দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী

3

সেই নিশাটোৰ ভিতৰতে ছোৱালীজনীয়ে নিয়ম ভঙাৰ সিদ্ধান্ত লৈছিল। ‘আক্কা’ নামেৰে সম্বোধন কৰা বন্ধুসকলৰ সৈতে তেওঁ মাজনিশাৰ পাছলৈও অনাথালয়লৈ উভতি অহা নাছিল।

সেইদিনা আছিল শিৱৰাত্ৰি,ভগৱান শিৱৰ উপাসনাৰ্থে সমৰ্পিত এই ৰাতি গ্ৰহ নক্ষত্ৰবোৰেও যেন আশুতোষ শিৱৰ মহাজাগতিক নৃত্য উপভোগ কৰাৰ বাবে ৰৈখিক স্থান গ্ৰহণ কৰে।গাওঁখনৰ শিৱ মন্দিৰত সেৱা কৰাৰ পাছত তেওঁলোকে কিবা এটা দুঃসাহসিক কাম কৰিবলৈ মন মেলিলে-সেয়া আছিল দৰ্শকৰ মাজত খলকনিৰ সৃষ্টি কৰি থকা এখন প্ৰেমৰ চলচিত্ৰ উপভোগ কৰিবলৈ যোৱা।স্বাধীনতাৰ আনন্দত ছোৱালীজনীয়ে প্ৰাণ খুলি হাঁহিছিল।অনিলা জ্যোতি ৰেড্ডী নামৰ ছোৱালীজনীয়ে সেইনিশাৰ আন্ধাৰৰ পৰা আৰু তেলেংগানাৰ ৱাৰাংগল নামৰ তাইৰ অল্পখ্যাত গাওঁখনৰ পৰা বহু দূৰলৈ আঁতৰি গৈছিল।.

সেই নিশাৰ স্মৃতি ইমান সজীৱ যে তাইৰ অনুভৱ হয় যেন ঘটনাবোৰ কালিহে ঘটি গৈছে।জ্যোতিয়ে কয়,‘নিশা বহু পলমকৈ উভতি অহাৰ বাবে আমি অধীক্ষক বাইদেউৰ পৰা ভালকৈ এজাউৰি খাইছিলো,কিন্ত্ত ছৱিখনৰ কাহিনীয়ে মোৰ মন এনেদৰে ভৰাই ৰাখিছিল যে কথাবোৰলৈ মই কাণসাৰেই কৰা নাছিলো।ভাৱিছিলো যে এদিন ময়ো এনেদৰে প্ৰেমত পৰিয়েই বিয়া হ’ম।

সকলো সপোনেই সাৰ্থক নহয়

জ্যোতিৰ আলফুলীয়া সপোনৰ বাটত নিয়তিয়ে হস্তক্ষেপ কৰিছিল।এই ঘটনাৰ এবছৰ পাছতেই, মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ নিজতকৈ ১০ বছৰে ডাঙৰ যুৱক এজনৰ সৈতে বিবাহৰ বান্ধোনেৰে বান্ধ খালে।পিতৃ মাতৃৰ কথা মানি বিয়াত বহা ছোৱালীজনীৰ বাবে প্ৰেমৰ কোনো অৱ্কাশেই নাছিল।সুন্দৰ জীৱন এটা গঢ়াৰ বাবে সাঁচি ৰখা জ্যোতিৰ সপোনবোৰ ঘাইপথৰ দ্ৰুতবেগী ট্ৰাক এখনৰ ৰীয়েৰ ভিউ আইনাত ক্ৰমাৎ দূৰলৈ আঁতৰি গৈ থকা গৰুগাড়ী এখনৰ দৰে অস্পষ্ট হৈ গৈ থাকিল।ইণ্টাৰমিডিয়েট পৰিক্ষাত উত্তীৰ্ণ নোহোৱা স্বামী এজন খেতিয়ক হোৱাৰ সূত্ৰে জ্যোতিয়েও কৃষিপামত তেলেংগানাৰ প্ৰখৰ ৰ’দ মূৰত লৈ দৈনিক কাম কৰিবলগীয়া হৈছিল।ইমান হাড়ভগা পৰিশ্ৰমৰ পাছত জ্যোতিৰ দৈনিক উপাৰ্জন হৈছিল ৫ টকা।১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ পাঁচটা বছৰ তেওঁ এনেদৰেই হাড়ক মাটি কৰি শ্ৰম কৰিছিল।

