বায়ু সেনাৰ নতুন ভিডিঅ'ত লিঙ্গ বৈষম্যক প্ৰত্যাহ্বান

বায়ু সেনাৰ নতুন ভিডিঅ'ত লিঙ্গ বৈষম্যক প্ৰত্যাহ্বান

Wednesday May 10, 2017,

2 min Read

ভাৰতীয় বায়ু সেনাত যুঁজাৰু বৈমানিক হিচাপে মহিলাৰ নিযুক্তি আৰম্ভ হোৱা প্ৰায় এবছৰ হৈ গ'ল । 'ঘৰখনক সুৰক্ষা দিয়া' এই সকল মহিলাৰ বিষয়ে শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাই এটা প্ৰমচনেল ভিডিঅ' প্ৰস্তুত কৰিছে য'ত লিঙ্গ বৈষম্যক মষিমুৰ কৰিবলৈ যত্ন কৰা হৈছে । 

যোৱা বছৰ চৰকাৰৰ অনুমোদন লাভ কৰাৰ পাছত ছগৰাকী মহিলাক যুঁজাৰু বৈমানিক হোৱাৰ বাবে প্ৰতিদ্বন্দিতাত নামিছিল । ইয়াৰে তিনিগৰাকীক নিৰ্বাচন কৰা হয় আৰু তেওঁলোক বৰ্তমান কৰ্ণাটকৰ বিডাৰত প্ৰশিক্ষণৰত । এই সকল মহিলাক লৈ বায়ু সেনাই নিৰ্মাণ কৰিছে 'এক লড়কী হুঁ মে' নামৰ এই ভিডিঅ' আৰু ইয়াৰ যোগেদি আন মহিলা সকলকো এই কামৰ বাবে অনুপ্ৰাণিত কৰিবলৈ বিচৰা হৈছে ।

Image: Youtube

Image: Youtube


"আমাৰ সমাজত আজিও মহিলাক কেৱল ঘৰৰ কাম-কাজ কৰা আৰু সন্তান জন্ম দিয়াক দায়িত্বত নিয়োজিত কৰাৰ কথা ভবা হয় । এই ভিডিঅ'টোৱে এই ধাৰণাক প্ৰত্যহ্বান জনাবলৈ চেষ্টা কৰিছে আৰু আমাক সুৰক্ষা দিয়া মহিলা সকলক লৈ গৌৰৱ কৰাৰ বাৰ্তা কঢ়িয়াইছে ।" এই ভিডিঅ'টো নিৰ্মাণ কৰা গ্ৰে' গ্ৰুপৰ চীফ ক্ৰিয়েটিভ অফিচাৰ সন্দীপন ভট্টাচাৰ্যই কয় । 

"আপোনালোকে লক্ষ্য কৰিলে দেখিব যে বিগত এক-ডেৰ বছৰ ধৰি লিঙ্গ সমতাৰ বিষয়ে বহু কথাি কোৱা হৈছে । বিভিন্ন ব্ৰেণ্ডে এই সম্পৰ্কে সজাগতা আনিবলৈ চেষ্টা চলাইছে । আৰতীয় বায়ু সেনাও এটা আগশাৰীৰ ব্ৰেণ্ড আৰু ই এই ক্ষেত্ৰত এটা পৰিৱৰ্তন আনিব পাৰে ।"

বিভিন্ন ব্ৰেণ্ডে লিঙ্গ সমতাৰ বিষয়ে কয় যদিও তেওঁলোকৰ কামে কাজে ই প্ৰদৰ্শিত নহয় । বায়ু সেনাৰ এই ভিডিঅটোত দেখিবলৈ পোৱা মহিলা সকল কোনো মডেল নহয় বৰঞ্চ বাস্তৱ জীৱনৰ যুঁজাৰু পাইলট ।

এই ভিডিঅটো নিৰ্মাণ কৰোঁতে ছমাহ সময় লাগিছিল কিয়নো লেহৰ দৰে অঞ্চলত দৃশ্যগ্ৰহণ কৰাৰ দৰে কঠিন প্ৰত্যাহ্বানপূৰ্ণ আছিল এই কাম ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

মনীষা ৰায়সিংহানীঃ প্ৰযুক্তিৰে উচ্চ শিখৰত

ৰাশী বাজাজৰ লক্ষ্য - ঋতুস্ৰাৱৰ দিনকেইটাত মহিলাসকলক পুলকিত কৰি ৰখা