ্ছ ভাৰত মিচনৰ জৰিয়তে গ্রাম্যাঞ্চলৰ আর্থিক দিশৰ পৰিৱৰ্তনেৰে এনে লোকৰ জীৱন ধাৰণৰ মানদণ্ডৰো পৰিৱৰ্তন সম্ভৱ কৰি তোলা হ’ব। বাজেটত কর্ম-সংস্থাপন বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াৰ বাবে কৰ্ম-সংস্থাপন সৃষ্টি কৰিব পৰা ক্ষেত্ৰ যেনে- বৈদ্যুতিক সামগ্ৰী নির্মাণ, বস্ত্র শিল্প খণ্ডত বিনিয়োগ বৃদ্ধি কৰা হৈছে, অসংগঠিত ক্ষেত্রত কাম কৰা লোকসকলক সংগঠিত খণ্ডলৈ অনাৰ বাবে ব্যাপক হাৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতি লক্ষ্য ৰাখি দক্ষতা বিকাশৰ ক্ষেত্ৰত বাজেটত যথেষ্ট পুঁজি বৃদ্ধি কৰা হৈছে আৰু আমাৰ যি জনসাংখ্যিক বৈচিত্ৰতা, ভাৰতে যাতে ইয়াৰ ব্যাপক লাভালাভ আদায় কৰিব পাৰে, সেই দিশত গুৰুত্ব আৰোপ কৰা হৈছে।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আঁচনিৰ বাবে বৰ্তমানলৈকে আৱণ্টিত ধনতকৈ বহুগুণে অধিক হাৰত পুঁজি আৱণ্টন কৰা হৈছে। বাজেটত নাৰী কল্যানৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, মহিলা আৰু শিশুৰ সৈতে জড়িত আঁচনিৰ পুঁজি বৃদ্ধি কৰা হৈছে, স্বাস্থ্য আৰু উচ্চ শিক্ষা খণ্ডটো পুঁজিৰ যোগান বৃদ্ধি কৰা হৈছে। দেশৰ অৰ্থনৈতিক উন্নয়নৰ গতি দ্ৰুত কৰা আৰু কর্ম-সংস্থাপনৰ নতুন সূযোগ সৃষ্টিৰ বাবে আৱাস আৰু নির্মাণ খণ্ডৰ যথেষ্ট ভূমিকা আছে। এই বাজেটে গ্রাম্যাঞ্চলৰ সমান্তৰালভাৱে চহৰীয়া এলেকাৰ গৃহ নির্মাণ খণ্ডক শক্তি প্ৰদান কৰিব। ৰে’ল বাজেটত এটা কথাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু সেইটো হৈছে ৰে’ল যাত্ৰীৰ সুৰক্ষা পুঁজি। এই পুঁজিৰ সহায়ত ৰে’লৱেৰ সুৰক্ষাৰ দিশত পৰ্যাপ্ত ধনৰ যথাযথ ব্যয় কৰাত সুবিধা হ’ব। বাজেটত ৰে’ল আৰু পথ পৰিবহণৰ আন্তঃগাঁথনি, মুলধনী ব্যয়ত যথেষ্ট বৃদ্ধি কৰা হৈছে।

ডিজিটেল অর্থনীতিৰ বাবে পূর্ণাংগ পেকেজ প্ৰদান কৰা হৈছে, ফলত কৰ ফাঁকিৰ সম্ভাৱনা হ্ৰাস পাব আৰু দেশৰ অর্থনীতিত ক’লা টকাৰ প্রৱাহ নিয়ন্ত্রণ কৰাত সম্ভৱ হ’ব। ডিজিটেল অর্থনীতিক এক মিচনৰ ৰূপত আৰম্ভ কৰি ২০১৭-১৮ বৰ্ষত দুহাজাৰ পাঁচশ কোটি ডিজিটেল লেনদেনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আমাৰ বিত্তমন্ত্রী ডাঙৰীয়াই কৰ প্রক্রিয়াৰ সংস্কাৰ আৰু সংশোধনৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীৰ স্বস্তি প্ৰদান কৰিছে, ইয়াৰ ফলত নতুন নতুন উদ্যোগ গঢ়ি উঠিব, কর্মসংস্থাপনৰ সূযোগ বৃদ্ধি পাব, ভেদ-ভাৱ দূৰ হ’ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ব্যক্তিগত বিনিয়োগ বৃদ্ধিত উৎসাহিত হ’ব।

বাজেটত ব্যক্তিগত আয়কৰ হ্রাসৰ ঘোষণাই দেশৰ মধ্যবিত্ত শ্ৰেণী বেছি আকৰ্ষিত কৰে, ই তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। ১০ শতাংশৰ পৰা একেবাৰে ৫ শতাংশলৈ হ্ৰাস কৰাটো অত্যন্ত সাহসী পদক্ষেপ। ইয়াৰ জৰিয়তে দেশৰ অধিকাংশ কৰদাতা উপকৃত হ’ব। আপোনালোকে দেখিছে যে বাজেটত ক’লা ধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে মোৰ যুঁজ ধাৰাবাহিকভাৱে চলি আহিছে। ৰাজনৈতিক দলৰ পুঁজি সন্দৰ্ভত আমাৰ দেশত বহুত আলাপ-আলোচনা তথা সমালোচনা হৈ আহিছে। ৰাজনৈতিক দলে সদায় ইয়াক আলোচনাৰ বিষয় হিচাপে লৈ আহিছে, আমাৰ বিত্তমন্ত্রী ডাঙৰীয়াই নির্বাচনৰ আগত ৰাজনৈতিক দলসমূহে কেনেদৰে আর্থিক অনুদান সংগ্রহ কৰিব পাৰিব সেই ক্ষেত্ৰত স্পষ্ট পৰিকল্পনা ঘোষণা কৰি ক’লা টকা আৰু দুর্নীতিৰ বিৰুদ্ধে এই যুঁজ দেশৰ জনতাৰ আশা আকাংক্ষাৰ অনুকূল হোৱাকৈ পদক্ষেপ গ্ৰহণ কৰিছে।

দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে আটাইতকৈ বেছি কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে। এই উদ্যোগসমূহৰ দীর্ঘদিনীয়া দাবী আছিল আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত ভাগ লোৱাৰ বাবে তেওঁলোকে সন্মুখীন জটিলতাৰ অৱসান। যদি ইয়াৰ বাবে কৰ হ্ৰাস কৰি দিয়া হয়, তেতিয়া আমাৰ যি ৯০ শতাংশতকৈ অধিক ক্ষুদ্ৰ উদ্যোগ আছে তেওঁলোকে দেশৰ ৰূপেই সলনি কৰি দিব। সেইবাবে চৰকাৰে এই ক্ষুদ্ৰ উদ্যোগসমূহৰ কৰ ৩০ শতাংশৰ পৰা হ্ৰাস কৰি ২৫ শতাংশ কৰি দিয়ে। অৰ্থাৎ দেশৰ উদ্যোগখণ্ডৰ ৯০ শতাংশতকৈ অধিক লোকে ইয়াৰ লাভ আদায় কৰিব পাৰিব। এই সিদ্ধান্তৰ জৰিয়তে দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহে বৈশ্বিক প্ৰতিযোগিতাত টিকি থকাৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি মোৰ বিশ্বাস।

এই বাজেট দেশৰ উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী পদক্ষেপ। কর্ম-সংস্থাপন বৃদ্ধি পাই দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত সহায় হোৱাৰ লগতে কৃষকসকলৰ আয় বৃদ্ধিৰ পৰিপূৰক হৈ উঠিব। নাগৰিকৰ জীবন নিৰ্বাহৰ মান উন্নয়নৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰি শিক্ষা, স্বাস্থ্য, বাসস্থানৰ উন্নয়নত দেশৰ আর্থিক ক্ষতিৰ সন্মুখীন নোহোৱাকৈ মধ্যবিত্তৰ ক্রয়ক্ষমতা বৃদ্ধিৰ লগতে তেওঁলোকৰ জমাধনৰ হাৰো বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। এক কথাত এই বাজেটে আমাৰ দেশৰ যি পৰিৱৰ্তন হৈ আছে তাক আৰু দ্ৰত হাৰত কৰাৰ প্ৰয়াস কৰিছে, যাতে আমাৰ সপোনৰ সৈতে জড়িত, আমাৰ সংকল্পৰ সৈতে জড়িত হয়। অৰ্থাৎ এফালৰ পৰা এই বাজেট আমাৰ দেশৰ ভৱিষ্যত। আমাৰ নৱ-প্ৰজন্মৰ ভৱিষ্যত, আমাৰ কৃষকসকলৰ ভৱিষ্যত আৰু যেতিয়াই মই Future শব্দটো কওঁ, তেতিয়াই মোৰ মনত ইয়াত অৰ্থ এনেদৰে ধৰা দিয়ে। F মানে Farmers(কৃষক); U মানে underprivileged (দলিত, পীড়িত, শোষিত, বঞ্চিত, মহিলা আদি); T মানে Transparency (পাৰদৰ্শিতা), Technology (প্ৰযুক্তি)ৰ উন্নয়ন, আধূনিক ভাৰতৰ সপোন; U মানে Urban Rejuvenation(নগৰৰ পুনৰুত্থান); R মানে Rural Development (গ্ৰামোন্নয়ন); আৰু E মানে Employment (নৱ প্ৰজন্মৰ সংস্থাপন)। উদ্যোগসমূহত ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰি সংস্থাপনত উৎসাহ যোগোৱাৰ লগতে নতুন উদ্যোগীৰ সৃষ্টিত উৎসাহ যোগোৱাৰ বাবে এই বাজেটত বিত্তমন্ত্ৰী ডাঙৰীয়াই লোৱা পদক্ষেপৰ বাবে তেওঁক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। দেশবাসীৰ সপোন বাস্তবায়িত কৰাৰ লক্ষ্যৰে এই বাজেট এক ডাঙৰ সহায়ক ব্যৱস্থা হৈ উঠিব, যাৰদ্বাৰা আমাৰ দেশক দ্ৰুত গতিত আগুৱাই লৈ যাব। উন্নয়নৰ নতুন শিখৰত উপনীত হোৱাৰ ক্ষেত্রত আৰু দেশত এক নতুন আশাৰ পৰিৱেশ গঢ়ি তোলাত এই বাজেটে ইতিবাচক ভূমিকা পালন কৰিব বুলি মোৰ বিশ্বাস। মই পুনৰবাৰ বিত্তমন্ত্রী, বিত্ত মন্ত্ৰালয় আৰু এই বাজেট প্ৰস্তুত কৰাত সহায় কৰা দলটোক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। তেওঁলোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উদ্যোগশীলতাৰ বাৰ্ষিক অনুস্থান 'সম্পৰ্ক-২০১৭'