আইনষ্টাইন আৰু ষ্টিফেন হকিঙতকৈ বু্দ্ধিমত্তা সম্পন্ন ভাৰতীয় মূলৰ শিশু ৰাজগৌৰী

আইনষ্টাইন আৰু ষ্টিফেন হকিঙতকৈ বু্দ্ধিমত্তা সম্পন্ন ভাৰতীয় মূলৰ শিশু ৰাজগৌৰী

Wednesday May 10, 2017,

2 min Read

ভাৰতীয় মূলৰ ১২ বছৰীয়া ছাত্ৰী ৰাজগৌৰী পাৱাৰ সন্মানীয় মেন্সা আই কিউ ছচাইটিৰ অন্তৰ্ভুক্ত হৈছে । তেওঁ এলবাৰ্ট আইনষ্টাইন আৰু ষ্টিফেন হকিঙতকৈ অধিক বুদ্ধিমত্তা সম্পন্ন বিবেচিত হৈছে । তেওঁ ১৬২ পইন্টেৰে দুয়োজনতকৈ ২ আই কিউ পইন্ট অধিক লাভ কৰিবলৈ সক্ষম হয় । 

"মই যেন পৃথিবীৰ শীৰ্ষত অৱস্থান কৰিছো তেনে লাগিছে । বিদেশৰ মাটিত ভাৰতক প্ৰতিনিধিত্ব কৰি মই সুখী অনুভৱ কৰিছো।" তেওঁ কয় । 

এই পৰীক্ষাটো আৰম্ভণীতে সহজ আছিল যদিও শেষলৈ ই যথেষ্ট কঠিন হৈ পৰিছিল । মূল প্ৰত্যাহ্বান আছিল পৰীক্ষাটো সময়ত সম্পূৰ্ণ কৰা । ইয়াত সঠিক সময়ত সঠিক উত্তৰ দিয়াটোৱেই মূল কথা । 

Image source : UTNE (L) ; Outlook India (M) ; The Drum (R)

Image source : UTNE (L) ; Outlook India (M) ; The Drum (R)


"ৰাজগৌৰীৰ শিক্ষকসকলৰ চেষ্টা অবিহনে ই সম্ভৱপৰ নহ'লহেতেন ।" এইদৰে মন্তব্য কৰে ৰাজগৌৰীৰ পিতৃ ড° সুৰজকুমাৰ পাৱাৰে । ড° পাৱাৰ এজন বিজ্ঞানী আৰু তেওঁ মানচ্ষ্টাৰ বিশ্ববিদ্যালয়ত কৰ্মৰত । 

এলথ্ৰিনচাম গ্ৰামাৰ স্কুল ফৰ গাৰ্লছৰ ছাত্ৰী ৰাজগৌৰীয়ে মানচেষ্টাৰত যোৱা মাহত এই পৰীক্ষাত বহিছিল । ১৮ৰ অনুৰ্দ্ধৰ লোকৰ বাবে ৰাজগৌৰীৰ স্ক'ৰেই হৈছে সৰ্বোচ্চ । তেওঁৰ সৈতে ফেৰ মাৰিব পৰা মাত্ৰ ২০,০০০ লোক বিশ্বত আছে আৰু ইয়াৰে মাত্ৰ ১৫০০ জনহে শিশু । উল্লেখযোগ্য যে ১৪০ নম্বৰ লাভ কৰা সকলক অভুতপূৰ্ব মেধাসম্পন্ন অথবা জিনিয়াছ বুলি ধৰা হয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

উদ্যোগীক সহায় কৰিবলৈ চাকৰি এৰিছিল নাগালেণ্ডৰ এই প্ৰাক্তন প্ৰৱক্তাজনে

প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী