বিশ্বজুৰি ভাৰতীয় মহিলাৰ শক্তিৰ পৰিচয় দিছে মণিপুৰৰ টি সৰিতাই

বিশ্বজুৰি ভাৰতীয় মহিলাৰ শক্তিৰ পৰিচয় দিছে মণিপুৰৰ টি সৰিতাই

Thursday October 05, 2017,

6 min Read

মণিপুৰৰ থৌবাল জিলাৰ খংজমত থিংবাইজাম ভগীৰথ আৰু তেওঁৰ পিতৃৰ সৈতে কখা পাতি থকাৰ সময়তে হাতত চাহৰ ট্ৰে লৈ সোমাই আহিল মৃদুভাষী মহিলাগৰাকী । তেওঁ ভগীৰথৰ পত্নী । পাৰম্পৰিক মেইটে পোছাকত এগৰাকী সম্পূৰ্ণ পাৰম্পৰিক মেইটে বোৱাৰী । কিন্তু তেওঁৰ পেশীবহুল হাত দুখনে মোক সোঁৱৰাই দিলে যে এই মৃদুভাষী মহিলাগৰাকীৰ মাজত সোমাই আছে এগৰাকী লৌহ মানৱী । দুটি সন্তানৰ মাতৃ এই ৩০ বছৰীয়া মহিলাগাৰাকী হৈছে মহিলাৰ শৰীৰচৰ্চাৰ ক্ষেত্ৰত একেৰাহে তিনিবাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা আৰু দেশলৈ বহুবাৰ আন্তঃৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই অনা থিংবাইজাম সৰিতা দেৱী । 

থিংবাইজাম সৰিতা দেৱীয়ে দেশলৈ এনে এবিধ খেলত সুনাম কঢ়িয়াইছে যিবিধ খেলত এতিয়াও বহু মহিলাই প্ৰৱেশ কৰিবলৈ সাহস কৰা নাই । ভাৰতত মহিলাৰ শৰীৰচৰ্চা বা বডিবিল্ডিং এতিয়াও চালুকীয়া অৱস্থাত আছে আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ নাম উজ্বল কৰা এমুঠিমান ভাৰতীয় মহিলাৰ ভিতৰত টি সৰিতা অন্যতম । মহিলাক শক্তিৰ আন এটা ৰূপ বুলি ভাৰতীয় মানুহে পূজা কৰিলেও বহুতৰে বাবে সৌন্দৰ্যৰ ভাৰতীয় ধাৰণাৰ লগত শক্তিশালী মহিলাৰ পেশীবহুল শৰীৰ কথাটো যেন এতিয়াও খাপ খাব পৰা নাই । তাতেই আকৌ পিতৃতান্ত্ৰিক সমাজত শক্তিশালী মহিলা বহুতৰে বাবে ভয়ৰ কাৰণ । সৰিতাই এনে বহু ধাৰণাক মষিমূৰ কৰাই নহয়, এই কথাটোও প্ৰমাণ কৰিছে যে এগৰাকী মহিলা সফল আৰু শক্তিশালী হোৱাটো পাৰম্পৰিক জীৱনধাৰাৰ পৰিপন্থী নহয় । যদিও বহু ভাৰতীয় মহিলা ক্ৰীড়াবিদে দেশলৈ সুনাম কঢ়িয়াইছে তথাপিও বহু ভাৰতীয় পিতৃ-মাতৃ এতিয়াও কিছুমান ভয়ৰপৰা মুক্ত নহয় আৰু তেওঁলোকে নিজৰ ছোৱালীক ক্ৰীড়া ক্ষেত্ৰখনলৈ যাবলৈ দিব নোখোজে । খেলা-ধূলা কৰিলে নাৰীসূলভ গুণবোৰ কমি যাব বুলিও বহু পিতৃ মাতৃৰ ভয় । শৰীৰ চৰ্চা বা আন শক্তি ক্ৰীড়াৰ ক্ষেত্ৰত এই ধাৰণাসমূহৰ প্ৰাবল্য আৰু বেছি । কিন্তু এই ক্ষেত্ৰত সৰিতাই তেওঁৰ স্বামী আৰু স্বামী পৰিয়ালৰপৰা পোৱা উদগনি আনৰ বাবে এক উদাহৰণ ।

image


১৯৮৬ৰ ১ ফেব্ৰুৱাৰীত থিংবাইজাম সৰিতাৰ জন্ম হয় ভাৰতৰ ক্ৰীড়াকেন্দ্ৰৰূপে পৰিচিত মণিপুৰত । মণিপুৰীসকলে ক্ৰীড়াক কিমান গুৰুত্ব দিয়ে সেয়া বুজিবলৈ এটা উদাহৰণেই যথেষ্ট । ফাকুৱাৰ সময়ত মেইটেসকলৰ পাঁচদিনীয়া য়াওছাং উৎসৱৰ লগত ওতঃপ্ৰতঃভাৱে জড়িত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা । মণিপুৰী সমাজত ল'ৰা-ছোৱালী সকলোকে ক্ৰীড়াৰ বাবে উৎসাহিত কৰা হয় । শিশু কালৰেপৰা সৰিতাও ইয়াৰ ব্যতিক্ৰম নাছিল । তেওঁৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহক তেওঁৰ বায়েক আৰু পৰিয়ালৰ লোকে সাৰ-পানী যোগাইছিল । তেওঁ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও বিশেষ কোনো ক্ৰীড়াক্ষেত্ৰ তেওঁ বাছি লোৱা নাছিল অথবা ক্ৰীড়াবিদ হোৱাৰ কথাও ভবা নাছিল ।

"মই বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো কিন্তু মোৰ ক্ৰীড়াৰ কেৰিয়াৰ আৰম্ভ হৈছিল মোৰ বিয়াৰ পিছত ।" সৰিতাই কয় । প্ৰকৃতাৰ্থত ভগীৰথ থিংবাইজামৰ সৈতে তেওঁৰ বিয়াৰ পাছতে তেওঁৰ ক্ৰীড়াৰ কেৰিয়াৰ আৰম্ভ হৈছিল। ভগীৰথ সেই সময়ত আছিল এজন সমৰকলাৰ খেলুৱৈ আৰু তেওঁ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰিছিল । অৱশ্যে তাৰ পিছত তেওঁ কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল । ভগীৰথৰ সৈতে প্ৰেম বিবাহত আবদ্ধ হ'বৰ সময়ত সৰিতাৰ বয়স ১৮ বছৰ । বিয়াৰ কিছুদিনৰ পাছতে তেওঁলোকৰ জীৱনলৈ দুটি সন্তানৰ আগমন ঘটে । কিন্তু সন্তান জন্মৰ ফলত সৰিতাৰ স্বাস্থ্যত কিছু বিৰূপ প্ৰভাৱ পৰে আৰু তেওঁৰ স্বাস্থ্য ক্ৰমাৎ বেয়ালৈ যায় ।

"মোৰ স্বাস্থ্য ঘূৰাই পাবৰ বাবে কিবা এটা ক্ৰীড়াত মনোনিবেশ কৰাৰ কথা চিন্তা কৰিলো আৰু মোৰ স্বামীৰ লগত আলোচনা কৰিলো। তেওঁ মোক বডিবিল্ডিং কৰাৰ পৰামৰ্শ দিলে ।" সৰিতাই কয়

"কোনবিধ ক্ৰীড়াক বাচি ল'ব সেই সিদ্ধান্ত সৰিতাই ল'ব পৰা নাছিল । কিন্তু মই লক্ষ্য কৰিছিলো যে তেওঁৰ শৰীৰচৰ্চৰ বাবে জন্মগত প্ৰতিভা আছে । সৰিতা এটা সুন্দৰ শৰীৰৰ গৰাকী আছিল আৰু শৰীৰচৰ্চাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছিল ।" ভগীৰথে কয় ।

