তিনিটা দশক ধৰি ভাৰতীয় কাৰু-শিল্পৰ তত্বাধায়কৰ ৰূপত লাইলা তৈয়বজী আৰু দস্তকাৰ

তিনিটা দশক ধৰি ভাৰতীয় কাৰু-শিল্পৰ তত্বাধায়কৰ ৰূপত লাইলা তৈয়বজী আৰু দস্তকাৰ

Saturday November 07, 2015,

4 min Read

“চহৰ অঞ্চলত বসবাস কৰা আৰু সঘনাই বিদেশ ভ্ৰমণ কৰি থকা শিল্পী তথা এগৰাকী ডিজাইনাৰৰ বাবে ভাৰতীয় গ্ৰমাঞ্চলৰ শিল্পীয়ে প্ৰস্তুত কৰা সামগ্ৰীৰ মান নিম্নগামী বুলি অভিযোগ কৰা তেনেই সহজ। যিসময়ত আমি বৈদেশিক কলা আৰু ঐতিহাসিক যুগৰ গৌৰৱময় কাৰুকাৰ্যক লৈ ব্যস্ত হৈ পৰোঁ, সেই সময়তে আমি পাহৰি যাওঁ যে বৰ্তমান সময়ত গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী কাৰু শিল্পীয়ে জীৱিকাৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হোৱাৰ লগতে শিল্প সাধনাৰ উচিত পৰিৱেশৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে।” এই অভিমত ভাৰতীয় শিল্প-কলাৰ অভিভাৱকস্বৰূপ, দস্তকাৰৰ আঁৰৰ ব্যক্তি লাইলা তৈয়বজীৰ। ইয়ৰ ষ্ট’ৰীৰ তৰফৰ পৰা লোৱা এটা সাক্ষাৎকাৰত তিনিটা দশক ধৰি ভাৰতীয় শিল্প-কলাক এক দিশ প্ৰদান কৰি থকা দস্তকাৰৰ আঁৰৰ ব্যক্তি লাইলা তৈয়বজীয়ে ব্যক্ত কৰিছিল হস্তশিল্প সৰ্ম্পকত তেওঁৰ ব্যক্তিগত উপলব্ধি।

image


ভাৰতীয় গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিক্ষেত্ৰক বাদ দি হস্তশিল্প-কাৰুশিল্পৰ সৈতে প্ৰায় ৭০ লক্ষাধিক লোক জড়িত হৈ আছে ( দশৰাৰ এক প্ৰতিবেদন ‘ক্ৰাফটিং এ লাইভলিহুড’ত এই তথ্য প্ৰকাশ )। বিশেষকৈ মহিলাসকলৰ বাবে কাৰুশিল্প হৈছে অৰ্থনৈতিক তথা সামাজিক স্বাধীনতা লাভৰ এক অন্যতম মাধ্যম। বজাৰৰৰ সন্ধানত থকা কাৰুশিল্পী আৰু বিশেষতঃ মহিলাসকলক সহায় কৰাৰ বাবেই ১৯৮১ চনত স্থাপিত হৈছিল দস্তকাৰ নামৰ এটি সংস্থাৰ। এই সংস্থাটোৰ মুখ্য উদ্দেশ্য - কাৰু-হস্ত শিল্পৰ সৈতে জড়িত শিল্পীসকলক অৰ্থনৈতিক সক্ষমতা তথা কৰ্মসংস্থাপন দিয়া। দস্তকাৰৰ অধ্যক্ষা তথা এগৰাকী শিল্প-কলাৰ বিদ্বান লাইলা তৈয়বজীয়ে দস্তকাৰৰ জন্মলগ্নৰে পৰা জড়িত হৈ ইয়াক এটা সফল সংস্থালৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে। কাৰুশিল্পৰ জগতখনত এক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা লাইলা তৈয়বজীৰ নিজৰো আছে এক অনন্য পৰিচয় যাৰ প্ৰকাশ ঘটে তেওঁৰ দৃষ্টিভংগী, কথা-বতৰা আৰু বেশ-ভূষাত।

