বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

Tuesday February 28, 2017,

3 min Read

ষ্টাৰ্টআপেই হওক বা আন কোনো কামেই হওক সফলতা লাভ ক্ষেত্ৰত এক অন্যতম অন্তৰায় হৈছে বিৰক্তি । বিৰক্তিৰ পৰা আহে খং আৰু ই আপোনাৰ সকলো কাম পণ্ড কৰি দিব পাৰে । মানুহৰ মনলৈ বিৰক্তি বা খং অহাটো স্বাভাবিক । কিন্তু ইয়াক আমি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰোঁ ।

Image : shutterstock

Image : shutterstock


১. বিৰক্তি আৰু খং এৰাই চলাটো এটা অভ্যাসত পৰিণত কৰক

বিৰক্তি বা খং মনলৈ অহাৰ সময়ত তাক দমন কৰাৰ বহু পদ্ধতি আছে যদিও এই পদ্ধতিবোৰ আপোনাৰ মনৰ ওপৰত নিৰ্ভৰশীল । গতিকে খং মনলৈ অহাৰ সময়ত সেইবোৰ প্ৰয়োগ কৰাৰ কথা আপোনাৰ মনলৈ নাহিবও পাৰে বা আহিলেও আপুনি তাক ভালকৈ প্ৰয়োগ কৰিব নোৱাৰিবও পাৰে কাৰণ ইতিমধ্যে আপুনি মানসিকভাৱে উত্তেজিত হৈ আছে । গতিকে সেই মুহুৰ্ত্তটোলৈ ৰৈ থকাতকৈ আগৰে পৰাই ইয়াক এটা অভ্যাসত পৰিণত কৰক । 

২. শান্তিপূৰ্ণ জীৱনৰ অভ্যাস কৰক

দৈনন্দীন জীৱনৰ বহু কাজিয়া পেচাল বা তৰ্ক বিতৰ্কত জয়ী হৈ আপোনাৰ বিশেষ লাভ নহয় আৰু এইবোৰ আওকাণ কৰিলে আপুনি সৰু হৈ নাযায় অথবা আপোনাৰ কোনো অনিষ্টও নহয় । এনেধৰণৰ সংঘাতত লিপ্ত হৈ নিজৰ শক্তি আৰু সময়ৰ অপচয় কৰাতকৈ নিজৰ মানসিক শক্তিখিনি বচাই ৰাখক তাতকৈ ডাঙৰ কামৰ বাবে । 

৩. অপ্ৰয়োজনীয় তুলনা বাদ দিয়ক 

'মোৰ বন্ধুৰ এখন গাড়ী আছে মোৰ কিয় নাই 'এনেধৰণৰ তুলনামূলক চিন্তা কৰাতকৈ চিন্তা কৰক আপুনি কি কি বিচাৰে আৰু তাক পাবলৈ যত্ন কৰক । লাগিলে সি এখন গাড়ীয়েই হওক অথবা আপোনাৰ ব্যৱসায়ৰ পৰৱৰ্তী লক্ষ্য ই হোৱা উচিত আপোনাৰ জীৱন আৰু আপোনাৰ স্বপ্নৰ ওপৰত নিৰ্ভৰশীল আনৰ সৈতে তুলনাৰ ওপৰত নিৰ্ভৰশীল নহয় । 

৪. মন কেন্দ্ৰীভূত কৰাৰ অভ্যাস কৰক

মন কেন্দ্ৰীভূত কৰাৰ বাবে আপুনি নিজ পচণ্ডৰ যিকোনো কাম বা ধ্যানৰ সহায় লব পাৰে । ধ্যান মানেই যে ভগৱানৰ চিন্তন বা আধ্যাত্মিক অথবা ধাৰ্মিক কাৰ্য তেনে নহয় । আপুনি আস্তিক, নাস্তিক যিয়েই নহওক ধ্যানৰ সহায় আপুনি ল'ব পাৰে । 

৫. একঘেয়ামি এৰাই চলাৰ চেষ্টা কৰক

নিজৰ কাম কাজত একঘেয়ামি এৰাই চলাৰ চেষ্টা কৰক । বিৰক্তিৰ ই এক অন্যতম কাৰণ । 

৬. খঙৰ কাৰণৰ পৰা আঁতৰি গলে আপুনি কাপুৰুষ হৈ নাযায়

এনে বহু পৰিস্থিতি আহে যেতিয়া খং দেখুউৱাটো এটা সন্মানৰ প্ৰশ্ন হৈ পৰে । এনে পৰিস্থিতিত চিন্তা কৰিবলৈ চেষ্টা কৰক যে এজন মানুহ যিজনে আপোনাৰ খং তোলাইছে তেওঁৰ সৈতে সন্মানৰ যুঁজ আপোনাৰ বাবে কিমান সমীচীন ? তেওঁ ইয়াৰ যোগ্য নে ? যদি আৰু যদি কাজিয়াত লিপ্ত হোৱাৰ বাহিৰে কোনো উপায় নাথাকে তেনেহলে চিন্তা কৰক কিমান গহীনাই, বেচি চিঞৰ বাখৰ নকৰাকৈ, নিজৰ মানসিক শান্তি ব্যাহত নকৰাকৈ আপুনি প্ৰতিপক্ষক জব্দ কৰিব পাৰে । বিৰক্তি অথবা খং মনলৈ অহাৰ সময়ত সম্ভৱ হলে কাৰণটোৰ পৰা সাময়িক ভাৱে আঁতৰি আহক । শান্ত হোৱাৰ পাছত পুনৰ তাৰ মূখামূখি হওক । 

৭. খঙৰ সময়ত আন কথালৈ মনোযোগ দিয়ক 

ওলোটাকৈ ১০০ৰ পৰা ১ লৈ আওৰাবলৈ চেষ্টা কৰা, গান শুনা ইত্যাদি বিভিন্ন পদ্ধতিৰ সহায় আপুনি ল'ব পাৰে ।

৮. আনৰ সহায় লওক

বিৰক্তি, মানসিক অশান্তি বা খঙৰ সময়ত কোনো বন্ধু অথবা আত্মীয়ৰ সৈতে কথা পাতক । হয়টো তেওঁ আপোনাক আমনি কৰি থকা বিষয়টো সন্দৰ্ভত এটা নতুন দিশ আপোনাক দেখুৱাব পাৰিব আৰু ই আপোনাৰ মন ফৰকাল হোৱাত সহায় কৰিব ।

৯. ৰসিকতাৰ আশ্ৰয় লওক

আপোনাক বিৰক্ত কৰা কথাটো আপুনি আনক অলপ ৰসিকতা কৰি কব লগীয়া হলে আপুনি কেনেকৈ ক'ব ? কল্পনা কৰক । হয়তো এইদৰে ভাবি থাকোতে আপোনাৰ নিজৰ মনটো এটা সময়ত যথেষ্ট মুকলি হ'ব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উদ্যোগশীলতাৰ বাৰ্ষিক অনুস্থান 'সম্পৰ্ক-২০১৭'

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে