তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উদ্যোগশীলতাৰ বাৰ্ষিক অনুস্থান 'সম্পৰ্ক-২০১৭'

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উদ্যোগশীলতাৰ বাৰ্ষিক অনুস্থান 'সম্পৰ্ক-২০১৭'

Monday February 27, 2017,

1 min Read

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বিজনেছ এডমিনিষ্ট্ৰেচন বিভাগে একেৰাহে ষষ্ঠদশ বাৰৰ বাবে আয়োজন কৰিছে বাৰ্ষিক অনুস্থান 'সম্পৰ্ক-২০১৭' । ৩ মাৰ্চত আয়োজিত হ'বলগীয়া এই অনুস্থানত উদ্যোগ আৰু বৌদ্ধিক জগতৰ আগশাৰীৰ সমল ব্যক্তিৰ মাজত মত বিনিময়ৰ লগতে বিভিন্ন অনুস্থানৰ আয়োজন কৰা হ'ব । জীৱিকা প্ৰত্যাশী সৃষ্টিৰ সলনি জীৱিকা সৃষ্টিত অগ্ৰাধিকাৰ দিয়াটো হৈছে এই অনুস্থানৰ লক্ষ্য । এইবাৰৰ অনুস্থান সহ-আয়োজক হিচাপে আছে ডনাৰ মন্ত্ৰালয় আৰু নেডফি। 

image


এই অনুস্থানত কেইবাজনো বিশিষ্ট উদ্যোগী, ষ্টাৰ্টআপ প্ৰতিষ্ঠাতা, চৰকাৰী বিষয়া, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিব । আনহাতে ২ মাৰ্চত আয়োজিত হ'ব পায়নিয়াৰিং বি আইডিয়া চেলেঞ্জ-২০১৭ শীৰ্ষক এক প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ হিচাপে ক্ৰমে ২০,০০০ টকা, ১৫,০০০ টকা আৰু ১০,০০০ টকা আগবঢ়োৱা হ'ব ।

৩ মাৰ্চৰ অনুস্থানত কেইবাটাও ষ্টাৰ্টআপে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ উপৰিও কেইবাজনো সমল ব্যক্তিয়ে পুঁজি, বিনিয়োগ আদি গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য ৰাখিব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে

১০ অনুৰ্দ্ধ CEO 'হেক কিং' ৰুবেন

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