“ ১৭ বছৰ বয়সতে মই মাতৃ হৈছিলো।সকলো ঘৰুৱা কাম সমাপ্ত কৰি মই পথাৰত কাম কৰিবলৈ যাবলগীয়া হৈছিল।গধূলি সময়ত ঘৰলৈ উভতি আহি পুনৰ ৰাতিৰ আহাৰ প্ৰস্ত্তত কৰা কামত ব্যস্ত হবলগীয়া হৈছিল।আমাৰ স্ত'ভ নাছিল বাবে চৌকাতেই সকলো ৰন্ধা বঢ়া কৰিছিলো।”সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজনাৰ ফিনিক্সস্থিত ১৫ নিযুত মাৰ্কিন ডলাৰৰ ‘কী চফ্টৱেৰ চল্যুশ্যনছ’ নামৰ তথ্যপ্ৰযুক্তি কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া জ্যোতিয়ে এইদৰেই সোঁৱৰণ কৰে অতীতৰ দিনবোৰ।জ্যোতিৰ জীৱনৰ অবিশ্বাস্য কাহিনী শুনিলে এয়া কোনো কুশলী ঔপন্যাসিকৰ উপন্যাসৰ কাহিনী যেন লাগে য’ত মূল চৰিত্ৰক বহু সংঘাতৰ মাজেৰে বিজয়ী কৰোৱা হয়।মাত্ৰ পাৰ্থক্য হ’ল ,এই কাহিনীভাগ জ্যোতিৰ ক্ষেত্ৰত কাল্পনিক নহয়,সম্পূৰ্ণ বাস্তৱক্ষেত্ৰত জ্যোতিয়ে নিজৰ ভাগ্য নিজহাতে গঢ়ি পিটি লোৱাৰ এয়া এক ৰুদ্ধশ্বাস কাহিনী,পূৰ্বনিৰ্ধাৰিত বা নিয়তিৰ ফল বুলি জীৱনক সহি থকাৰ বিপৰীতে সকলো প্ৰতিকূলতা অতিক্ৰমি সাধাৰণ মানুহে অসাধাৰণ বিজয় সাব্যস্ত কৰাৰ উপন্যাসোপম কাহিনী।

অনাথ হোৱাৰ বাধ্যবাধকতা

“মই দুখীয়া হৈ থাকিব নোৱাৰিলো।দুখীয়া পৰিয়ালত মোৰ জন্ম হৈছিল আৰু আন এটা দুখীয়া পৰিয়ালতেই মোৰ বিবাহ হৈছিল।”

এটা সময়ত ডাইল মাহ চাউলেৰে পূৰ হৈ থকা চাৰিটা প্লাষ্টিকৰ টেমা ঘৰখনত থকাটোৱে দাৰিদ্ৰ্যপীড়িত জ্যোতিৰ বাবে সপোন আছিল।তেওঁ কয়, “সন্তানকেইটিক পৰ্যাপ্ত পৰিমানে আহাৰ দিয়াটো সেই সময়ত মোৰ আটাইতকৈ প্ৰিয় সপোন আছিল।কিয়নো মই জীয়াই থকাৰ দৰে অভাৱী জীৱন এটা মই সিহতঁক দিবলৈ বিচৰা নাছিলো । ”১৬ বছৰতে বিয়া হোৱা জ্যোতিয়ে ১৭ বছৰ বয়সতে এজনী কন্যা সন্তানৰ মাতৃ হৈছিল আৰু পাছৰ বছৰতে অৰ্থাৎ ১৮ বছৰ বয়সত দ্বিতীয়্জনী কন্যা সন্তানৰ জন্ম হৈছিল। “মাত্ৰ ১৮ বছৰ বয়সতে মই দুটি কন্যাৰ মাতৃ হৈছিলো যদিও সিহঁতক দৰৱ ,খোৱাবস্ত্ত বা খেলনা ,পুতলা আদি কিনি দিবলৈ আমাৰ পইছা নাছিল।”ছোৱালীদুজনীক বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ সময় হোৱাত জ্যোতিয়ে তেলেগু মাধ্যমতে পঢ়োৱাৰ সিদ্ধান্ত ললে কিয়নো ইংৰাজী মাধ্যমত মাহিলী মাচুল ৫০ টকাৰ বিপৰীতে তেলেগু মাধ্যমত এই মাচুল আছিল মাহে ২৫টকাকৈ।। জ্যোতিৰ আৰ্থিক সামৰ্থই তেওঁক ছোৱালীহঁতৰ বাবে তেলেগু মাধ্যমকে শিক্ষাৰ মাধ্যম হিচাবে বাছি লবলৈ বাধ্য কৰাইছিল।