এটা অভিজ্ঞতাই সলনি কৰে সকলো দৃষ্টিভংগী

কলেজীয়া দিনৰ পাছতেই লাইলা তৈয়বজীৰ শিল্পকলাৰ সৈতে এক যোগাযোগ স্থাপন হয়। জাপানত চাৰুকলাৰ শিক্ষা সমাপ্ত কৰি দিল্লীলৈ উভতি অহা লাইলাই বুজি উঠিছিল যে ভাৰতত স্বাধীনচিতীয়াভাৱে শিল্প-কলাৰ সৈতে জড়িত হৈ থকাটো কিমান কষ্টকৰ। সেই সময়ত ফেছন জগতেই হওঁক বা ইনটিৰিয়ৰ ডিজাইন বা মঞ্চ সজ্জাৰ ক্ষেত্ৰতেই হওঁক লাইলাই বুজি উঠিছিল যে দেশত সুযোগ-সুবিধাৰ যথেষ্ট অভাৱ। শিল্প কলাৰ সৈতে জড়িত হৈ থকা লাইলা তৈয়বজীয়ে পৰম্পৰাগত ভাৰতীয় কাৰু-শিল্পীৰ সৈতে কাম কৰিবলৈ পোৱা এক সুবিধাৰ জৰিয়তে তেওঁৰ জীৱনলৈ এক পৰিবৰ্তন অহা বুলি কয়। এটা কামৰ বাবে গুজৰাটৰ কচ্ছলৈ যোৱা লাইলা তৈয়বজী গ্ৰামাঞ্চলৰ কাৰু-শিল্পীসকলৰ সমস্যাৰ সৈতে প্ৰথমবাৰৰ বাবে মুখামুখী হয়। আৰু এই অভিজ্ঞতাই তেওঁক চিন্তা কৰিবলৈ বাধ্য কৰায় যে নূন্যতম সা-সুবিধা নোপোৱাকৈ তথা বজাৰৰ অভাৱত ভোগা শিল্পীসকলে কিদৰে শিল্পৰ সৃষ্টি কৰিব। বিভিন্ন সমস্যাৰ সম্মুখীন হোৱা এই শিল্পীসকলক সহায় কৰা তথা তেওঁলোকৰ সুন্দৰ কাৰু-কাৰ্যৰ বজাৰ সৃষ্টিৰ বাবেই লাইলা তৈৱবজীয়ে গ্ৰামাঞ্চলৰ শিল্পীসকলৰ বাবে আৰম্ভ কৰে দস্তকাৰৰ নামৰ এটা সংস্থা। এই সংস্থাই আজি এই কাৰু-শিল্পীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

image


চৰকাৰৰ ভূমিকাৰ উপৰিও ইয়াৰ আঁৰত আছে আন বহু সমস্যা

হস্ত-শিল্পৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সম্পৰ্কত লাইলা তৈয়বজীয়ে মন্তব্য কৰে যে এই ক্ষেত্ৰত অসুবিধা বহুত আছে কিন্তু এয়া চৰকাৰৰ ভূমিকাৰ প্ৰসংগতকৈ বেছি জটিল। অন্য দেশৰ তুলনাত ভাৰতৰ দৰে এক বিশাল দেশত প্ৰায় ২৩ মিলিয়ন অসংস্থাপিত কাৰু-শিল্পী আছে। এই সকলৰ বিকাশৰ বাবে যি প্ৰচেষ্টা হাতত লব লাগিব সেয়া নিশ্চয়কৈ কষ্টসাধ্য। তেওঁৰ মতে ফেব ইণ্ডিয়াই গ্ৰহণ কৰা পদক্ষেপে বহু ক্ষেত্ৰত এই শিল্পীসকলক এখন বজাৰ উপলব্ধ কৰাত সহায় কৰিছে।

এই উদ্যোগ এক লিংগ-বৈষম্যহীন উদ্যোগ

শিল্পকলা মুখ্যত পৰিয়ালকেন্দ্ৰিক কলা। এই কলাৰ যদি কিছু কাম পৰিয়ালৰ পুৰুষসকলে সমাপন কৰে তেন্ত আন একাংশ কাম মহিলাসকলে কৰে। গতিকে এই উদ্যোগক কেতিয়াও কোনো এটা লিংগই প্ৰভাৱিত নকৰে। সুযোগ-সুবিধা লাভ কৰাৰ ক্ষেত্ৰত তৈয়বজীয়ে ভাবে যে মহিলা হিচাপে তেওঁ আজিলৈ কোনো ধৰণৰ বৈষম্যৰ সম্মুখীন হোৱা নাই। অৱশ্যে তেওঁ কব খোজে যে তেওঁ এৰোনটিকেল ইঞ্জিনিয়াৰ বা পাইলট হ’ব বিচৰাহেতেন হয়তো বৈষম্যৰ সম্মুখীন হ’ব লগীয়া হ’লহেতেন।

৬৬ বছৰীয়া লাইলা তৈৱবজীৰ উত্সাহৰ ৰহস্য

নিজৰ কামৰ প্ৰতি থকা ধাউতি তথা শিল্প-কলাৰ প্ৰতি অব্যহত থকা তেওঁৰ ৰাপ সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে তেওঁ এতিয়া ৬৬ বছৰীয়া কিন্তু তেওঁ প্ৰতিটো পুৱা অতি উৎসাহেৰে বিছনাৰ পৰা উঠে আৰু কামত মনোনিৱেশ কৰে। ইয়াৰ কাৰণ হিচাপে তেওঁ কয়, সুন্দৰ কলা তথা শিল্পৰ সৈতে জড়িত হৈ থাকি বহুতকে কৰ্মসংস্থাপন দিব পৰাটো এটা স্বৰ্গীয় অনুভূতি।

উদ্যোগশীল মহিলাসকলৰ প্ৰতি লাইলা তৈৱবজীৰ উপদেশ এটাই, ‘ব্যৱসায়ৰ বাবে এটা পেছা বিচাৰ কৰোতে কাৰু শিল্পৰ প্ৰতিও মনোনিৱেশ কৰিবা, কিয়নো এই ব্যৱসায়ত তুমি প্ৰতিযোগিতাতকৈ সুন্দৰ কাৰু-শিল্পৰ সৃষ্টিৰে নিজৰ লগতে আনৰো প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিবা।’

image