"প্ৰতিযোগিতাত যোগদান কৰাৰ অনুপ্ৰেৰণাৰ বিষয়ে সৰিতাই কয়, "২০১২ চনত মই মোৰ স্বামীৰ তত্বাৱধানত ব্যায়ামাগাৰলৈ যোৱা আৰম্ভ কৰিলো । মই খুব ভাল ফলাফল প্ৰদৰ্শন কৰিছিলেো আৰু অতি সোনকালে সুন্দৰ পেশীৰ গৰাকী হ'লো । এই ফলাফল দেখি সকলো যথেষ্ট প্ৰভাৱিত হ'ল । জীমৰ প্ৰশিক্ষকে মোক অনুপ্ৰাণিত কৰিলে প্ৰতিযোগিতাত যোগদান কৰিবলৈ।" এইদৰেই প্ৰশিক্ষক, স্বামী আৰু স্বামীগৃহৰ আন লোকৰ অনুপ্ৰেৰণাত সৰিতাই সেই বছৰতে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত যেগদান কৰিলে । মিছ কাংলেইপাক নামৰ ৰাজ্যিক স্তৰৰ এই প্ৰতিযোগিতাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে । এই সফলতাত উৎসাহী হৈ পিছৰ বছৰ তেওঁ আকৌ এই প্ৰতিযোগিতাত যোগদান কৰি আকৌ ৰূপৰ পদক অৰ্জন কৰে ।

image


২০১৪ চনত সৰিতাই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰে । সেই বছৰ উড়িশ্যাত অনুস্থিত এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে যদিও কোনো পদক পাবলৈ সক্ষম নহ'ল । এক বছৰতেই তেওঁ মকাওত অনুস্থিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু পঞ্চম স্থান লাভ কৰে। সেই বছৰতে ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত বিশ্ব চেম্পিয়নশ্বিপ অনুস্থিত হয় আৰু এই প্ৰতিযেগিতাতো তেওঁ পঞ্চম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় । ২০১৫ চনত তেওঁ বাঙ্গালুৰুত অনু্স্থিত সতীশ সাগৰ ক্লাছিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভাৰঅল চেম্পিয়নৰ খিতাপ লাভ কৰে । একে বছৰতে উজবেকিস্তানত অনুস্থিত ৪৯তম এছিয়ান বডী বিল্ডিং চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক অৰ্জন কৰে । ২০১৬ চনত তেওঁ বেংককত অনুস্থিত বিশ্ব চেম্পিয়নশ্বিত ব্ৰঞ্জৰ পদক জয় কৰে । সেই বছৰতে মহাৰাষ্ট্ৰত অনুস্থিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ অভাৰঅল চেম্পিয়নৰ খিতাপ দখল কৰে। এক বছৰতে ভুটানত অনুস্থিত ৫০তম এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক আৰু পাট্টায়াত অনুস্থিত বিশ্ব চেম্পিয়নশ্বিপত চতুৰ্থ স্থান অধিকাৰ কৰে । ২০১৭ চনত তেওঁ মধ্য প্ৰদেশত অনুস্থিত চিনিয়ৰ উইমেনছ চেম্পিয়নশ্বিপ জয় কৰাৰ লগতে গৰগাঁৱত অনুস্থিত মিঃ ইণ্ডিয়া প্ৰতিযোগিতাত চিনিয়ৰ উইমেনছ মিছ ইণ্ডিয়া খিতাপ জয় কৰে । অলপতে দক্ষিণ কোৰিয়াত অনুস্থিত ৫১তম এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰে । বৰ্তমান তেওঁ মঙ্গোলীয়াত অনুস্থিত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাই আছে । বিগত পাঁচবছৰ ধৰি তেওঁ মণিপুৰত ৰাজ্যিক চেম্পিয়মনৰ খিতাপ দখল কৰি আহিছে ।

image


সৰিতাৰ স্বামীগৃহৰ লোকসকলে তেওঁক সদায় উৎসাহ আৰু উদগনি যোগাই আহিছে । সৰিতাৰ স্বামী ৩৫ বছৰীয়া ভগীৰথে বিশ্বাস কৰে যে শক্তিশালী আৰু সফল মহিলাক লৈ পুৰুষসকল নিৰপত্তহীনতাত ভোগাৰ কোনো কাৰণ নাই । ভগীৰথে কয়, 