বুজিব পৰা বয়সৰে পৰা জ্যোতিয়ে দাৰিদ্ৰ্যৰ ভয়াবহ ৰুপ দেখি আহিছে ,অনুভৱ কৰিছে কিদৰে দাৰিদ্ৰ্যৰ নিষ্ঠুৰ হাতে সাধাৰণ মানৱীয় অনুভূতিবোৰো নেলু চেপি হত্যা কৰে।চাৰিগৰাকী ভাই ভনীৰ ভিতৰত জ্যোতি দ্বিতীয়।পৰিয়ালটোৱে সন্মুখীন হোৱা ভয়াবহ দৰিদ্ৰতাৰ বাবে দেউতাকে জ্যোতিৰ লগতে আনজনী ভনীয়েকক অন্ততঃ দুবেলা দুসাজ খাবলৈ পাই থাকিবলৈ মাতৃ্হাৰা বুলি পৰিচয় দি এখন অনাথালয়ত থকাৰ ব্যৱস্থা কৰাইছিল।

“পঞ্চম মান শ্ৰেণীৰ পৰা দশম মান শ্ৰেণীলৈ ৫ বছৰ ধৰি মই এখন অনাথালয়ত আছিলো।কিন্ত্ত তাতো আমাৰ বাবে জীৱন দুৰ্বিসহ আছিল।ভণ্টীয়ে তাত থাকি অকণো ভাল পোৱা নাছিল আৰু অনবৰতে কান্দি থাকিছিল বাবে দেউতাই তাইক পুনৰ ঘৰলৈকে লৈ গৈছিল।”

কিন্ত্ত পিতৃ মাতৃৰ দ্বিতীয় সন্তান, অদ্বিতীয় সাহসী জ্যোতি তাতেই থাকি গৈছিল।পেটৰ তাড়নাত দেউতাকে মাতৃ্হাৰা বুলি পৰিচয় দি অনাথালয়ত ৰখা ছোৱালীজনীয়ে, অভাৱে পীড়া কৰা ঘৰখনত থকা মাকৰ নিভাঁজ মৰমৰ অভাৱ অনুভৱ কৰি লুকাই উচুপিছিল।

“মোৰ মনত পৰে প্ৰতিবছৰে এজন চহকী মানুহে আমাৰ অনাথালয়লৈ আহি মিঠাই আৰু কম্বল বিলাইছিল।মই তেতিয়া এজনী তেনেই ৰুগীয়া ছোৱালী আছিলো অথচ কল্পনা কৰিছিলো যে এদিন ময়ো এনেদৰে ধনী হ’ম আৰু এটা চ্যুটকেচত দহখন নতুন শাৰী ভৰাই লৈ ফুৰিম।কথাটো মনত পৰিলে মোৰ এতিয়া খুব হাঁহি উঠে কাৰণ লগৰীয়াৰ ঠাট্টা মস্কৰাৰ সন্মুখীন হোৱাৰ ভয়ত তেতিয়াযে এই কল্পনাৰ কথা কাকোৱেই কোৱা নাছিলো।”

অনাথ শিশুসকলৰ বাবে

প্ৰতিবছৰেই ২৯ আগষ্টত অৰ্থাৎ নিজৰ জন্মদিনটোত জ্যোতি ভাৰতলৈ আহে আৰু নিজে অনাথালয়ত শৈশৱ কটোৱা ৱাৰাংগল নামৰ ঠাইখনলৈ গৈ তাত থকা কেইবাটাও অনাথগৃহৰ শিশুহঁতৰ সৈতে দিনটো অতিবাহিত কৰে। জ্যোতিয়ে নিজৰ প্ৰচেষ্টাৰে মানসিকভাৱে বাধাগ্ৰস্ত শিশুৰ বাবে গৃ্হ এটাও গঢ়ি তুলিছে য’ত ২২০ টি এনে বিশেষ শিশু আছে।

“ভাৰতৰ মুঠ জনসংখ্যাৰ দুই শতাংশ অনাথ আৰু তেওঁলোকৰ কোনো পৰিচয় নাই।তেওঁলোক অযত্নপালিত আৰু অনাকাংক্ষিত।অনাথালয় সমূহত এনে ল’ৰা ছোৱালীৰ যত্নৰ বাবে নিয়োগ কৰা প্ৰায়বোৰ লোকেই মাত্ৰ ধনৰ বিনিময়ত কাম কৰে আৰু প্ৰায়েই তেওঁলোকৰ মনত অনাথ শিশুহঁতৰ প্ৰতি স্নেহ নাথাকে।”

সুদীৰ্ঘ কাল জুৰি জ্যোতিয়ে অনাথ শিশুৰ কল্যাণৰ হকে কাম কৰি আহিছে আৰু শেহতীয়াকৈ তেওঁ দায়িত্ববাহী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীকো এই সন্দৰ্ভত আলোচনাৰ বাবে সাক্ষাৎ কৰে।জ্যোতিয়ে দিয়া তথ্য মতে ৰাজ্য চৰকাৰে দশম শ্ৰেণীলৈ অধ্যয়ন কৰি থকা অনাথ ল’ৰাৰ তথ্য মুকলি কৰি দিছে যদিও ছোৱালীসকলৰ সন্দৰ্ভত কোনো তথ্য দিয়া হোৱা নাই। “ছোৱালীসকল ক’ত আৰু কিয় নিৰুদ্দেশ হয়?”নিজৰ এই প্ৰশ্নৰ উত্তৰ নিজেই দি জ্যোতিয়ে কয়, “ইয়াৰ কাৰণ হ’ল তেওঁলোক সৰবৰাহৰ বলি হয়ঃতেওঁলোকক জোৰকৈ বেশ্যাবৃত্তিত নিয়োগ কৰা হয়।মই হায়্দৰাবাদৰ এটা এনে শিশুগৃ্হলৈ গৈছিলো য’ত ছজনী ছোৱালীয়ে দশমমান শ্ৰেণীতে মাতৃ হৈছে । একেখন অনাথালয়তে এই অনাথ কিশোৰী মাতৃ কেইগৰাকীয়ে তেওঁলোকৰ অনাথ সন্তানৰ সৈতে বাস কৰি আছে।”


এতিয়া এটা ক্ষমতাপূৰ্ণ স্থানত উপনীত হৈ জ্যোতিয়ে প্ৰতি ক্ষেত্ৰতে অনাথ শিশুৰ অধিকাৰৰ হকে মাত মাতিছে। কিন্ত্ত এটা সময় আছিল যেতিয়া নিজৰ স্বামী আৰু শহুৰৰ ঘৰৰ আনসকল লোকে তেওঁৰ ওপৰত কৰা অন্যায় অবিচাৰো নিৰৱে সহি থাকিবলগীয়া হৈছিল।পৰিয়ালটোত খাওঁতাৰ সংখ্যা সৰহ আৰু উপাৰ্জন নিচেই তাকৰ হোৱা বাবে চলিবলৈ ভীষণ সমস্যা হৈছিল। “সন্তান দুটিক লৈয়েই মোৰ সকলো চিন্তা আছিল।পদে পদে আছিল অজস্ৰ বাধা নিষেধ।কোনো পুৰুষৰ সৈতে মই কথা পাতিব নোৱাৰিছিলো,পথাৰত কাম কৰিবলৈ যোৱাৰ বাহিৰে আন কলৈকো যাব নোৱাৰিছিলো।”কিন্ত্ত কথাতে কোৱা হয় যে ইচ্ছা থাকিলে বাট ওলাবই।পামত একেলগে কাম কৰা লোকসকলক ৰাতিৰ পঢ়াশালীত পঢ়াবলৈ আৰম্ভ কৰাৰ লগে লগে যেন জ্যোতিৰ দুৱাৰত সুযোগে টুকুৰিয়াবলৈ আৰম্ভ কৰিলে।খেতিপথাৰৰ শ্ৰমিকৰ পৰা তেওঁ চৰকাৰী শিক্ষয়িত্ৰী হ’লগৈ। “মই তেওঁলোকক প্ৰাথমিক কথাবোৰ শিকিবলৈ উৎসাহ দিছিলো আৰু সেয়াই মোৰ দায়িত্ব আছিল।অতি সোনকালেই মোৰ পদোন্নতি হৈছিল আৰু ৱাৰাংগলৰ প্ৰতিখন গাৱঁলৈ গৈ তাৰ মহিলা আৰু যুৱক যুৱ্তী সকলক কাপোৰ চিলাবলৈ শিকোৱাৰ দায়িত্ব লাভ কৰিছিলো।” সেইসময়ত জ্যোতিৰ মাহিলী ১২০ টকাকৈ উপাৰ্জন হৈছিল । “মোৰ এনে লাগিছিল যেন মই এক লাখ টকা উপাৰ্জন কৰিছো।এই টকা্ৰে এতিয়া মই মোৰ সন্তানদুটিৰ ঔষধ কিনিব পাৰিম।মোৰ বাবে এইখিনি টকা তেতিয়া যথেষ্ট আছিল।”

