দক্ষিণ এছীয় কৃত্ৰিম উপগ্ৰহৰ কেইটিমান মুখ্য দিশ

দক্ষিণ এছীয় কৃত্ৰিম উপগ্ৰহৰ কেইটিমান মুখ্য দিশ

Wednesday May 10, 2017,

2 min Read

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ'ৱে ৫ মে'ত উৎক্ষেপন কৰে দক্ষিণ এছীয় উপগ্ৰহ । এই উপগ্ৰহৰ দ্বাৰা দক্ষিম এছীয় দেশ সমূহলৈ । উপগ্ৰহটোৰ সফলতাপূৰ্বক উৎক্ষেপন অনুষ্ঠানত দক্ষিণ এছিয়াৰ সাতোখন দেশৰ চৰকাৰৰ শীৰ্ষ ব্যক্তিসকলে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে একত্ৰিত হয় ৷

Representational Image

Representational Image


এই উপগ্ৰহৰ কেইটামান বিশেষত্ব হৈছে-   

•যোগাযোগৰ বাবে আগবঢ়োৱা এই কৃত্ৰিম উপগ্ৰহ দক্ষিণ এছিয়াৰ চুবুৰীয়া আটাইকেইখন দেশেই সম্পূৰ্ণ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব, যিটো সমগ্ৰ বিশ্বতেই প্ৰথমটো উদাহৰণ হিচাপে বিবেচিত হ’ব৷

•2 টনতকৈও অধিক ওজনৰ এই কৃত্ৰিম উপগ্ৰহটোৰ ফেব্ৰিকেশ্যন তিনিবছৰত সম্পন্ন কৰা হৈছে আৰু ইয়াৰ বাবে ব্যয় কৰা হৈছে 230 কোটি টকা৷

•সমগ্ৰ দক্ষিণ এছিয়া সামৰি লোৱা এয়া এক অভিলাষী পদক্ষেপ৷

•এই দক্ষিণ এছীয় কৃত্ৰিম উপগ্ৰহটোৰ আছে 12Ku বেণ্ডৰ ট্ৰান্সপ’ণ্ডাৰ্ছ, যাৰ যোগেদি ভাৰতৰ চুবুৰীয়া দেশকেইখনে যোগাযোগ ব্যৱস্থা অধিক তৰান্বিত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব৷

•প্ৰতিখন দেশেই অতিকমেও এটাকৈ ট্ৰান্সপ’ণ্ডাৰ ব্যৱহাৰ কৰিব পাৰিব, যাৰ যোগেদি তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰ’গ্ৰামিং বীম কৰিব পাৰিব৷

•এই উপগ্ৰহটোৱে DTH টেলিভিছন, VSAT লিংক, টেলি-এডুকেশ্যন, টেলিমেডিছিন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সেৱা প্ৰদান কৰিব৷ ভুমিকম্প, ঘূৰ্ণীবতাহ, বানপানী আৰু ছুনামিৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জৰুৰীকালীনভাৱে যোগাযোগ লিংকসমূহ প্ৰদান কৰিব৷

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতৰ প্ৰথমখন কিতাপৰ গাওঁ

বায়ু সেনাৰ নতুন ভিডিঅ'ত লিঙ্গ বৈষম্যক প্ৰত্যাহ্বান

আইনষ্টাইন আৰু ষ্টিফেন হকিঙতকৈ বু্দ্ধিমত্তা সম্পন্ন ভাৰতীয় মূলৰ শিশু ৰাজগৌৰী

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী