১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

0

লেহ লাডাখৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল চেৱাং নৰফেল । লক্ষ্ণৌৰপৰা চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা কৰাৰ পাছত তেওঁ জম্মু-কাশ্মীৰৰ গ্ৰাম্য উন্নয়ন বিভাগত ৩৫ বছৰ কাম কৰে । ১৯৯৫ন চনত 'আনুস্থানিকভাৱে' অৱসৰ লোৱা চোৱাং পিছে আজি ৮১ বছৰ বয়সতো সক্ৰিয় । 

Image : Vimeo
Image : Vimeo

"লাডাখত কমেইহে এনেকুৱা গাওঁ আছে য'ত মই এটা ৰাস্তা, ঘৰ, বান্ধ অথবা দলং বনোৱা নাই ।" চেৱাঙে কয় । চেৱাঙে এই অঞ্চলটোৰ খোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ কেতবোৰ অভিনৱ আঁচনি লৈছে ।  

"ইয়াত মূল সমস্যাটো আছিল পানীৰ অভাৱ । কোনো কোনো ঠাইত পানাৰ অপচয়েই আছিল সমস্যাটোৰ মূল ।" তেওঁ কয় । মূলতঃ কৃষিজীৱি লোকসকলে বসন্ত কালত পানী নাপাইছিল ।  

বতৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাই সমস্যাটো অধিক জটিল কৰি তুলিছিল । গাঁৱৰপৰা মনুহ লাহে লাহে চহৰলৈ ঢাপলি মেলিছিল । ইয়াৰ ফলত অঞ্চলটোৰ জনগাঁঠনি আৰু অৰ্থনীতিৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছিল । 

এই সমস্যাৰ সমাধান বিচাৰি থকা চেৱাঙে ১৯৮৭ চনত হঠাৎ লক্ষ্য কৰিলে কিদৰে পপলাৰ গছ কেইজোপামানৰ তলত এটা সুঁতি গোট মাৰি বৰফ হৈ  আছিল । আন ঠাইত সেই সুঁতিটো স্বাভাৱিকভাৱে বৈ আছিল । তেওঁ বুজিলে যে এটা সুঁতিৰ গতিবেগ কমাই দি ইয়াক কৃত্ৰিম হিমখণ্ডত পৰিণত কৰি পানী জমা কৰিব পৰা যাব । 

"এই কামটো কৰাৰ শ্ৰেষ্ঠতম উপায় আছিল কিছুমান পানী পৰিবাহী খাল সৃষ্টি কৰা । মই লেহত দেখিছিলো যে খালবোৰত পানী গোট নামাৰিছিল কিন্তু ঠেক লোহৰ পাইপত গোট মাৰিছিল । লোৰ এই পাইপবোৰে সহজে উত্তাপ এৰি দিছিল । "

তেওঁ লগে লগে এটা নতুন কাম আৰম্ভ কৰে । এি কাম আজিও চলি আছে । তেওঁ আৰু তেওঁৰ স্বেচ্ছাসেৱকসকলে ১২ টা কৃত্ৰিম গ্লেচিয়াৰ নিৰ্মাণ কৰি অঞ্চলটোৰ পানীৰ সমস্যা বহু পৰিমাণে দূৰ কৰিছে । 

এই গ্লেচিয়াৰবোৰৰ দৈৰ্ঘ ৫০০ ফুটৰ পৰা ২ কিলোমিটাৰলৈকে । এই বোৰে শতাধিক গাৱঁত পানীৰ যোগান ধৰে । ২০১৫ চনত পদ্মশ্ৰী পোৱা চেৱাঙ আইচ মেন নামেৰে জনাজাত । তেওং তেওঁৰ কাম কৰাৰ পদ্ধতিৰ সবিশেষ চি ডি আকাৰে সংৰক্ষণ কৰি ৰাখিছে যাতে তেওঁৰ পাছতো এই কাম চলি থাকে ।

Chewang Norphel, Ice Man's Dams in the Himalayas from Climate Heroes on Vimeo.
Chewang Norphel, Ice Man's Dams in the Himalayas from Climate Heroes on Vimeo.