আমেৰিকান সপোনটো

জ্যোতিৰ আকাংক্ষাই ক্ৰমাৎ পাখি মেলিবলৈ আৰম্ভ কৰিছিল।আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বৃত্তিমুখী পাঠ্যক্ৰম এটা গ্ৰহণ কৰি তেওঁ ৱাৰাংগলৰ কাকতীয়া বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ বিচাৰিছিল। “মই প্ৰায়েই সপোন দেখিছিলো যে মোৰ ঘৰৰ আগফালে ডঃ অনিলা জ্যোতি ৰেড্ডী বুলি খোদাই কৰা এখন নামফলক থাকিব।” অৱশ্যে তেওঁ এই পাঠ্যক্ৰমত উত্তীৰ্ণ হব পৰা নাছিল আৰু ইংৰাজী বিষয়ত ডক্টৰেট হোৱাৰ সপোনটোৰো সমাপ্তি ঘটিছিল।


কিন্ত্ত হঠাতে আমেৰিকাত থকা এগৰাকী খুৰাকৰ ছোৱালীৰ সৈতে হোৱা সাক্ষাতে জ্যোতিৰ আকাংক্ষাবোৰ যেন জগাই তুলিলে।তেওঁ থিৰ কৰিলে যে দৰিদ্ৰতাৰ এই বেষ্টনীৰ পৰা ওলাই যাবলৈ হ’লে তেওঁ আমেৰিকালৈ যাবই লাগিব। জ্যোতিৰ এই কল্পনা সেই সময়ত বলিয়ালিৰ দৰে লাগিছিল যদিও এদিন সেয়াই সঁচা হ’ল।

আমেৰিকাত থকা খুৰাকৰ ছোৱালীজনীয়ে জ্যোতিক বেচ প্ৰভাৱিত কৰিছিল।তেওঁ কয়,“তাই ধুনীয়াকৈ সাজপাৰ কৰিছিল আৰু খুউব সপ্ৰতিভ আছিল আৰু মোৰ তথাকথিত শিক্ষয়িত্ৰী ৰুপটোতকৈ তাই বহু বেলেগ আছিল।মই কেতিয়াও চুলি মেলি্ব পৰা নাছিলো,গগল্ছ পিন্ধা আৰু গাড়ী চলোৱা নাছিলো।তাইক মই মইও আমেৰিকালৈ যাব পাৰো নেকি সুধিছিলো।”

ছোৱালীজনীয়ে জ্যোতিক কৈছিল,‘‘তোমাৰ দৰে তীক্ষ্ণ স্বভাৱৰ মহিলাই আমেৰিকাত সহজেই তিষ্ঠি থাকিব পাৰে।”অকণো সময় নষ্ট নকৰাকৈ জ্যোতিয়ে কম্পিউটাৰ ছফটৱেৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে। স্বামীয়ে ঘৰৰ পৰা আঁতৰি থকাটো পছন্দ নকৰিছিল বাবে জ্যোতিয়ে দিনে হায়্দৰাবাদলৈ অহাযোৱা কৰিবলগীয়া হৈছিল।আমেৰিকালৈ যাবলৈ তেওঁ থিৰাং কৰিছিল যদিও গিৰিয়েকক এই বিষয়ে সৈমান কৰাটো সহজ কথা নাছিল। “আমেৰিকালৈ যাবৰ বাবে মই যেন একপ্ৰকাৰ বলিয়াৰ দৰে হৈ পৰিছিলো।সেইটোৱেই একমাত্ৰ পথ আছিল যাৰদ্বাৰা মই মোৰ সন্তানহঁতক এটা সুন্দৰ জীৱনৰ সন্ধান দিব পাৰিম।