"এগৰাকী মহিলাক ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি তেওঁৰ প্ৰতিভা নিঃশেষ কৰি পেলাৱাটো অনুচিত । মই সৰিতাক কৈছিলো ঘৰৰ বহিৰলৈ গৈ আন দহগৰাকী মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'বলৈ । যেতিয়া আন মহিলাসকলে বিশেষকৈ যুৱতীসকলে সৰিতাৰ সফলতা দেখে তেতিয়া তেওঁলোক অনুপ্ৰাণিত হয় । সৰিতাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা দেখি তেওঁলোকো ডাঙৰ কিবা এটা কৰিবলৈ অনুপ্ৰাণিত হয় যিটো অতি গুৰুত্বপূৰ্ণ কথা ।"
স্বামী ভগীৰথৰ সৈতে সৰিতা

স্বামী ভগীৰথৰ সৈতে সৰিতা


বৰ্তমান সৰিতাই বহু পুৰুষ-মহিলাক প্ৰশিক্ষণ দিয়ে । ইয়াৰে বহুকেইজনে ইতিমধ্যে শৰীৰ চৰ্চাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে । সমগ্ৰ ভাৰতৰে বহু পুৰুষ আৰু মহিলাৰ বাবে তেওঁ প্ৰেৰণাৰ উৎস ।

সৰিতাই সফলতাৰে নিজৰ পাৰিবাৰিক জীৱন আৰু কেৰিয়াৰৰ মাজত সামঞ্জস্য ৰক্ষা কৰিছে । নিয়মিত ব্যায়াম, প্ৰতিযোগিতাৰ প্ৰস্তুতি, আনক প্ৰশিক্ষণ দিয়া আৰু নিজৰ দুই পুত্ৰ তাম' আৰু নানাওৰ  চোৱা-চিতা কৰা এই সকলোবোৰ কাম তেওঁ সমানে চলাই গৈছে । স্বামীগৃহৰ সকলো সদস্য তেওঁক লৈ গৌৰবান্বিত । সৰিতাই কয়, "প্ৰতিগৰাকী মহিলা এগৰাকী ভাল মাতৃ হোৱা দৰকাৰ যাতে তেওঁ নিজৰ সন্তানক সৎ, চৰিত্ৰৱান আৰু যোগাত্মক মানসিকতা সম্পন্ন কৰি গঢ়ি তুলিব পাৰে । মহিলাসকলে ক্ৰীড়া সম্পৰ্কে সজাগতা সৃষ্টি কৰাও দৰকাৰ । ক্ৰীড়া কেৱল স্বাস্থ্যৰক্ষাৰ মাধ্যম নহয় । ই সমাজত নিয়মানুৱৰ্তীতা আৰু নৈতিকতা গঢ়াৰো মাধ্যম । নিয়মানুৱৰ্তীতা আৰু নৈতিকতাৰ ওপৰত প্ৰতিস্থিত এখন সমাজ নিশ্চয় শান্তিপূৰ্ণ হ'বই । সৰিতাই কয় ।

স্বামী আৰু শহুৰৰ সৈতে সৰিতা

স্বামী আৰু শহুৰৰ সৈতে সৰিতা


( ইমমাচা হাইছনামৰ সহযোগত )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নিয়তিৰ নিষ্ঠুৰ পৰিহাসে অধিক শক্তিশালী কৰিলে প্ৰদীপ কুমাৰক

শ্যামকানু মহন্ত : অসম আৰু উত্তৰ-পূবক ৰাষ্ট্ৰীয় স্তৰত ডাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই অহা এজন উদ্যমী

কৃষিখণ্ডৰ উন্নয়নৰ বাবে এক মঞ্চ krixomnet