ভিছা আবেদন কৰিবলৈ জ্যোতিয়ে আত্মীয় আৰু বন্ধু বান্ধবৰ সহায় ললে।

“মই প্ৰতিটো সম্পদ আৰু প্ৰতিপল সময় হিচাব কৰি খৰচ কৰিছিলো।আনকি পাঠদানৰ সময়তো অবাবত সময় নষ্ট নকৰিছিলো।অন্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে মই এটা চীট ফাণ্ড চলাইছিলো।১৯৯৪-১৯৯৫ চনত মোৰ দৰ্মহা আছিল মাহে ৫০০০ টকা আৰু ফাণ্ডৰ পৰা মাহিলী উপাৰ্জন হৈছিল ২৫,০০০ টকাকৈ I তেতিয়া মোৰ বয়স ২৩-২৪ ৰ ভিতৰত আৰু মনত চিন্তা মাথো এটাই,যিমান পাৰো ধন সঞ্চয় কৰা যাতে সেই ধনেৰে আমেৰিকালৈ যাব পাৰোঁ।”

গাড়ী চলাবলৈ জ্যোতিৰ প্ৰবল হেঁপাহ আছিল আৰু তেওঁ জানিছিল যে আমেৰিকালৈ গ’লেহে সেয়া সম্ভৱ হব কিয়নো, “ঘৰখনত বহু বাধা নিষেধ আছিল।স্বামীয়ে মোৰ বাবে কৰা আটাইতকৈ ভাল কামটো হ’ল জীৱন যুঁজৰ বাবে তেওঁ মোক সন্তান দুটি দিছিল।”এমোকোৰা তৃপ্তিৰ হাঁহিৰে জ্যোতিয়ে কয়,“মোৰ ছোৱালীহঁতো মোৰ দৰেই,পৰিশ্ৰমী আৰু সময় সচেতন।” জ্যোতিৰ দুয়োগৰাকী কন্যাই ছফটৱেৰ ইঞ্জিনীয়াৰ আৰু সম্প্ৰতি সংসাৰযাত্ৰা আৰম্ভ কৰি আমেৰিকাতেই আছে।

দাৰিদ্ৰ্যৰ পৰা ঐশ্বৰ্যলৈ

আমেৰিকান সপোনটো পূৰোৱাটো ইমান সহজ নাছিল।নিজৰ ভাগ্যৰ সৈতে যুঁজি সুযোগসমৃদ্ধ দেশলৈ ঢাপলি মেলিছিল যদিও তাত গৈও তেওঁ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ল কিয়নো তাত কোনোৱেই তেওঁৰ চিনাকি নাছিল।“মই তাত কাকো চিনি নাপাইছিলো আৰু ইংৰাজী ভালদৰে ক’ব নোৱাৰিছিলো বাবে প্ৰতিদিনে অসুবিধাৰ সন্মুখীন হৈছিলো।

নিউ জাৰ্চিৰ গুজৰাটী পৰিয়াল এটাত তেওঁ মাহে ৩৫০ ডলাৰৰ বিনিময়ত পেয়িং গেষ্ট হিচাবে থকাৰ সুবিধা পালে। “মোৰ চেলফোন নাছিল আৰু প্ৰতিদিনে ৩ মাইল খোজ কাঢ়ি কামলৈ গৈছিলো।”প্ৰথমে চেল্ছ গাৰ্ল,ৰুম চাৰ্ভিচ পাৰ্চন,বেবী চিটাৰ, গেছ ষ্টেশ্যনৰ কৰ্মচাৰী,চফটৱেৰ ফাৰ্ম আদিত সৰু সুৰা কাম কৰি উপাৰ্জন কৰাৰ পাছত জ্যোতিয়ে নিজাকৈ ব্যৱসায় কৰিবলৈ ললে।

“দুবছৰ পাছত গাওঁখনলৈ উভতি আহি গাৱঁৰ মন্দিৰত শিৱ পূজা আগবঢ়াবলৈ গৈছিলো।মন্দিৰৰ পূজাৰীজনে মোক কৈছিল,‘ তুমি আমেৰিকাত চাকৰি নাপাবা কিন্ত্ত ব্যৱসায় কৰিলে তুমি কোটিপতি হ’বা।’তেওঁৰ কথা শুনি মোৰ হাঁহি উঠিছিল কাৰণ ইতিমধ্যেই মই বুজি উঠিছিলো যে আমেৰিকাত এই কথা সফল কৰাটো কিমান কঠিন ।”

কিন্ত্ত সেই কথাষাৰেই যেন ভৱিষ্যদ্বাণীৰ দৰে কাম কৰিলে।শেষত জ্যোতিয়ে নিজ স্বামী আৰু সন্তানদুটিক আমেৰিকালৈ নিবলৈ সক্ষম হ’ল।


প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালাম জ্যোতিৰ জীৱনত প্ৰেৰণাৰ উৎস।ডঃ কালামে তেওঁক কৈছিল যে ১১ ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰত ল’ৰা ছোৱালীৰ চৰিত্ৰ গঢ় লয়। “জীৱনৰ এই সময়ছোৱা মই অনাথালয়তে কটাইছিলো যদিও সেই সময়তো তাত থকা অন্য শিশুক সহায় কৰিছিলো,কান্দিলে নিচুকাইছিলো।”

জ্যোতিয়ে মনত পেলায় কেনেদৰে প্ৰখৰ গ্ৰীষ্ম বা শীততো তেওঁ খালী ভৰিৰে খোজকাঢ়িছিল। “এতিয়া মোৰ ২০০ যোৰ জোতা চেণ্ডেল আছে,কাপোৰৰ সৈতে মিলাই পিন্ধিবৰ বাবে ১০ৰ পৰা ১৫ মিনিট সময় মই জোতা বিচাৰিবলগীয়া হয়।”ধেমেলীয়া প্ৰশ্নৰ উত্তৰত জ্যোতিয়ে কয়। শিক্ষকতা কাম কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে জ্যোতিয়ে নিজৰ বাবে কিবা কিনিছিল। “মোৰ মাত্ৰ দুখন শাৰী আছিল আৰু আন এখন শাৰী মোক অতি দৰ্কাৰ আছিল।১৩৫ টকাৰে মই প্ৰথম শাৰীখন কিনিছিলো আৰু আজিও সেইখন মোৰ লগত আছে I” এতিয়া জ্যোতিৰ ৱাৰড্ৰৱত থকা আটাইতকৈ দামী শাৰীখনৰ দাম ৬০,০০০ টকা। নীলা আৰু ৰুপালী ৰঙৰ এই শাৰীখন হেনো জ্যোতিয়ে সৰু জীয়ৰীৰ বিবাহ উপলক্ষে কিনিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰত ছটা আৰু ভাৰতত দুটা বাসগৃ্হ ক্ৰয় কৰা জ্যোতিয়ে গাড়ী চলোৱাৰ সপোনটোও সাকাৰ কৰিবলৈ সক্ষম হ’ল।সাইলাখ নিজৰ সপোনটোৰ দৰেই মুকলি চুলিৰে জ্যোতিয়ে মাৰ্চিডিজ –বেঞ্জ চলাই যায়।

সফলতাৰ বাবে গাড়ীচালনা

আনন্দৰ কথা যে জ্যোতিৰ এই অনবদ্য জীৱনৰ আৰ্হি কাকতীয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী স্নাতকৰ পাঠ্যক্ৰমৰ এটা পাঠ হিচাবে অন্তৰ্ভুক্ত হৈছে। “শুনিলে অবিশ্বাস্য যেন লাগে যে এইখন বিশ্ববিদ্যালয়তে এসময়ত এটা চাকৰি বিচাৰি মই বিমুখ হৈছিলো আৰু এতিয়া ইয়াৰে বহু ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথিত মোৰ বিষয়ে পঢ়ি জীৱন্ত মানুহ্জনী সম্পৰ্কে অধিক জানিবলৈ আগ্ৰহী হয়।”

নিজে মাৰ্চিডিজ বেঞ্জ চলোৱা জ্যোতিৰ বাবে এতিয়া আৰু জীৱনৰ সপোনবোৰ আনৰ বাধা নিষেধৰ গইনা লৈ গাড়ীৰ ৰীয়েৰ ভীউ আইনাত ক্ৰমাৎ দূৰলৈ গৈ থকা প্ৰতিবিম্বৰ দৰে হৈ থকা নাই।জীৱনৰ গাড়ীৰ এক্সিলেৰেটৰত হেঁচা দি দ্ৰুতগতিৰে ধাৱমান হৈছে সেই সোণালী সপোন।সেই সপোনৰ পথ আৰু সুন্দৰ,দীঘলীয়া হওঁক।

মূলঃদীপ্তি নায়াৰ

অনুবাদঃঅৰুণিমা গোস্বামী